• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

1 month ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

3 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

3 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

4 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

4 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

5 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

5 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

6 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

7 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

8 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

8 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

9 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

ভুৱা লোন এপৰ পৰা সাৱধান

editor by editor
June 27, 2026
in অপৰাধ, প্ৰযুক্তি, ভাৰত
0
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান সময়ত তৎক্ষণাত ঋণ দিয়াৰ প্ৰতিশ্ৰুতি দি বহু ভুৱা লোন এপে সৰ্বসাধাৰণক প্ৰতাৰণা কৰি আহিছে। এই এপসমূহে নিজকে বৈধ বেংক বা NBFC-ৰ অনুমোদিত বুলি দাবী কৰিলেও বাস্তৱত ইয়াৰ মূল উদ্দেশ্য হৈছে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য চুৰি কৰি আৰ্থিক আৰু মানসিকভাৱে শোষণ কৰা। সেইবাবে যিকোনো লোন এপ ব্যৱহাৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজন।

৮টা ভুৱা Loan App চিনাক্তকৰণ

ভুৱা লোন এপসমূহ সাধাৰণতে কম সুদত অতি কম সময়ৰ ভিতৰত ঋণ দিয়াৰ প্ৰলোভন দিয়ে। এপ ডাউনলোড কৰাৰ পিছত ই ফোনৰ কন্টাক্ট লিষ্ট, ফটো গেলেৰী, মাইক্ৰ’ফোন, কেমেৰা, SMS, লোকেচন আদি বহু অপ্রয়োজনীয় অনুমতি বিচাৰে। এই অনুমতিসমূহৰ জৰিয়তে চাইবাৰ ক্ৰাইমত জড়িত প্ৰতাৰকে ব্যক্তিগত তথ্য সংগ্ৰহ কৰি ব্লেকমেইল, ভয়-ভাবুকি আৰু অবৈধ ধন দাবী কৰিবলৈ আৰম্ভ কৰে।
সম্প্ৰতি Indian Cyber Crime Coordination Centre (I4C)-এ ৮টা ভুৱা লোন এপৰ বিষয়ে জনসাধাৰণক সতৰ্ক কৰিছে। এই এপসমূহ হ’ল— FinMona–Personal Credit, Dhanashree Salah, SafalScore–Easy Loan, FinCure–Credit Assistant, RupeeJar–Asset Access, S Large Quick Loan Assistant, LoanBloom আৰু BrioCredit–Credit Assistant। এই এপসমূহ ব্যৱহাৰ নকৰিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে।

কেনেকৈ ব্লেকমেইলিং কৰে এই Appসমূহে?

এই ধৰণৰ এপসমূহে সাধাৰণতে আৰ্থিক সংকটত থকা লোক, ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল যুৱক-যুৱতী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু ডিজিটেল সজাগতা কম থকা লোকক সহজে লক্ষ্য হিচাপে নিৰ্বাচন কৰে। জৰুৰী প্ৰয়োজনত টকাৰ অভাৱ, বেংকৰ পৰা ঋণ নোপোৱা, চিকিৎসা বা সন্তানৰ শিক্ষাৰ খৰচৰ বাবে বহুতে এনে ভুৱা এপৰ ফান্দত পৰি যায়। ভুৱা লোন এপে ঋণ দিয়াৰ পিছত অতি কম সময়তে ধন ঘূৰাই বিচাৰে। সময়মতে পৰিশোধ কৰিব নোৱাৰিলে ব্যৱহাৰকাৰীৰ কন্টাক্ট লিষ্টত থকা আত্মীয়-স্বজন বা বন্ধুবৰ্গলৈ মেছেজ পঠিয়াই বদনাম কৰাৰ চেষ্টা কৰে। কেতিয়াবা “ডিফল্টাৰ” বা “প্ৰতাৰক” বুলি অপমানজনক বাৰ্তা প্ৰেৰণ কৰে, WhatsApp গ্ৰুপ তৈয়াৰ কৰি ৰাজহুৱাভাৱে হেয় প্ৰতিপন্ন কৰে, অশ্লীল ভাষা ব্যৱহাৰ কৰে আৰু অবিৰত ফোন কৰি মানসিক চাপ সৃষ্টি কৰে।

কেনেকৈ চিনাক্ত কৰিব বৈধ Loan App?

আনহাতে বৈধ লোন এপসমূহ RBI-ৰ অনুমোদিত বেংক বা NBFC-ৰ সৈতে সংযুক্ত থাকে। ইয়াত ঋণৰ সকলো নিয়ম, সুদৰ হাৰ, চাৰ্জ আৰু চৰ্ত স্পষ্টকৈ উল্লেখ থাকে। বৈধ এপে কেতিয়াও অপ্রয়োজনীয় ব্যক্তিগত তথ্য বা ফোনৰ সকলো অনুমতি নাবিচাৰে। সেয়ে কোনো লোন এপ ডাউনলোড কৰাৰ আগতে কোম্পানীটোৰ নিবন্ধন, অফিচিয়েল ৱেবছাইট, প্ৰাইভেচি পলিচি, ব্যৱহাৰকাৰীৰ মতামত আৰু RBI-ৰ অনুমোদন ভালদৰে পৰীক্ষা কৰিব লাগে। কেৱল Play Store-ত উপলব্ধ বা উচ্চ ৰেটিং থকা বুলিয়েই কোনো এপ সম্পূৰ্ণ নিৰাপদ বুলি ধৰি ল’ব নালাগে, কিয়নো ভুৱা ৰিভিউ আৰু ৰেটিঙো সৃষ্টি কৰিব পৰা যায়।

ভুৱা Loan Appৰ জালত পৰিলে কি কৰিব?

যদি ভুলবশতঃ কোনো ভুৱা লোন এপৰ জালত পৰে, তেন্তে ভয় নকৰি তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চাইবাৰ হেল্পলাইন ১৯৩০ নম্বৰত যোগাযোগ কৰিব লাগে, National Cyber Crime Reporting Portal-ত অভিযোগ দাখিল কৰিব লাগে, নিকটৱৰ্তী চাইবাৰ আৰক্ষী শাখা বা আৰক্ষী থানাত খবৰ দিব লাগে। লগতে স্ক্ৰীণশ্বট, কল ৰেকৰ্ড, লেনদেনৰ তথ্য আদি সকলো প্ৰমাণ সংৰক্ষণ কৰি বেংককো তৎক্ষণাত অৱগত কৰিব লাগে। সচেতনতা, সতৰ্কতা আৰু সঠিক তথ্যই ভুৱা লোন এপৰ প্ৰতাৰণাৰ পৰা নিজকে সুৰক্ষিত ৰখাৰ আটাইতকৈ ফলপ্ৰসূ উপায়। কেৱল RBI-ৰ অনুমোদিত বেংক বা NBFC-ৰ বিশ্বাসযোগ্য লোন প্লেটফৰ্মৰ জৰিয়তেই ঋণ লোৱাটো সদায় নিৰাপদ।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24unsecured loan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ
প্ৰযুক্তি

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

August 8, 2026
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
Next Post
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ'ব পাৰে বিভিন্ন ৰোগ

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.