বিৱাহ সন্দৰ্ভত আজি গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এক বহৎ আৰু ঐতিহাসিক ৰায়। ন্যায়ালয়ৰ ৰায় অনুসৰি এতিয়াৰে পৰা কোনো হিন্দু দম্পতীয়ে কেৱল বিৱাহ পঞ্জীয়ন কৰিলেই নহ’ব। Marriage Registrationৰ উপৰিও হিন্দু পৰম্পৰা অনুসৰি বিবাহৰ প্ৰয়োজনীয় ৰীতি-নীতিৰেও সম্পন্ন কৰিব লাগিব বিৱাহ তেতিয়াহে সেই বিৱাহ বৈধ বুলি গণ্য কৰা হ’ব। গুজৰাট উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ দিয়া এক গুৰুত্বপূৰ্ণ ৰায়ত এই কথা স্পষ্ট কৰিছে। ন্যায়ালয়ে হিন্দু বিৱাহ আইন, ১৯৫৫ৰ ধাৰা ৭-ৰ কথা উল্লেখ কৰি কয় যে-হিন্দু বিৱাহ কেৱল এটা আইনী প্ৰক্ৰিয়াই নহয়, ই এক পৰাম্পৰাগত বিষয় হোৱাৰ লগতে পৱিত্ৰ সংস্কাৰ আৰু সামাজিক বন্ধন। যিয়ে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি আৰু ঐতিহ্যও বহন কৰে। সেয়েহে আইনত উল্লেখ থকা পৰম্পৰাগত ৰীতি-নীতি পালন কৰাটোও সমানেই অত্যাৱশ্যক।
প্ৰৱাসী ভাৰতীৰ আবেদনত এই ৰায় ন্যায়ালয়ৰ
গ্ৰেট ব্ৰিটেইনত বাস কৰা কৌশল সোনাৰ নামৰ এজন ব্যক্তিৰ আবেদনৰ শুনানিৰ সময়ত গুজৰাট উচ্চ ন্যায়ালয়ে দিয়ে এই ঐতিহাসিক ৰায়। উল্লেখ্য যে কৌশল সোনাৰ নামৰ লোকজনৰ বিৰুদ্ধে আহমেদাবাদৰ এগৰাকী মহিলাই বিৱাহ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ দেখুৱাই নিজকে তেওঁৰ পত্নী বুলি দাবী কৰিছিল। কিন্তু তেওঁলোকে কেতিয়াও হিন্দু ৰীতি-নীতি আৰু মাংগলিক নিয়ম অনুসৰি বিৱাহপাশত আৱদ্ধ হোৱাই নাছিল। আনকি তেওঁলোকে কেতিয়াও স্বামী-স্ত্ৰী হিচাপেও একেলগে বাস কৰা নাছিল। আবেদনকাৰী কৌশল সোনাৰে মহিলাগৰাকীৰ বিৰুদ্ধে বিৱাহ পঞ্জীয়নৰ নথিত তেওঁৰ অনুমতি নোহোৱাকৈ ভুৱা স্বাক্ষৰ কৰাৰো অভিযোগ কৰে। ইপিনে গুজৰাট উচ্চ ন্যায়ালয়ত গোচৰটোৰ শুনানিৰ সময়ত মহিলাগৰাকীয়েও স্বীকাৰ কৰে যে, দুয়োৰে মাজত কোনো পৰম্পৰাগত মাংগলিক বিৱাহ সম্পন্ন হোৱা নাছিল আৰু তেওঁলোক কেতিয়াও দাম্পত্য জীৱন কটোৱা নাছিল। কৌশল সোনাৰে প্ৰথমে Family courtত জনাইছিল এই আবেদন। কিন্তু Family courtত আবেদনক নাকচ কৰাৰ পিছতে গুজৰাট উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল কৌশ সোনাৰে।
ৰয়দান কৰি কি মন্তব্য উচ্চ ন্যায়ালয়ৰ?
গুজৰাট উচ্চ ন্যায়ালয়ে Family courtৰ উক্ত ৰায় বাতিল কৰি কয় যে, যেতিয়া বিৱাহৰ কোনো পৰম্পৰাগত ৰীতি-নীতি পালন কৰা হোৱা নাই, তেনে স্থলত হিন্দু বিৱাহ আইনৰ মৌলিক চর্ত পূৰণ হোৱা বুলি ক’ব নোৱাৰি। আদালতে লগতে মন্তব্য কৰে যে, হিন্দু পৰম্পৰাত বিৱাহ এক পবিত্ৰ সংস্কাৰ। হিন্দু ৰীতি মতে পত্নীক স্বামীৰ অৰ্ধাংগিনী আৰু সমঅধিকাৰৰ অংশীদাৰ হিচাপে গণ্য কৰা হয়। সেয়েহে বিৱাহৰ সামাজিক, আধ্যাত্মিক আৰু আইনী বৈধতা লাভ কৰিবলৈ আইনত উল্লেখ কৰা ৰীতি-নীতি পালন কৰাটো অত্যন্ত জৰুৰী। এই ৰায়ৰ জৰিয়তে গুজৰাট উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে, কেৱল Marriage Registrationৰ প্ৰমাণ পত্ৰই হিন্দু বিৱাহৰ একমাত্ৰ প্ৰমাণ নহয়। পৰম্পৰাগত ৰীতি-নীতি অনুসৰি বিৱাহ সম্পন্ন হোৱাৰ পিছতহে Marriage Registrationৰ প্ৰমাণ পত্ৰই আইনী প্ৰমাণ হিচাপে সম্পূৰ্ণ মূল্য লাভ কৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















