• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

2 months ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

3 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

3 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

4 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

4 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

5 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

6 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

6 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

7 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

8 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

9 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

9 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

এটুপি পানীৰ বাবে ছটফটোৱা পাকিস্তানৰ সীমান্তত সামৰিক তৎপৰতা বৃদ্ধিৰ নাটক

editor by editor
June 24, 2026
in বিশ্ব, ভাৰত, ৰাজনীতি
0
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেহেলগামত সংঘটিত স*ন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে সিন্ধু নদীৰ পানী প্ৰবাহক লৈ ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। পাকিস্তানলৈ প্ৰৱাহিত সিন্ধু নদীৰ গতি ৰোধ কৰা ভাৰতৰ পদক্ষেপৰ ফলত তীব্ৰ জল-সংকটত ভুগিছে পাকিস্তান। সিন্ধু নদীৰ পানী নাপায় আন্তঃৰাষ্ট্ৰীয় আদালতলৈ বিষয়টো লৈ যোৱা পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় আদালততো বেয়াকৈ মুখ ঠেকেচা খাইছে। আন্তঃৰাষ্ট্ৰীয় আদালতৰ ৰায়ৰ পিছত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে এইবাৰ ভাৰতক দিছে আক্ৰমণৰ ভাবুকি। ইফালে পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰেও ভাৰত-পাক সীমান্তত সামৰিক প্ৰস্তুতি অধিক জোৰদাৰ কৰিছে বুলি বিভিন্ন সূত্ৰই দাবী কৰিছে। ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখা (LoC)ৰ কাষত পাকিস্তান সেনাৰ ৮টা ব্ৰিগেডে ৩৫টা এণ্টি-ড্ৰোন ইউনিট মোতায়েন কৰিছে বুলি খবৰ ওলাইছে। পাকিস্তানে শেহতীয়াকৈ ইলেক্ট্ৰ’নিক ৱাৰফেয়াৰ আৰু কাউণ্টাৰ-ড্ৰোন গ্ৰীডো গঢ়ি তুলিছে বুলি খবৰ বিয়পাইছে। সূত্ৰ অনুসৰি, আফগানিস্তান সীমান্তত নিয়োজিত ৫টা পাক বেটেলিয়নক স্থানান্তৰ কৰি LoCৰ ৰাৱালাকোট, কোটলি আৰু ভীম্বৰ খণ্ডত মোতায়েন কৰা হৈছে। উল্লেখ্য যে এই অঞ্চলসমূহৰ জৰিয়তেই পূৰ্বতে ভাৰতত স*ন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ বহু অভিযোগ উত্থাপিত হৈছিল।

পাকিস্তানক ৫ম প্ৰজন্মৰ যুঁজাৰু বিমান দিব চীনে!

‘অপাৰেচন সিন্দূৰ’ৰ পিছত চীনে পাকিস্তানক ৩৬খন মাল্টি-ৰ’ল J-ছিৰিজৰ যুঁজাৰু বিমান যোগান ধৰা বুলি দাবী কৰা হৈছে। আমেৰিকাৰ পেণ্টাগনৰ এক প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ F-35ৰ চীনা সংস্কৰণ J-35 যুঁজাৰু বিমানো চলিত বছৰৰ শেষৰ ফালে পাকিস্তানক প্ৰদান কৰা হ’ব পাৰে। এই বিমানৰ পৰীক্ষামূলক উৰণ ইতিমধ্যে সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে। চীনে পাকিস্তানক ড্ৰোন যোগান ধৰাৰ খবৰৰ সমান্তৰালকৈ তুৰস্কে কৰাচীৰ সমীপত যৌথভাৱে এক কম্বেট ড্ৰোন সংযোজন (Assembly) প্লাণ্ট স্থাপন কৰিছে। এই কাৰখানাত বছৰি প্ৰায় ৭০০টা ড্ৰোন নিৰ্মাণ কৰাৰ লক্ষ্য ৰখা হৈছে। পাকিস্তানে এই ড্ৰোনসমূহ বাংলাদেশলৈ ৰপ্তানি কৰাৰ বাবে এখন বুজাবুজি চুক্তিতো স্বাক্ষৰ কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও তুৰস্কে পাকিস্তানৰ বাবে MILGEM শ্ৰেণীৰ ছাবমেৰিন নিৰ্মাণ কৰি আছে বুলি নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ পাইছে। চলিত বছৰৰ শেষৰ ফালে পাকিস্তানে এই ছাবমেৰিন লাভ কৰিব পাৰে।

ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

দুদিন পূৰ্বে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ বিষয়ত ভাৰতক তীব্ৰ ভাষাৰে সমালোচনা কৰি যুদ্ধৰ ভাবুকি দিছিল। পাকিস্তানী সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত আছিফে কয় যে, যদি পাকিস্তানৰ জল-সুৰক্ষা বিপদত পৰে বুলি অনুভৱ কৰে, তেন্তে দেশখনে ভাৰতৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ সিদ্ধান্ত ল’ব পাৰে। তেওঁ অভিযোগ কৰে যে ভাৰতে পাকিস্তানলৈ প্ৰৱাহিত কৰা পানীত হস্তক্ষেপ কৰি ইয়াক কৌশলগত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। যদিও তেওঁ স্বীকাৰ কৰে যে এই বিষয়ত শেহতীয়াকৈ কি কি পৰিবৰ্তন ঘটিছে, সেই সম্পৰ্কে তেওঁৰ হাতত সম্পূৰ্ণ তথ্য নাই। উল্লেখ্য যে ২০২৫ৰ এপ্ৰিল মাহত পেহেলগামত সংঘটিত স*ন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নি*হত হোৱাৰ পিছত ভাৰতে ১৯৬০ চনৰ সিন্ধু জল চুক্তি স্থগিত ৰাখে। এই সন্দৰ্ভত ভাৰতৰ স্পষ্ট মত এয়াই যে-পাকিস্তানে স*ন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰালৈকে এই চুক্তি পুনৰ কাৰ্যকৰী কৰা নহ’ব।

খোৱাজাৰ মন্তব্যক লৈ কি প্ৰতিক্ৰিয়া ভাৰতৰ?

ইপিনে ভাৰতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফৰ সাম্প্ৰতিক যুদ্ধ-সম্পৰ্কীয় মন্তব্যক তীব্ৰ ভাষাৰে খণ্ডন কৰি কয় যে-ইছলামাবাদে নিজৰ আভ্যন্তৰীণ সমস্যা আৰু মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈ এনে মন্তব্য আগবঢ়াইছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সংবাদমেলযোগে কয় যে-পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ভিত্তিহীন আৰু মনেসজা অভিযোগ উত্থাপন কৰি নিজৰ দেশৰ আভ্যন্তৰীণ সংকটসমূহৰ পৰা মনোযোগ বিচ্যুত কৰাৰ অপচেষ্টা চলাই আছে। তেওঁ লগতে কয় যে ‘পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মন্তব্য সম্পৰ্কে আমি সংবাদমাধ্যমৰ জৰিয়তে অৱগত হৈছোঁ। এনে মন্তব্য পাকিস্তানৰ নিজৰ ব্যৰ্থতা ঢাকিবলৈ আৰু দেশখনত সংঘটিত মানৱ অধিকাৰ উলংঘনৰ ঘটনাসমূহৰ পৰা দৃষ্টি আঁতৰাবলৈ কৰা এক হতাশাজনক প্ৰচেষ্টা। ভাৰতে এই মনেসজা আৰু ভিত্তিহীন অভিযোগসমূহ সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে আৰু ইয়াক উপযুক্ত অৱজ্ঞাৰে নস্যাৎ কৰে।’

কি এই সিন্ধু জল চুক্তি?

সিন্ধু নদী ব্যৱস্থাত মুঠ ৬খন নদী অন্তৰ্ভুক্ত আছে—সিন্ধু, ঝিলম, চেনাব, ৰাভী, বিয়াছ আৰু শতদ্ৰু (সতলুজ)। এই নদীসমূহৰ অৱবাহিকা প্ৰায় ১১.২ লাখ বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত। ইয়াৰ ভিতৰত ৪৭% পাকিস্তানত, ৩৯% ভাৰতত, ৮% চীনত আৰু ৬% আফগানিস্তানত আছে। এই অঞ্চলসমূহত প্ৰায় ৩০ কোটি লোকে বসবাস কৰে। ১৯৪৭ চনত ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ আগৰে পৰাই পঞ্জাব আৰু সিন্ধ প্ৰদেশৰ মাজত নদীৰ পানীক লৈ মতানৈক্য চলি আহিছিল। ১৯৪৭ চনত দুয়োখন দেশৰ অভিযন্তাসকলৰ মাজত ‘ষ্টেণ্ডষ্টিল এগ্ৰিমেণ্ট’ স্বাক্ষৰিত হয়, যাৰ অধীনত দুটা মুখ্য নদীৰ জৰিয়তে পাকিস্তানলৈ পানী যোগান ধৰা হৈছিল। এই চুক্তিৰ ম্যাদ ১৯৪৮ চনৰ ৩১ মাৰ্চত শেষ হয়। ১ এপ্ৰিল ১৯৪৮ত চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছত ভাৰতে দুখন নৈৰ পানী প্ৰবাহ বন্ধ কৰি দিয়ে। ফলত পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ প্ৰায় ১৭ লাখ একৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছিল বুলি কোৱা হয়। পাছত পুনৰ আলোচনা কৰি ভাৰতে পানী যোগান অব্যাহত ৰাখিবলৈ সন্মত হয়। ইয়াৰ পিছত ১৯৫১ চনৰ পৰা ১৯৬০ চনলৈকে বিশ্ব বেংকৰ মধ্যস্থতাত দুয়ো দেশৰ মাজত আলোচনা চলে। অৱশেষত ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত কৰাচীত ভাৰতৰ তৎকালীন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত ঐতিহাসিক চুক্তিখন স্বাক্ষৰিত হয়। এই চুক্তিয়েই ‘ইণ্ডাছ ৱাটাৰ ট্ৰিটি’ বা ‘সিন্ধু জল চুক্তি’ নামেৰে পৰিচিত।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্য়োতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24India Pakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick
বিনোদন

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

August 26, 2026
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ
ভাৰত

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা
অপৰাধ

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

August 26, 2026
Next Post
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.