ইৰাণ-আমেৰিকাৰ (Iran-US War) সংঘাত বন্ধ হৈছে, সেয়ে খাৰুৱা তেলৰ মূল্যও হ্ৰাস পাইছে বিশ্ব বজাৰত। এই পৰিবেশত সকলোৰে এটা প্ৰশ্ন, দেশত পেট্ৰ’ল-ডিজেলৰ দাম কেতিয়া কমি আহিব? অৱশেষত ইয়াৰ উত্তৰ দিছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে।
কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বৃহস্পতিবাৰে কয় যে, পশ্চিম এছিয়াৰ সংঘাতৰ বাবে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ সময়তো পেট্ৰ’ল, ডিজেল আৰু এল পি জি কম মূল্যত বিক্ৰী কৰাৰ বাবে তেল বিপণন কোম্পানীসমূহে ৩০ জুনলৈকে ৭৪,৭৮১ কোটি টকা লোকচান কৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে যদিও কোম্পানীসমূহে এতিয়াও উচ্চ মূল্যত ক্ৰয় কৰা খাৰুৱা তেল প্ৰক্ৰিয়াকৰণ কৰি আছে।
শীঘ্ৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসৰ কথা ঘোষণা কৰা হ’ব নেকি সেই সন্দৰ্ভত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে কয় যে, “আগন্তুক কেইসপ্তাহমান যদি তেলৰ দাম কম হৈ থাকে, তেন্তে এই প্ৰশ্ন যুক্তিসংগত হ’ব। তেওঁ কয়, ‘আমি এতিয়াও দুমাহ পূৰ্বে (যেতিয়া দাম বেছি আছিল) কিনা খাৰুৱা পেট্ৰলিয়ামৰ ষ্টক ব্যৱহাৰ কৰি আছো। দুই-তিনি মাহলৈকে যদি এনেদৰে দাম কমি থাকে, তেন্তে আমি চাম। কিন্তু এইটো অনুমানহে।”
ইন্ধনৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত তেওঁ আঙুলিয়াই দিয়ে যে উন্নত দেশসমূহত এই সংকটৰ সময়ত পেট্ৰ’লৰ মূল্য প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছিল। ভাৰতৰ চুবুৰীয়া দেশসমূহত ৩৫ শতাংশ মূল্য বৃদ্ধি হোৱাৰ বিপৰীতে ভাৰতত পেট্ৰ’লৰ মূল্য সংকটৰ সময়ত মাত্ৰ ৫.৫৮ শতাংশহে বৃদ্ধি পাইছিল। যোৱা চাৰি মাহত (২৮ ফেব্ৰুৱাৰীৰ পৰা জুন মাহৰ শেষলৈকে আমাৰ ১০৭ হাজাৰ খুচুৰা বিপণীত কোনো ধৰণৰ ড্ৰাইআউট বা বন্ধ হোৱা নাই।
১ জুলাইত ব্যক্তিগত শক্তি কোম্পানী নাইৰা এনাৰ্জীয়ে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৫টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ টকা হ্ৰাস কৰে। ইয়াৰ পিছত দেশৰ বাকী তেল বিপণন কোম্পানীসমূহৰ ওপৰত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয়, “নাইৰাই পেট্ৰ’লৰ মূল্য হ্ৰাস কৰিছে কাৰণ তেওঁলোকে পূৰ্বে ৫ টকা বৃদ্ধি কৰিছিল। তেওঁলোকে সেই মূল্য বৃদ্ধি হ্ৰাস কৰিছে। তেল বিপণন কোম্পানীয়ে সেই সময়ত দাম বৃদ্ধি কৰা নাছিল।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














