ফিফা বিশ্বকাপত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা নৰৱেৰ নাম আহিলেই অনুৰাগীৰ মনলৈ আহে এটাই নাম, সেয়া হৈছে এৰ্লিং হালাণ্ড। গল মেচিনৰূপে জনজাত হৈ পৰা এৰ্লিং হালাণ্ডৰ উপৰিও ফুটবলত নৰৱেৰ এই উত্তৰণত আছে দলটোৰ প্ৰশিক্ষক ষ্ট’লে ছ’লবাকেনৰো অনবদ্য ভূমিকা। ষ্ট’লে ছ’লবাকেন ৯০ দশকত নৰৱেৰ অন্যতম শ্ৰেষ্ঠ মিডফিল্ডাৰ আছিল। ১৯৯৪ আৰু ১৯৯৮ চনৰ ফিফা বিশ্বকাপ অভিমুখী দলৰ অন্যতম সদস্য আছিল ছ’লবাকেন। ১৯৯৮ চনৰ বিশ্বকাপত নৰৱেই তেতিয়াৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক ২-১ গ’লত পৰাস্ত কৰি ইতিহাস ৰচিছিল। সেই বিজয়ৰ ফলতেই নৰৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
ছ’লবাকেনৰ জীৱন সলনি কৰা সেই দিনটো
২০০১ চনৰ ১৩ মাৰ্চ। ডেনমাৰ্কৰ FC কোপেনহেগেন ক্লাবত অনুশীলনত ব্যস্ত আছিল ছ’লবাকেন। কিন্তু সেই সময়তে তেওঁৰ জীৱন সলনি কৰা ঘটনাটো ঘটি গ’ল। অনুশীলন কৰি থকা সময়তে হঠাতে ছ’লবাকেন হৃদৰোগত আক্ৰান্ত হৈ মাটিত ঢলি পৰিল। প্ৰায় ৭ মিনিট ধৰি তেওঁৰ হৃদস্পন্দন সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল। চিকিৎসকৰ আপ্ৰাণ চেষ্টাত ছ’লবাকেনৰ পুনৰ হৃদস্পন্দন ঘূৰি আহে যদিও এক স্বাসৰূদ্ধকৰ পৰিস্থিতিৰ মাজেৰে পাৰ হয় আগন্তুক ২৬ ঘণ্টা। জীৱন মৃত্যুৰে যুঁজা এই ২৬ ঘণ্টা আছিল ছ’লবাকেনৰ জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ সময়। সুদীৰ্ঘ ২৬ ঘণ্টা কোমা অৱস্থাত থকাৰ পিছত লাহে লাহে যেন ছ’লবাকেনৰ শৰীৰলৈ ঘূৰি আহে জীৱন।
এই সময়খিনিৰ বিৱৰণ দি ছলবাকেনে এটা সাক্ষাৎকাৰত কৈছিল যে-নৰৱেৰ পৰা কোপেনহেগেনলৈ অহা তেওঁৰ মাতৃয়ে ছ’লবাকেনৰ অন্ত্যেষ্টিক্ৰিয়াৰ যো-জা আৰম্ভ কৰি দিছিল। কেৱল মাতৃয়েই নহয় FC কোপেনহেগেনৰো সতীৰ্থসকলেও ছ’লবাকেনক আৰু ঘূৰাই পাব বুলি আশা কৰা নাছিল। কিন্তু সকলো যেন নিয়তিৰেই নিয়ম। চিকিৎসকৰ পৰীক্ষাত ধৰা পৰে ছ’লবাকেনৰ আছে জন্মগত হৃদযন্ত্ৰৰ সমস্যা। জন্মগত সমস্যা এটা লৈও ইমান দিনে কেনেকৈ পেছাদাৰী ফুটবল খেলি আছিল তাক লৈও চিকিৎসকসকলে আচৰ্য প্ৰকাশ কৰে। সেই সময়তে বৰ্তমানৰ নৰৱেৰ প্ৰশিক্ষক ছ’লবাকেনৰ দেহত সংস্থাপন কৰা হয় পেচমেকাৰ। এই ঘটনাৰ পিছতে মাত্ৰ ৩৩ বছৰ বয়সত ছ’লবাকেনৰ খেলুৱৈ জীৱনৰ অন্ত পৰে।
নতুন জীৱনৰ আৰম্ভণি
কিন্তু ইয়াতেই তেওঁৰ জীৱনৰ সংগ্ৰাম শেষ হোৱা নাছিল। খেলুৱৈ জীৱনৰ অৱসান ঘটিলেও এৰি দিয়া নাছিল ফুটবলক। এইবাৰ ছ’লবাকেনে প্ৰশিক্ষক হিচাপে আৰম্ভ কৰে নতুন জীৱন। ডেনমাৰ্ক, ইংলেণ্ড আৰু জাৰ্মানীৰ বিভিন্ন ক্লাবত সফলতাৰে প্ৰশিক্ষণ দিয়াৰ পিছত ২০২০ চনত তেওঁ নৰৱেৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে। ছ’লবাকেনৰ নেতৃত্বতে এৰ্লিং হালাণ্ড, মাৰ্টিন অ’ডেগাৰ্ড, আলেকজেণ্ডাৰ ছৰলথৰ দৰে প্ৰতিভাৱান খেলুৱৈসকলৰ সৈতে নৰৱেক এক শক্তিশালী দলৰূপে গঢ়ি তোলে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ