• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

2 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

2 minutes ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

39 minutes ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

2 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

3 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

3 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

4 hours ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

5 hours ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

6 hours ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

7 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ পৰিশ্ৰমৰ ফল পাব ৫ ৰাশিয়ে! কাৰ কাৰ সলনি হ’ব ভাগ্য জানক

7 hours ago
একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

8 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

জাংক ফুডে অনিষ্ট কৰে দাঁতৰ, ভুল কৰিলে অস্ত্ৰোপচাৰৰো সন্মুখীন হ’ব আপুনি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

editor by editor
June 23, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক
0
SHARES
310
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্মসংস্থানৰ দৈনন্দিন ব্যস্ততাৰ মাজত বহুতে নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ সময়েই নাপায়। কামৰ সময় বৃদ্ধি পোৱা আৰু কেৰিয়াৰ উন্নয়নৰ লক্ষ্যত বহু লোকে অফিচৰ কাম ঘৰলৈও লৈ যায়। ইয়াৰ ফলত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰে। সেইবাবেই আজিকালি স্বাস্থ্য বিশেষজ্ঞসকলে ব্যস্ত জীৱনশৈলী থকা লোকসকলক মাংসপেশী আৰু হাড়ৰ সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ প্ৰতিদিনে ১০,০০০ খোজ খোজকাঢ়িবলৈ পৰামৰ্শ দিয়ে। এগৰাকী চিকিৎসা বিশেষজ্ঞৰ মতে আজিকালি অধিকাংশ তেনে লোকে গাঁঠিৰ জড়তা, মাংসপেশীৰ দুৰ্বলতা, পিঠিৰ বিষ, স্থূলতা আৰু সহনশীলতা হ্ৰাস পোৱাৰ দৰে সমস্যাৰ অভিযোগ কৰে। এই সমস্যাসমূহৰ মূল কাৰণ হৈছে গতিহীন জীৱনশৈলী। অফিচত ডেক্স-জব কৰাৰ ফলত শাৰীৰিক ক্ৰিয়াকলাপ কমি যায়। সেয়ে, সময় কম থাকিলেও প্ৰতিদিনে কমেও ১০,০০০ খোজ খোজকাঢ়াৰ লক্ষ্য পূৰণ কৰিবলৈ পৰামৰ্শ দিয়ে বিশেষজ্ঞই।

প্ৰতিদিনে ১০,০০০ খোজ খোজকাঢ়াৰ উপকাৰিতা

১০,০০০ খোজৰ লক্ষ্য প্ৰথমে ১৯৬০ চনত জাপানত জনপ্ৰিয় হৈছিল। যদিও আধুনিক গৱেষণাই দেখুৱাইছে যে নিয়মিতভাৱে অধিক খোজকাঢ়া স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। অৱশ্যে আৰম্ভণিতে ১০,০০০ খোজ সম্পূৰ্ণ কৰাটো কঠিন হ’ব পাৰে কিন্তু নিয়মিতভাৱে অভ্যাস কৰিলে সোনকালেই এই লক্ষ্যত উপনীত হ’ব পৰা যায়। বিশেষজ্ঞসকলৰ মতে, শাৰীৰিক ক্ৰিয়াকলাপ বৃদ্ধি কৰাৰ মূল উদ্দেশ্য হৈছে শৰীৰক সক্ৰিয় কৰি ৰখা। যদি আপুনি বৰ্তমান কম খোজকাঢ়ে, তেন্তে ধীৰে ধীৰে খোজৰ সংখ্যা বৃদ্ধি কৰিলেও উল্লেখযোগ্য স্বাস্থ্যগত লাভ পোৱা যায়। প্ৰতিদিনে ১০,০০০ খোজ খোজকাঢ়াৰ উপকাৰিতাসমূহ এনে ধৰণৰ
১) হাড় আৰু মাংসপেশী শক্তিশালী কৰে
যদিও খোজকাঢ়া কম প্ৰভাৱ পেলোৱা এক ব্যায়াম, তথাপিও ই হাড় আৰু গাঁঠিৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই গাঁঠিৰ ওচৰৰ মাংসপেশীসমূহ শক্তিশালী কৰে, শৰীৰৰ নমনীয়তা বৃদ্ধি কৰে আৰু হাড়ৰ ঘনত্ব (Bone Density) উন্নত কৰাত সহায় কৰে। নিয়মিত খোজকাঢ়াৰ ফলত গাঁঠিৰ স্বাভাৱিক স্নিগ্ধতা বৃদ্ধি পায়, যাৰ ফলত জড়তা কমে আৰু চলাফেৰাৰ ক্ষমতা উন্নত হয়। ইয়াৰ উপকাৰ সকলো বয়সৰ লোকেই লাভ কৰিব পাৰে। তদুপৰি, নিয়মিত দীঘলীয়া খোজকাঢ়া লোকসকলৰ ভাৰসাম্য, শৰীৰৰ ভংগী (Posture) আৰু মাংসপেশীৰ সহনশীলতা সময়ৰ লগে লগে উন্নত হয়।
২) হৃদযন্ত্ৰ সুস্থ ৰাখে
হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ বাবে খোজকাঢ়া অন্যতম ফলপ্ৰসূ উপায়। নিয়মিত খোজকাঢ়াৰ ফলত ৰক্তসঞ্চালন উন্নত হয় আৰু হৃদযন্ত্ৰ অধিক কাৰ্যক্ষমভাৱে কাম কৰিব পাৰে। ই উচ্চ ৰক্তচাপ, বেয়া ক’লেষ্টেৰল আৰু হৃদৰোগৰ আশংকা হ্ৰাস কৰাত সহায়ক। অধিক খোজকাঢ়া লোকসকলৰ কাৰ্ডিঅ’ভাস্কুলাৰ স্বাস্থ্য সাধাৰণতে অধিক উন্নত দেখা যায়।
৩) ওজন নিয়ন্ত্ৰণত সহায় কৰে
ওজন বা স্থূলতা নিয়ন্ত্ৰণ কৰিব বিচৰা লোকসকলক সাধাৰণতে কেল’ৰী গ্ৰহণ কমোৱা আৰু অধিক কেল’ৰী দহন কৰাৰ বাবে শাৰীৰিক ক্ৰিয়াকলাপ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়া হয়। খোজকাঢ়া ইয়াৰ এক সহজ আৰু ফলপ্ৰসূ উপায়। খোজকাঢ়াৰ সময়ত শৰীৰে শক্তি ব্যৱহাৰ কৰে, যাৰ ফলত কেল’ৰী দহন হয়। সুষম আহাৰৰ সৈতে নিয়মিত খোজকাঢ়াৰ অভ্যাস গঢ়ি তুলিলে ওজন নিয়ন্ত্ৰণত যথেষ্ট সহায় পোৱা যায়। লগতে, ই শৰীৰৰ বিপাকীয় ক্ৰিয়াকলাপ (Metabolism) সক্ৰিয় কৰি ৰাখে।
৪) মন-মগজু সতেজ ৰাখে
খোজকাঢ়া কেৱল শাৰীৰিক স্বাস্থ্যৰ বাবেই নহয়, মানসিক স্বাস্থ্যৰ বাবেও অতি উপকাৰী। খোজকাঢ়াৰ সময়ত শৰীৰত এণ্ড’ৰফিন আৰু অন্যান্য ‘ফিল-গুড’ হৰম’ন নিঃসৰণ হয়, যিয়ে মানসিক চাপ আৰু উদ্বেগ কমোৱাত সহায় কৰে। বহুতে নিয়মিত খোজকাঢ়াৰ ফলত মানসিক সতেজতা, ইতিবাচক চিন্তাধাৰা আৰু সুখানুভূতি অনুভৱ কৰে।
৫) ডায়েবেটিছৰ আশংকা হ্ৰাস কৰে
প্ৰতিদিনে ১০,০০০ খোজ বা দীঘলীয়া সময় খোজকাঢ়িলে ৰক্তত শর্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় হয়। বিশেষকৈ আহাৰৰ পিছত খোজকাঢ়িলে গ্লুক’জৰ মাত্ৰা অধিক সুস্থভাৱে নিয়ন্ত্ৰিত হয়, যাৰ ফলত হঠাতে শর্কৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা কমে। নিয়মিত খোজকাঢ়াৰ ফলত ডায়েবেটিছৰ লগতে আন বহু ৰোগৰ আশংকাও হ্ৰাস পায়।

বিভিন্ন তথ্যৰ সহায়ত এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক
বিবিধ

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

June 23, 2026
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!
বাণিজ্য

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

June 23, 2026
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?
ভাৰত

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

June 23, 2026
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?
জীৱনশৈলী

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

June 23, 2026
Next Post
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

'শ্ৰী ৰাম'ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.