ফেশ্বনৰ প্ৰতি আকৰ্ষিত যুৱক-যুৱতীৰ বাবে এই বিশেষ প্ৰতিবেদন। এক নিৰ্দিষ্ট শৈলীৰ পোছাক, নিৰ্দিষ্ট ৰঙৰ মিশ্ৰণ আৰু নিৰ্দিষ্ট ফেব্ৰিকছেৰে কেনেকৈ নিজক অনন্য কৰিব পাৰি সেয়া যেন পলক তিৱাৰীয়ে ভালকৈয়ে জানে। বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰীৰ দৰেই তেওঁৰ কন্যা পলক তিৱাৰীও নিজৰ ফেশ্বন চইচ আৰু ষ্টাইলিছ লুকৰ বাবে বিশেষভাৱে পৰিচিত। প্ৰতিবাৰেই নতুন নতুন ফেশ্বন এক্সপেৰিমেণ্টেৰে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা পলকে এইবাৰো এক গ্লেমাৰাছ পাৰ্টি লুকেৰে সকলোকে মুগ্ধ কৰিছে। শেহতীয়াকৈ এটা ফটোশ্বুটত ২৫ বছৰীয়া এই সুন্দৰীগৰাকীক দেখা গ’ল এক মাল্টিকালাৰ মিনী স্কাৰ্ট-ছেটত। ক্ৰপড টপ আৰু বডি-হাগিং মিনী স্কাৰ্টত তেওঁ নিজৰ টোনড ফিগাৰ নিখুঁতভাৱে ফ্লণ্ট কৰি গ্লেমাৰৰ নতুন সংজ্ঞা দিছে। একৰ পিছত আন এক আকৰ্ষণীয় প’জেৰে পলকে যেন ফটোশ্বুটটোক অধিক চিত্তাকৰ্ষক কৰি তুলিছে। এই গ্লেমাৰাছ লুকটোৰ বাবে পলকক তৈয়াৰ কৰিছিল খ্যাতনামা চেলিব্ৰিটি ষ্টাইলিষ্ট যুটি ছোহেল মুগল আৰু ভিক্টৰ ৰবিনছনে। তেওঁৰ সাজ-পোছাকৰ প্ৰতিটো খুঁটিনাটি আছিল একেবাৰে নিখুঁত।
প্ৰায় ২৮ হাজাৰ টকাৰ মিনি স্কাৰ্ট

পলকে পিন্ধিছিল July Issue ব্ৰেণ্ডৰ এটা ষ্ট্ৰাইপ লেদাৰ ছেট, যাৰ মূল্য ব্ৰেণ্ডটোৰ অফিচিয়েল ৱেবছাইট অনুসৰি প্ৰায় ২৭,৯৯৯ টকা। ছেটটোত ছানচেট অৰেঞ্জ, চাৰক’ল, মাস্টাৰ্ড আৰু ৱাইন ৰঙৰ হৰাইজন্টেল ষ্ট্ৰাইপ ডিজাইন ব্যৱহাৰ কৰা হৈছে, যিয়ে সমগ্ৰ লুকটোক এক সাহসী আৰু আধুনিক আবেদন দিবলৈ সক্ষম হৈছে। এই টু-পিছ আউটফিটটো প্ৰিমিয়াম ফ’ক্স লেদাৰ আৰু ক্ৰিস্প টাফেটা ফেব্ৰিকৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা হৈছে। ফ’ক্স লেদাৰৰ স্মুথ টেক্সচাৰ আৰু টাফেটাৰ ষ্ট্ৰাকচাৰ্ড ফিনিছে পোছাকটোক অধিক প্ৰিমিয়াম আৰু ক্লাছি ৰূপ দিছে। লুকটোৰ অন্যতম আকৰ্ষণ আছিল ইয়াৰ হ’ল্টাৰ-নেক ষ্টাইল ক্ৰপ টপ আৰু এজি ইউটিলিটেৰিয়ান বেল্ট ডিটেইলিং।
হ’ল্টাৰ নেক, কোমৰ আৰু স্কাৰ্টত ব্যৱহৃত বেল্টৰ গোল্ড বাকল আৰু সৰু সৰু মেটেলিক চাৰ্কল পেটাৰ্নে সাজটোত এক নাটকীয় আৰু ভিজুৱেলি ইমপেক্টফুল টাচ যোগ কৰিছে।
ফেশ্বন বিশেষজ্ঞসকলৰ মতে, প্ৰিমিয়াম ফ’ক্স লেদাৰ হৈছে উচ্চমানৰ ছিন্থেটিক সামগ্ৰী, যিয়ে প্ৰকৃত লেদাৰৰ দৰে চহকী লুক আৰু ষ্ট্ৰাকচাৰ্ড ফল দিয়ে। আনহাতে, টাফেটা হৈছে এক লাইটৱেইট আৰু চকচকে ফেব্ৰিক, যিয়ে পোছাকত পলিছড আৰু এলিগেণ্ট ফিনিছ যোগ কৰে। এই দুয়োটা ফেব্ৰিকৰ নিখুঁত সংমিশ্ৰণে পলক তিৱাৰীৰ এই ষ্ট্ৰাইপড ছেটটোক আধুনিক, গ্লেমাৰাছ আৰু পাৰ্টিৰ বাবে একেবাৰে উপযুক্ত কৰি তুলিছে। যদি আপুনিও এই ধৰণৰ ছিজলিং আৰু মডাৰ্ণ লুক বিচাৰে, তেন্তে পলকৰ এই ফেশ্বন ষ্টাইলৰ পৰা নিশ্চয় অনুপ্ৰেৰণা ল’ব পাৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ