কাইলৈ অৰ্থাৎ ২৫ জুনত পালন কৰা হ’ব নির্জলা একাদশী ব্ৰত। শাস্ত্ৰ অনুসৰি ইয়াক সকলো একাদশীৰ ভিতৰত সবাতোকৈ পুণ্যদায়ক আৰু মহত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই ব্ৰতত জল গ্ৰহণ নকৰাকৈ উপবাস পালন কৰা হয়। এই বছৰত অধিকমাহ পৰাৰ বাবে এই একাদশীৰ ফল ২৬টা একাদশীৰ সমান বুলি বিশ্বাস কৰা হয়। এই ব্ৰত পাণ্ডু-পুত্ৰ ভীমৰ সৈতে জড়িত হোৱা বাবে ইয়াক ভীমসেনী একাদশী বুলিও কোৱা হয়। এই দিনটোত ভগৱান শ্ৰীহৰি বিষ্ণুৰ পূজা আৰু ব্ৰত-কথা পাঠ কৰা অত্যন্ত শুভ বুলি ধৰ্মীয় বিশ্বাস আছে।
নিৰ্জলা একাদশী ব্ৰতৰ মান্যতা কি?
ধৰ্মীয় মান্যতা অনুসৰি নিৰ্জলা একাদশী ব্ৰত পালন কৰিলে বছৰৰ সকলো একাদশী অৰ্থাৎ ২৪টা একাদশীৰ পুণ্য লাভ হয়। অধিকমাহত এই ব্ৰত পালন কৰিলে ২৬টা একাদশীৰ পুণ্য ফল লাভ কৰা যায় বুলি কোৱা হয়। এই দিনটোত ভক্তসকলে কঠোৰ উপবাস ৰাখি বিধি-নীতি অনুসৰি শ্ৰী বিষ্ণুৰ আৰাধনা কৰে।
নির্জলা একাদশীৰ কাহিনী
এবাৰ বেদব্যাস মহাৰ্ষিৰ ওচৰলৈ গৈ ভীমসেনে ক’লে যে তেওঁৰ মাতৃ কুন্তী আৰু ভাতৃসকলে নিয়মিতভাৱে উপবাস আৰু দান-পূজা কৰে, কিন্তু তেওঁ উপবাস ৰাখিব নোৱাৰে। সেয়েহে তেওঁ পুণ্য কেনেকৈ লাভ কৰিব বুলি চিন্তিত হৈ আছে। ভীমসেনে লগতে আৰু কৈছিল যে-তেওঁ ক্ষুধা সহ্য কৰিব নোৱাৰে, কিয়নো তেওঁৰ পেটত ‘বৃক’ নামৰ অগ্নি আছে, যিয়ে সদায় খাদ্য বিচাৰে। সেয়ে তেওঁ দিনটোত বহু বাৰ খাদ্য গ্ৰহণ কৰিবলগীয়া হয়। তেওঁ বেদব্যাস মহাৰ্ষিৰ ওচৰত এনে এটা ব্ৰতৰ বিষয়ে জানিব বিচাৰিলে, যিটো বছৰত এবাৰেই পালন কৰিব লাগে আৰু যাৰ দ্বাৰা সকলো পাপ নাশ হয়। তেতিয়া বেদব্যাসে ক’লে যে জ্যেষ্ঠ শুক্ল পক্ষৰ একাদশীয়ে হৈছে সেই বিশেষ দিন, যাক নিৰ্জলা একাদশী বুলি কোৱা হয়। এই ব্ৰতত পানী আৰু খাদ্য একোৱেই গ্ৰহণ কৰিব নালাগে। যদি ভীমে এই ব্ৰত নিয়ম অনুসৰি পালন কৰে, তেন্তে তেওঁ সকলো একাদশীৰ পুণ্য আৰু মোক্ষ লাভ কৰিব। তাৰ পাছত ভীমে সম্পূৰ্ণ নিষ্ঠাৰে নিৰ্জলা একাদশী ব্ৰত পালন কৰিলে আৰু ভগৱান বিষ্ণুৰ পূজা কৰিলে। দ্বাদশী তিথিত তেওঁ ব্ৰতৰ পালন কৰিলে। ইয়াৰ ফলত শ্ৰীহৰিৰ কৃপা লাভ কৰি তেওঁৰ পাপ নাশ হ’ল আৰু তেওঁ মহা পুণ্য লাভ কৰিলে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















