দীৰ্ঘায়ু আৰু সুস্থ জীৱন প্ৰতিগৰাকী মানুহেই বিচাৰে। সকলোৱে বিচাৰে যে বয়স বৃদ্ধি পালেও শৰীৰ আৰু মন সুস্থ থাকক, জীৱনৰ আনন্দ অটুট থাকক। কিন্তু বাস্তৱত বয়স বৃদ্ধিৰ লগে লগে বিভিন্ন ৰোগ, শাৰীৰিক দুৰ্বলতা আৰু মানসিক অৱনতি দেখা দিয়ে। সেয়েহে বিশ্বজুৰি বিজ্ঞানীসকলে বহু বছৰ ধৰি মানুহে কেনেকৈ বহু বছৰলৈ সুস্থভাৱে জীয়াই থাকিব পাৰে, তাৰ ৰহস্য বিচাৰি গৱেষণা চলাই আহিছে। এই ক্ষেত্ৰত এতিয়া ব্ৰাজিলৰ তিনিগৰাকী ভগ্নীয়ে নতুন আশাৰ সঞ্চাৰ কৰিছে।
শতিকা গৰকা ব্ৰাজিলৰ ৩ ভগ্নী
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত বাস কৰা তিনিগৰাকী ভগ্নী ক্ৰমে জুলিনা ডি ডেউছ নুনেছ-১০৩ বছৰ, জ’ৰাইডে ডি ডেউছ মোটা -১০৪ বছৰ আৰু লেভিটা ডি ডেউছ নুনেছ -১০৯ বছৰ অতিক্ৰম কৰিছে। ইমান বয়সতো তেওঁলোক যথেষ্ট সুস্থ আৰু সক্ৰিয় জীৱন কটোৱাৰ বাবে বিশ্বজুৰি তেওঁলোকক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। শীঘ্ৰেই তেওঁলোকৰ নাম বিশ্বৰ আটাইতকৈ অধিক বয়সীয়া তিনিগৰাকী জীৱিত ভগ্নী হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। এই তিনিগৰাকী ভগ্নীক কেন্দ্ৰ কৰি ব্ৰাজিলৰ চাও পাওলো বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডাঃ মায়ানা জেইৎজৰ নেতৃত্বত “DNA লংজেভ’ প্ৰজেক্ট” নামেৰে এক বিশেষ গৱেষণা চলি আছে। এই গৱেষণাৰ মূল উদ্দেশ্য হৈছে মানুহৰ বয়স বৃদ্ধি আৰু দীঘলীয়া জীৱনৰ আঁৰৰ জৈৱিক আৰু জিনীয় কাৰকসমূহ চিনাক্ত কৰা। বিজ্ঞানীসকলৰ মতে, কিছুমান লোক কিয় ১০০ বছৰৰো অধিক বয়সতো শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকে, তাৰ উত্তৰ এই গৱেষণাই দিব পাৰে।

ইয়াৰ জৰিয়তে বয়স বৃদ্ধিৰ লগে লগে কিয় স্মৃতিশক্তি হ্ৰাস পায়, ক্ৰনিক ৰোগ বৃদ্ধি পায় অথবা শৰীৰ দুৰ্বল হয়, সেই বিষয়েও অধিক স্পষ্ট ধাৰণা লাভ কৰিব পৰা যাব। ডাঃ জেইৎজৰ মতে, DNA পৰীক্ষাৰ সহায়ত এনে কিছুমান ‘প্ৰটেক্টিভ জিন’ বা সুৰক্ষামূলক জিন চিনাক্ত কৰাৰ চেষ্টা চলি আছে, যিয়ে মানুহক অধিক দিন সুস্থভাৱে জীয়াই থাকিবলৈ সহায় কৰিব পাৰে। বিশেষকৈ একেটা পৰিয়ালৰ একাধিক সদস্যই ১০০ বছৰৰো অধিক বয়স লাভ কৰিলে, তেনে পৰিয়ালসমূহ গৱেষণাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰিছে।
দীৰ্ঘ জীৱনৰ বাবে কি কি উপাদান গুৰুত্বপূৰ্ণ?
বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি, দীঘলীয়া জীৱনৰ ক্ষেত্ৰত পৰিৱেশতকৈ আনুবংশিক (Genetic) কাৰক অধিক প্ৰভাৱশালী। অৱশ্যে কেৱল জিনেই যথেষ্ট নহয়। বিশ্বজুৰি দীঘলীয়া জীৱনৰ তথ্য সংগ্ৰহ কৰা সংস্থা LongeviQuest-ৰ মুখ্য কাৰ্যবাহী বিষয়া বেন মেয়াৰ্ছে কয় যে, এই ভগ্নীসকল একেলগে বাস কৰে আৰু ইজনে সিজনৰ সহায়-সহযোগিতা লাভ কৰে। পৰিয়াল আৰু সমাজৰ মানসিক সমৰ্থনেও সুস্থ আৰু দীঘলীয়া জীৱনত উল্লেখযোগ্য ভূমিকা পালন কৰে। আনহাতে, তিনিওগৰাকী ভগ্নীয়ে নিজৰ দীঘলীয়া জীৱনৰ কৃতিত্ব স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু সক্ৰিয় জীৱনশৈলীক দিয়ে। জুলিনাই কৈছে যে সৰুতে তেওঁলোকে নিয়মীয়াকৈ নদীত সাঁতুৰিছিল আৰু মাছ ধৰিছিল। এই সক্ৰিয় জীৱনশৈলীয়ে তেওঁলোকৰ স্বাস্থ্য সুস্থ ৰাখিবলৈ সহায় কৰিছিল। তেওঁলোকৰ জীৱনো আছিল একেবাৰে সাধাৰণ। লেভিটাই প্ৰথমে হস্তশিল্পী হিচাপে আৰু পিছলৈ এটা টেলিভিছন নেটৱৰ্কত কাম কৰিছিল। জ’ৰাইডে নাৰ্ছ হিচাপে কৰ্মজীৱন কটাই পাঁচটা সন্তানক ডাঙৰ-দীঘল কৰিছিল। আনহাতে, জুলিনাই গৃহিণী হিচাপে ছয়টা সন্তানৰ লালন-পালন কৰিছিল। লেভিটাই কয় যে, তেওঁ নিজৰ জীৱনটোলৈ উভতি চালে কোনো অনুশোচনা অনুভৱ নকৰে।
এই গৱেষণাই হয়তো ভৱিষ্যতে মানুহৰ দীঘলীয়া আৰু সুস্থ জীৱনৰ ৰহস্য উদ্ঘাটনত এক নতুন দিশ মুকলি কৰিব। যদিও এতিয়াও “১০০ বছৰ জীয়াই থকাৰ নিশ্চিত সূত্ৰ” আৱিষ্কাৰ হোৱা নাই, তথাপি বিজ্ঞানীসকলৰ মতে সুস্থ খাদ্যাভ্যাস, নিয়মীয়া শাৰীৰিক পৰিশ্ৰম, মানসিক শান্তি, পাৰিবাৰিক সম্পৰ্ক আৰু উন্নত জিন—এই সকলোবোৰ মিলিয়েই সুস্থ আৰু দীঘলীয়া জীৱনৰ ভেটি গঢ়ি তোলে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















