প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াৰ ছিনিয়ৰ দলটোত স্থান লাভ কৰিবলৈ সক্ষম হোৱা বিস্ময় বালক বৈভৱ সূৰ্যবংশী ইতিমধ্যে দলীয় সতীৰ্থসকলৰ সৈতে ৰাওনা হৈছে আয়াৰলেণ্ডলৈ। আয়ৰলেণ্ডৰ বিৰুদ্ধে ৩খন T20ৰ শৃংখলাৰ প্ৰথমখন মেচ শুকুৰবাৰে বেলফেষ্টত খেলিব টীম ইণ্ডিয়াই। প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াৰ T20 দলটোৰ পূৰ্ণাংগ অধিনায়কৰ দায়িত্ব লাভ কৰা শ্ৰেয়াছ আয়াৰৰ দলটোত আছে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী। আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাটো সমাপ্ত হোৱাৰ পিছতে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে খেলিব ৫খন T20 মেচৰ এক শৃংখলা। ১ জুলাইৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’ব লগীয়া T20 শৃংখলাটোৰ প্ৰতিহে টীম ইণ্ডিয়াৰ অনুৰাগীসকলে বিশেষ আগ্ৰহেৰে ৰৈ আছে।
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিংৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ
বিশ্ব ক্ৰিকেটৰ বিস্ময় বালকৰূপে ইতিমধ্যে স্বীকৃতি লাভ কৰা বৈভৱ সূৰ্যবংশীয়ে মূল দলত স্থান লাভ কৰিলেও ছিনিয়ৰ দলটোৰ ড্ৰেছিং ৰূমৰ অভিজ্ঞতাৰ পৰা সদ্যহতে বঞ্চিত হ’ব বৈভৱ। ইংলেণ্ড ভ্ৰমণত এক বিশেষ ব্যৱস্থাৰ অধীনত খেলিব লাগিব বৈভৱ সূৰ্যবংশীয়ে। মাত্ৰ ১৫ বছৰ বয়সীয়া এই প্ৰতিভাশালী বেটাৰজনক ইংলেণ্ডত ভাৰতীয় দলৰ জ্যেষ্ঠ খেলুৱৈসকলৰ সৈতে একে ড্ৰেছিং ৰূম ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব। ইয়াৰ পৰিৱৰ্তে বৈভৱৰ বাবে ইতিমধ্যে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে পৃথক ড্ৰেছিং ৰূমসাজি উলিয়াইছে বুলি জানিব পৰা গৈছে।

বৈভৱৰ বাবে কিয় পৃথক ড্ৰেছিং ৰূমৰ ব্যৱস্থা?
ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ড (ECB)ৰ শিশু সুৰক্ষা আৰু কল্যাণ নীতি অনুসৰি ১৬ বছৰৰ তলৰ খেলুৱৈয়ে প্ৰাপ্তবয়স্ক খেলুৱৈসকলৰ সৈতে একে ড্ৰেছিং ৰূম ব্যৱহাৰ কৰিব নোৱাৰে। এই নিয়ম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)-ৰ সুৰক্ষা নিৰ্দেশনাৰ সৈতেও সামঞ্জস্যপূৰ্ণ। সেইবাবেই বৈভৱৰ বাবে প্ৰতিটো ভেন্যুত পৃথক সুবিধা নিশ্চিত কৰা হৈছে। অৱশ্যে বৈভৱক সম্পূৰ্ণৰূপে দলৰ পৰা পৃথক কৰি ৰখা নহ’ব। খেল চলি থকা সময়ত, দলীয় বৈঠক, কৌশলগত আলোচনা আৰু অন্যান্য আনুষ্ঠানিক কাৰ্যসূচীত তেওঁ ভাৰতীয় দলৰ মূল ড্ৰেছিং ৰূমত উপস্থিত থাকিব পাৰিব। কেৱল পোছাক সলনি কৰা আৰু ব্যক্তিগত সুবিধাৰ ক্ষেত্ৰতহে এই পৃথক ব্যৱস্থা প্ৰযোজ্য হ’ব। উল্লেখ্য যে, বৈভৱ সূৰ্যবংশীয়ে IPLত বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াই সমগ্ৰ ক্ৰিকেট জগতৰ দৃষ্টি আকৰ্ষণ কৰিছে। ভাৰতীয় জ্যেষ্ঠ দলত সুযোগ লাভ কৰাৰ পিছত আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণত তেওঁৰ সম্ভাৱ্য অভিষেকক লৈ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। ক্ৰিকেট মহলৰ মতে, এই ব্যৱস্থা কোনো বিশেষ সুবিধা বা VIP মৰ্যাদাৰ বাবে নহয়; বৰঞ্চ কিশোৰ খেলুৱৈৰ সুৰক্ষা, গোপনীয়তা আৰু মানসিক সুস্থতা নিশ্চিত কৰাৰ বাবে প্ৰচলিত আইন আৰু নিৰ্দেশনাৰহে অংশ। বৈভৱ সূৰ্যবংশীৰ দৰে কম বয়সতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ পোৱা খেলুৱৈৰ সংখ্যা অতি কম। সেয়েহে তেওঁৰ প্ৰতিভাৰ বিকাশৰ লগতে সুৰক্ষাৰ দিশটোও সমান গুৰুত্ব সহকাৰে বিবেচনা কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















