পাকিস্তানৰ বালুচিস্তান প্ৰদেশত বহু বছৰ ধৰি বলপূৰ্বকভাৱে নিখোজ হোৱা লোকসকলৰ ন্যায় বিচাৰি সংগ্ৰাম চলাই অহা বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডাঃ মাহৰাং বালোচক সামৰিক জোৱানৰ হ*ত্যাৰ গোচৰত আজীৱন কাৰাদণ্ড বিহা হৈছে। এই ঘটনাই পাকিস্তানৰ লগতে আন্তঃৰাষ্ট্ৰীয় মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ডাঃ মাহৰাং বালোচ বালুচ ইয়াকজেহতি কমিটি (BYC)-ৰ এগৰাকী অগ্ৰণী নেত্ৰী। তেওঁৰ সৈতে সংগঠনৰ আন এগৰাকী কৰ্মী চিবগাতুল্লাহ শাহকো হ*ত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছে। অভিযোগ অনুসৰি, ২০২৪ চনত গোৱাদৰ বন্দৰ চহৰত অনুষ্ঠিত এক প্ৰতিবাদ কাৰ্যসূচীৰ সময়ত তেওঁলোকে উত্তেজনামূলক ভাষণ দি জনতাক উচটনি দিছিল। ইয়াৰ ফলত উত্তেজিত জনতাই অৰ্ধসামৰিক বাহিনীৰ এখন গাড়ীত আক্ৰমণ চলায় আৰু সেই ঘটনাত ফেডাৰেল কনষ্টেবুলাৰীৰ জোৱান ছব্বিৰ আহমদ নি*হত হয়।

অৱশ্যে মাহৰাং বালোচ আৰু তেওঁৰ সহযোগীসকলে এই সকলো অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। তেওঁলোকৰ দাবী, এই গোচৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু ন্যায়সংগত বিচাৰৰ সুযোগ তেওঁলোকে লাভ কৰা নাই। বিচাৰ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি তেওঁলোকে আদালতৰ কাৰ্যসূচীও বৰ্জন কৰিছিল। আদালতে তেওঁলোকক আজীৱন কাৰাদণ্ড দিয়াৰ লগতে নি*হত জোৱানৰ পৰিয়ালক ২ লাখ পাকিস্তানী টকা ক্ষতিপূৰণ হিচাপে প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে।
উপযুক্ত আইনগত সুযোগ নিদিয়াৰ অভিযোগ
ইফালে এই ৰায়ৰ বিৰোধিতা কৰি পাকিস্তান মানৱ অধিকাৰ আয়োগে তাৎক্ষণিকভাৱে ৰায়টো পুনৰীক্ষণৰ দাবী জনাইছে। আয়োগৰ মতে, পাকিস্তান চৰকাৰে মানৱ অধিকাৰৰ বাবে শান্তিপূৰ্ণভাৱে মাত মাতি থকা লোকসকলকো উ*গ্ৰপন্থীৰ দৰে ব্যৱহাৰ কৰি আহিছে, যাৰ ফলত ন্যায়িক প্ৰক্ৰিয়াত পক্ষপাতিত্ব দেখা গৈছে।

মাহৰাং বালোচৰ ভগ্নী তথা অধিবক্তা নাদিয়া বালোচে অভিযোগ কৰি কয় যে-তেওঁলোকক উপযুক্ত আইনগত সুযোগ দিয়া হোৱা নাছিল। তেওঁৰ মতে, বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ গোপনে চলোৱা হৈছিল আৰু সাক্ষীসকলক সঠিকভাৱে জেৰা কৰাৰ সুযোগো বালোচৰ পক্ষই লাভ কৰা নাছিল।
আদালতৰ ৰায়ৰ বিৰোধিতা মানৱ অধিকাৰ আয়োগৰ
বিশ্বজুৰি বহু মানৱ অধিকাৰ সংগঠনে এই ৰায়ৰ তীব্ৰ সমালোচনা কৰিছে। জলবায়ু কৰ্মী গ্ৰেটা থুনবাৰ্গে এই বিচাৰক “ন্যায়ৰ প্ৰহসন” বুলি অভিহিত কৰিছে। নেদাৰলেণ্ডছস্থিত ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ ফাউণ্ডেচনেও এই ৰায়ক আইনৰ শাসনৰ ওপৰত এক ডাঙৰ আঘাত বুলি মন্তব্য কৰি ডাঃ মাহৰাং বালোচক অবিলম্বে মুক্তি দিয়াৰ দাবী জনাইছে।
ডাঃ মাহৰাং বালোচ কোন?
ডাঃ মাহৰাং বালোচ পাকিস্তানৰ বালুচিস্তানৰ এগৰাকী সুপৰিচিত মানৱ অধিকাৰ কৰ্মী। ২০২৪ চনত তেওঁক BBCৰ “100 Women” শীৰ্ষক তালিকাত স্থান দিয়া হৈছিল।
তেওঁৰ জীৱনৰ সংগ্ৰাম আৰম্ভ হয় ২০০৯ চনত, যেতিয়া তেওঁৰ পিতৃক পাকিস্তানৰ সুৰক্ষা সংস্থাই ধৰি লৈ যায়। দুবছৰ পিছত তেওঁৰ পিতৃৰ মৃ*তদেহ উদ্ধাৰ হয়, য’ত নিৰ্যাতনৰ স্পষ্ট চিন দেখা গৈছিল। এই ঘটনাই মাহৰাং বালোচক গভীৰভাৱে আঘাত দিয়ে আৰু তেওঁ নিখোজ হোৱা লোকসকলৰ ন্যায়ৰ দাবীত আন্দোলনত নামি পৰে।
২০২৩ চনৰ শেষৰ ফালে তেওঁ শতাধিক মহিলাক লগত লৈ প্ৰায় ১,৬০০ কিলোমিটাৰ পদযাত্ৰা কৰি ইছলামাবাদলৈ গৈছিল। এই যাত্ৰাৰ মূল উদ্দেশ্য আছিল বলপূৰ্বক নিখোজ হোৱা লোকসকলৰ পৰিয়ালক ন্যায় প্ৰদান কৰা। এই আন্দোলনৰ সময়তো তেওঁক দুবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান তেওঁ বালুচ ইয়াকজেহতি কমিটিৰ জৰিয়তে বালুচিস্তানত বলপূৰ্বক নিখোজ, বিচাৰবিহীন হ*ত্যাকাণ্ড আৰু চৰকাৰী দমনৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে মাত মাতি আহিছে। যদিও পাকিস্তান চৰকাৰে BYC-ৰ ওপৰত বালুচ উ*গ্ৰপন্থীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে, সংগঠনটোৱে সেই অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি আহিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















