অসমৰ উচ্চশিক্ষা আৰু গৱেষণাক্ষেত্ৰলৈ এক গৌৰৱময় খবৰ কঢ়িয়াই আনিছে তেজপুৰ বিশ্ববিদ্যালয়ে। অসমৰ গৌৰৱৰ প্ৰতীক তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাসায়নিক বিজ্ঞান বিভাগৰ তিনিগৰাকী অধ্যাপকে বিশ্বব্যাপী বিশেষ সাফল্য অৰ্জন কৰিছে। ২০২৫ চনৰ SciRank Global Scientist Index-ত তেওঁলোক বিশ্বৰ শীৰ্ষ ৫% বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে। এই সন্মান লাভ কৰা অধ্যাপককেইগৰাকী হৈছে হৈছে — উৎপল বৰা, পংকজ ভৰালী আৰু বিপুল চন্দ্ৰ শৰ্মা।
SciRank Global Scientist Index কি?
SciRank Global Scientist Index হৈছে এক আন্তঃৰাষ্ট্ৰীয় গৱেষক মূল্যায়ন ব্যৱস্থা, যিয়ে যিয়ে বিশ্বজুৰি লাখ লাখ সক্ৰিয় গৱেষকৰ বৈজ্ঞানিক অৱদান, গৱেষণা প্ৰকাশন, উদ্ধৃতিৰ প্ৰভাৱ আৰু সামগ্ৰিক বৈজ্ঞানিক কৃতিত্বৰ ভিত্তিত মূল্যায়ন কৰে। এই সূচীত স্থান লাভ কৰাটো বিশ্বমানৰ গৱেষণাগত স্বীকৃতি হিচাপে গণ্য কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি, এই সূচকে বিশ্বজুৰি লাখ লাখ সক্ৰিয় গৱেষকৰ প্ৰফাইল আৰু বৈজ্ঞানিক গৱেষণা-পত্ৰসমূহৰ বিশ্লেষণ কৰি উল্লেখযোগ্য বৈজ্ঞানিক প্ৰভাৱ সৃষ্টি কৰা গৱেষকসকলক চিহ্নিত কৰে। ইয়াৰ বাবে এক বিশেষ Bibliometric Framework ব্যৱহাৰ কৰা হয়, যিয়ে গৱেষণাৰ গুণগত মান আৰু প্ৰভাৱৰ সঠিক মূল্যায়ন কৰে।
অসম তথা বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা অধ্যাপক তিনিগৰাকীৰ সবিশেষ
১. উৎপল বৰা
অধ্যাপক বৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ অন্যতম বিশিষ্ট গৱেষক। জৈৱ-ৰসায়ন, বায়’টেকন’লজী, ঔষধ উদ্ভাৱন আৰু নেন’প্ৰযুক্তি আদি ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য গৱেষণা আছে। তেওঁৰ বহু গৱেষণা প্ৰবন্ধ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাময়িকীত প্ৰকাশ পাইছে আৰু বিশ্বজুৰি গৱেষকসকলে সেয়া উদ্ধৃত কৰিছে।
২. পংকজ ভৰালী
অধ্যাপক ভৰালীৰ গৱেষণাৰ মুখ্য ক্ষেত্ৰ হৈছে অজৈৱ ৰসায়ন (Inorganic Chemistry), নেন’মেটেৰিয়েল আৰু উন্নত পদাৰ্থ বিজ্ঞান। নতুন ধৰণৰ উপাদান বিকাশ আৰু তাৰ প্ৰয়োগমূলক সম্ভাৱনা সম্পৰ্কে তেওঁৰ গৱেষণাই বিশেষ স্বীকৃতি লাভ কৰিছে।
৩. বিপুল চন্দ্ৰ শৰ্মা
অধ্যাপক শৰ্মাই ৰাসায়নিক বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ গৱেষণা আগবঢ়াই আহিছে। বিশেষকৈ নতুন যৌগ, পদাৰ্থৰ গুণাগুণ আৰু প্ৰয়োগমুখী ৰাসায়নিক প্ৰযুক্তি উন্নয়নত তেওঁৰ অৱদান উল্লেখযোগ্য।
অধ্যাপককেইগৰাকীলৈ আগবঢ়োৱা এই স্বীকৃতিয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাসায়নিক বিজ্ঞান বিভাগত চলি থকা উচ্চমানৰ গৱেষণা কাৰ্যকলাপক বিশ্বমঞ্চত নতুন মৰ্যাদা প্ৰদান কৰিছে। একে সময়তে, বিভাগটোৰ গৱেষণা-সাফল্য আৰু বৈজ্ঞানিক সমাজলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰো ই এক শক্তিশালী স্বীকৃতি। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কয় যে এই সাফল্যই বিভাগটোৰ উৎকৃষ্ট গৱেষণা উৎপাদন, বৈজ্ঞানিক উদ্ভাৱন আৰু বিশ্বমানৰ গৱেষণা সংস্কৃতিৰ প্ৰতিফলন ঘটাইছে। লগতে এই কৃতিত্বে আগন্তুক দিনত বিশ্ববিদ্যালয়খনৰ গৱেষণা ক্ষেত্ৰত নতুন প্ৰেৰণাৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















