• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

2 months ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

2 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

2 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

3 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

3 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

4 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

4 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

5 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

5 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

7 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

7 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

9 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

কিমান সময়ৰ মূৰত সলনি কৰিব ছেনিটাৰী পেড?

editor by editor
June 27, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ছোৱাত ব্যক্তিগত পৰিচ্ছন্নতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। এই সময়ত গোপন অংগত আর্দ্ৰতা অধিক হোৱা বাবে যদি সঠিকভাৱে যত্ন লোৱা নহয়, তেন্তে বেক্টেৰিয়া আৰু ফাংগাছ সহজে বৃদ্ধি পাব পাৰে। ফলস্বৰূপে ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন (UTI), চুলকনি, ৰেছ, দুৰ্গন্ধ আদি বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ আশংকা বৃদ্ধি পায়। সেয়েহে ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো প্ৰজনন স্বাস্থ্যৰ লগতে সামগ্ৰিক স্বাস্থ্য সুৰক্ষাৰ বাবেও অত্যন্ত প্ৰয়োজনীয়।
ঋতুস্ৰাৱৰ সময়ত সংক্রমণৰ আশংকা সাধাৰণতে কিছু বৃদ্ধি পায়। ইয়াৰ মূল কাৰণ হ’ল গোপন অংগত দীৰ্ঘ সময় ধৰি আর্দ্ৰতা থকা, যো*নীৰ pH-ৰ পৰিৱৰ্তন, উপকাৰী বেক্টেৰিয়াৰ ভাৰসাম্য বিঘ্নিত হোৱা আৰু একেটা ছেনিটাৰী পেড বহু সময় ধৰি ব্যৱহাৰ কৰা।

ঋতুস্ৰাৱৰ সময়ত কি কি কৰাটো প্ৰয়োজনীয়?

গোপন অংগ প্ৰতিবাৰ পেড সলনি কৰাৰ সময়ত ধুবই লাগিব বুলি কোনো বাধ্যবাধকতা নাই। কিন্তু দিনটোত কমেও দুবাৰ—বিশেষকৈ পুৱা আৰু ৰাতি শুবলৈ যোৱাৰ আগতে—পৰিষ্কাৰ পানীৰে সেই অংশ ধুই লোৱাটো উচিত। অধিকাংশ ক্ষেত্ৰতে কেৱল পৰিষ্কাৰ পানীয়েই যথেষ্ট। যো*নীৰ নিজস্ব স্ব-পৰিষ্কাৰ ব্যৱস্থা থাকে, যিয়ে স্বাভাৱিকভাৱে pH-ৰ ভাৰসাম্য ৰক্ষা কৰে। সাধাৰণ চাবোন বা সুগন্ধিযুক্ত ইণ্টিমেট ৱাশ্ব ব্যৱহাৰ কৰাটো বাঞ্ছনীয় নহয়। ইয়াৰ ফলত যো*নীৰ স্বাভাৱিক pH-ৰ ভাৰসাম্য নষ্ট হ’ব পাৰে, শুকান, জ্বলা-পোৰা, চুলকনি আৰু সংক্রমণৰ আশংকা বৃদ্ধি পাব পাৰে। যদি বিশেষ প্ৰয়োজন হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শমতে মৃদু, pH-সামঞ্জস্যযুক্ত আৰু সুগন্ধিবিহীন ইণ্টিমেট ৱাশ্ব ব্যৱহাৰ কৰিব পাৰি। ঋতুস্ৰাৱৰ সময়ত নিয়মীয়াকৈ গা ধোৱাটো সম্পূৰ্ণ সুৰক্ষিত আৰু উপকাৰী। বিশেষকৈ কুহুমীয়া গৰম পানীৰে গা ধুলে পেশীৰ টান কমে, পেটৰ বিষ উপশম হয়, ৰক্ত সঞ্চালন উন্নত হয়, মানসিক চাপ আৰু ক্লান্তি হ্ৰাস পায় আৰু মন-মেজাজো ভাল থাকে।

কিমান সময়ৰ মূৰত সলনি কৰিব ছেনিটাৰী পেড?

ছেনিটাৰী পেড সাধাৰণতে প্ৰতি ৪-৬ ঘণ্টাৰ মূৰে সলনি কৰিব লাগে। যদি ৰক্তস্ৰাৱ বেছি হয়, তেন্তে ইয়াতকৈ আগতেই সলনি কৰাটো প্ৰয়োজন। ৰক্তস্ৰাৱ কম হ’লেও দীৰ্ঘ সময় একেটা পেড ব্যৱহাৰ কৰা উচিত নহয়, কাৰণ পেডত আর্দ্ৰতা আৰু ঘাম জমা হৈ বেক্টেৰিয়া বৃদ্ধি পাব পাৰে। ৰাতি শুবলৈ যোৱাৰ আগতে সদায় নতুন পেড ব্যৱহাৰ কৰিব লাগে আৰু পুৱা উঠিয়েই সলনি কৰিব লাগে। সাধাৰণতে ৬-৮ ঘণ্টাৰ অধিক একেটা পেড ব্যৱহাৰ নকৰাই ভাল। পেড বাছনি কৰাৰ সময়ত নিজৰ ৰক্তস্ৰাৱৰ পৰিমাণ, দৈনন্দিন কাৰ্যকলাপ আৰু ছালৰ সংবেদনশীলতাৰ কথা বিবেচনা কৰিব লাগে। সুগন্ধিযুক্ত পেড পৰিহাৰ কৰা উচিত কাৰণ ইয়াৰ ৰাসায়নিক পদাৰ্থই ছালত এলাৰ্জি, ৰেছ, জ্বলা-পোৰা আৰু চুলকনিৰ সৃষ্টি কৰিব পাৰে। ঋতুস্ৰাৱৰ সময়ত ৰেছ হোৱা এক সাধাৰণ সমস্যা। দীৰ্ঘ সময় ধৰি ভিজা পেড পিন্ধি থকা, অধিক আর্দ্ৰতা, টান কাপোৰ পিন্ধা আৰু সুগন্ধিযুক্ত পেড ব্যৱহাৰ কৰাৰ ফলত এনে সমস্যা দেখা দিব পাৰে। ইয়াৰ পৰা বাচিবলৈ সময়মতে পেড সলনি কৰা, গোপন অংগ শুকান আৰু পৰিষ্কাৰ কৰি ৰখা, কোমল পেড ব্যৱহাৰ কৰা, ঢিলা কপাহী কাপোৰ পিন্ধা আৰু চিকিৎসকৰ পৰামৰ্শমতে প্ৰয়োজন হ’লে বেৰিয়াৰ ক্ৰীম ব্যৱহাৰ কৰিব পাৰি। যদি ৰেছ বহুদিন ধৰি নাযায়, ছালত ঘা হয়, অস্বাভাৱিক স্ৰাৱ বা দুৰ্গন্ধ হয়, অত্যধিক ৰক্তস্ৰাৱ বা অসহ্য বিষ হয় অথবা জ্বৰ, মূৰ ঘূৰোৱা বা অত্যধিক দুৰ্বলতা অনুভৱ হয়, তেন্তে বিলম্ব নকৰি চিকিৎসকৰ ওচৰ চাপিব লাগে।

ব্যৱহৃত পেড পেলোৱাৰো আছে নিৰ্দিষ্ট নিয়ম

ব্যৱহৃত পেড কেতিয়াও টয়লেটত ফ্লাছ কৰা উচিত নহয়। পেডখন ভিতৰফালে ভাঁজ কৰি কাগজ বা পেডৰ ৰেপাৰেৰে মেৰিয়াই ঢাকনি থকা ডাষ্টবিনত পেলাব লাগে। সম্ভৱ হ’লে পৰিৱেশ বান্ধৱ বায়’ডিগ্ৰেডেবল পেড বা মেন্স্ট্ৰুৱেল কাপ ব্যৱহাৰ কৰিব পাৰি। অফিচ বা ভ্ৰমণৰ সময়ত সদায় এটা জৰুৰী ঋতুস্ৰাৱ কিট লগত ৰখা ভাল। ইয়াত ছেনিটাৰী পেড বা টেম্পন, পে*ণ্টি লাইনাৰ, সুগন্ধিবিহীন ৱেট ৱাইপছ, টিছ্যু পেপাৰ, ডিস্প’জেল বেগ, হেণ্ড ছেনিটাইজাৰ, অতিৰিক্ত অন্ত*ৰ্বাস, মৃদু ইণ্টিমেট ৱাশ্ব আৰু চিকিৎসকৰ পৰামৰ্শমতে প্ৰয়োজনীয় বিষনাশক ঔষধ ৰাখিব পাৰে। ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰাৰ সময়ত টয়লেট ছিট কভাৰ বা টিছ্যু ব্যৱহাৰ কৰা, অপৰিষ্কাৰ বা ভিজা ছিট পৰিহাৰ কৰা, পেড সলনি কৰাৰ আগতে আৰু পিছত হাত ভালদৰে ধোৱা আৰু ব্যৱহৃত পেড ভালদৰে মেৰিয়াই ডাষ্টবিনত পেলোৱাটো অতি প্ৰয়োজনীয়।

ঋতুস্ৰাৱক লৈ ভ্ৰান্ত ধাৰণা

ঋতুস্ৰাৱক লৈ সমাজত বহু ভ্ৰান্ত ধাৰণা আছে। ঋতুস্ৰাৱৰ সময়ত চুলি ধোৱাটো সম্পূৰ্ণ নিৰাপদ। কেৱল অত্যধিক ঠাণ্ডা পানী ব্যৱহাৰ নকৰাই ভাল। এই সময়ত আচাৰ চুলে আচাৰ নষ্ট হয় বুলিও কোনো বৈজ্ঞানিক ভিত্তি নাই। তদুপৰি ঋতুস্ৰাৱৰ সময়ত ব্যায়াম সম্পূৰ্ণ বন্ধ কৰিব নালাগে। খোজ কঢ়া, ষ্ট্ৰেচিঙে ৰক্ত সঞ্চালন উন্নত কৰে, শৰীৰত এণ্ড’ৰফিন নিঃসৰণ বৃদ্ধি কৰে আৰু ফলত পেটৰ বিষ, ক্লান্তি আৰু মন-মেজাজৰ ওঠা-নমা যথেষ্ট কমাই আনিব পাৰে।
চিকিৎসা বিশেষজ্ঞৰ বিভিন্ন তথ্যৰ সহায়ত এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
Next Post
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.