• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

2 months ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

2 minutes ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

24 minutes ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

1 hour ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

2 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

2 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

2 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

4 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

4 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

6 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

6 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

7 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

ফুটবল বিশ্বকাপ ইতিহাসৰ শীৰ্ষত মেছি

editor by editor
July 4, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই
0
SHARES
236
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফুটবল বিশ্বকাপৰ ইতিহাসত কেতিয়াবা কেৱল জয়ী দলেই নহয়, পৰাজিত দলেও নিজৰ সাহস, আত্মবিশ্বাস আৰু অদম্য যুঁজৰ বাবে কোটি কোটি ফুটবল অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হয়। আজি ঠিক তেনেকুৱা যুঁজ এখনেই উপভোগৰ সৌভাগ্য অৰ্জন কৰিলে আমেৰিকাৰ মিয়ামি গ্ৰীন ষ্টেডিয়ামত উপস্থিত হোৱা হাজাৰ হাজাৰ দৰ্শকে। মাত্ৰ প্ৰায় ৫ লাখ জনসংখ্যাৰ এখন দেশে প্ৰথমবাৰৰ বাবে বিশ্বকাপত অংশগ্ৰহণ কৰিয়েই বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে দেখুওৱা সাহসিকতা নিঃসন্দেহে বিশ্ব ফুটবলৰ অন্যতম অনুপ্ৰেৰণাদায়ক কাহিনীত পৰিণত হোৱাৰ যোগ্য। ফুটবলৰ জীৱন্ত কিংবদন্তি লিঅ’নেল মেছিৰ আৰ্জেণ্টিনাক শেষ মুহূৰ্তলৈকে চাপত ৰখা কেপ ভাৰ্ডেৰ যুঁজে প্ৰমাণ কৰিলে যে ফুটবলত নাম-যশ বা শক্তিয়েই সকলো নহয়, অদম্য মনোবল আৰু যুঁজাৰু স্পৃহাও সমানে গুৰুত্বপূৰ্ণ।

লিঅ’নেল মেছিৰ ইতিহাস

মিয়ামি গ্ৰীন ষ্টেডিয়ামৰ সেউজ ঘাঁহনিত শিশু দেশখনৰ বিৰুদ্ধে হোৱা এই ৰোমাঞ্চকৰ মুখামুখিত আৰ্জেণ্টিনাই ৩–২ গ’লৰ ব্যৱধানত জয় লাভ কৰে। মেচখনৰ ২৯ মিনিটতে লিঅ’নেল মেছিয়ে কৰা গ’লটোৰ পিছতে বিশ্বকাপ ইতিহাসত এক নজিৰ স্থাপন কৰিবলৈ সক্ষম হয় ফুটবলৰ যাদুকৰজনে।

ফুটবল বিশ্বকাপত ৩০খন মেচ খেলা ইতিহাসৰ প্ৰথমজন খেলুৱৈত পৰিণত হোৱাৰ উপৰিও বিশ্বকাপত ২০টা গ’ল কৰাও প্ৰথমজন ফুটবলাৰ হিচাপে মেছিয়ে নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও একেৰাহে ৮খন বিশ্বকাপ মেচত গ’ল কৰা প্ৰথম খেলুৱৈ,বিশ্বকাপত ১৪খন ভিন্ন দেশৰ বিৰুদ্ধে গ’ল কৰা প্ৰথম খেলুৱৈৰ উপৰিও বিশ্বকাপত ৯টা এছিষ্ট সম্পূৰ্ণ কৰা প্ৰথমজন খেলুৱৈত পৰিণত হৈছে মেছি। বিশ্বকাপত সৰ্বাধিক গ’ল কৰা খেলুৱৈসকলৰ তালিকাত মেছি শীৰ্ষস্থান অধিকাৰ কৰাৰ বিপৰীতে এই তালিকাত ১৮টা গ’লেৰে দ্বিতীয় স্থানত আছে ফ্ৰান্সৰ কিলিয়ান এমবাপে আৰু ১৬টা গ’লেৰে তৃতীয় স্থানত আছে জাৰ্মানীৰ মিৰ’শ্লাভ ক্ল’জ।

বীৰৰ দৰে বিদায় কেপ ভাৰ্ডেৰ

মাত্ৰ ৫ লাখ জনসংখ্যাৰ এখন দেশ কেপ ভাৰ্ডেই সীমিত সম্পদ আৰু সুযোগ লাভ কৰিও বিশ্বকাপত খেলিবলৈ সুযোগ গ্ৰহণ কৰাটোৱেই ডাঙৰ কথা। কিন্তু কেপ ভাৰ্ডেই যেন কেৱল বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈয়ে অহা নাছিল, আহিছিল ফুটবল বিশ্বৰ অগণন অনুৰাগীৰ হৃদয়ত স্থান লাভ কৰিবলৈ। প্ৰথমবাৰ বিশ্বকাপত অংশগ্ৰহণ কৰিয়েই ‘নৱজাতক’ কেপ ভাৰ্ডেই ‘প্ৰাপ্তবয়স্ক’ আৰ্জেণ্টিনাক যি প্ৰত্যাহ্বান জনালে সেয়া বহু দিনলৈ মনত ৰাখিব ফুটবল বিশ্বই। বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাক ১২০ মিনিটলৈকে অত্যন্ত চাপত ৰখা কেপ ভাৰ্ডেৰ খেলুৱৈসকলে যি সাহস, আত্মবিশ্বাস আৰু যুঁজাৰু মানসিকতাৰ পৰিচয় দিলে সেয়াও বিশ্ব ফুটবলৰ ইতিহাসত বহুদিনলৈ সজীৱ হৈ থাকিব।

মেচখনৰ ২৯ মিনিটত ৰেকৰ্ড সৃষ্টি কৰা গ’লটোৰে আৰ্জেণ্টিনাই অগ্ৰগতি লাভ কৰিলেও ৫৯ মিনিটত ডেৰয় দুৱাৰ্টেৰ গ’লটোৰে সমতা স্থাপন কৰিবলৈ সক্ষম হয় কেপ ভাৰ্ডেই। নিৰ্ধাৰিত সময়লৈ ১-১ গ’লত সমতা স্থাপন কৰা মেচখনৰ অতিৰিক্ত সময়ৰ ৯২ মিনিটত মাৰ্টিনাজে আৰ্জেণ্টিনাৰ হৈ দ্বিতীয়টো গ’লেৰে অগ্ৰগতি লাভ কৰিলেও ১০৩ মিনিটত ছিডনে ল’পেজ কাব্ৰালে কেপ ভাৰ্ডেৰ হৈ দ্বিতীয়টো গ’ল স্ক’ৰ কৰি পুনৰ আৰ্জেণ্টিনাক চাপলৈ আনে। অৱশ্যে মেচখনৰ ১১১ মিনিটত আৰ্জেণ্টিনাৰ হৈ ডিনেই নিৰ্ণায়কসূচক গ’লটো স্ক’ৰ কৰি Round of 16ৰ টিকট নিশ্চিত কৰে। যদিও আৰ্জেণ্টিনাৰ বিৰুদ্ধে মেচখনত ৩-২ গ’লৰ ব্যৱধানত শিশু দেশখনে পৰাজয় বৰণ কৰিলে তথাপিও এয়াও যেন তেওঁলোকৰ আছিল এক নৈতিক জয়। শক্তিশালী আৰ্জেণ্টিনাৰ বিৰুদ্ধে পৰাস্ত হলেও ‘নৱজাতক’ কেপ ভাৰ্ডেই প্ৰথমবাৰ ফুটবল বিশ্বকাপত ভুমুকি মাৰিয়েই বীৰৰ দৰে প্ৰস্থান কৰিলে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom livse24Lionel Messi'
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?
বিনোদন

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

August 18, 2026
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!
বিশ্ব

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

August 18, 2026
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
Next Post
হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.