• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

2 months ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

10 minutes ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

1 hour ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

2 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

2 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

3 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

15 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

15 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

15 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

15 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

16 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

17 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

গ'ল্ডেন বুটৰ দৌৰত এমবাপে

editor by editor
July 10, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স
0
SHARES
366
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিফা বিশ্বকাপ ২০২৬ত পুনৰ এবাৰ নিজৰ শক্তিৰ পৰিচয় দিলে ফ্ৰান্সে। বষ্টন ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত শক্তিশালী ম’ৰক্কোক ২-০ গ’লত পৰাস্ত কৰি ফ্ৰান্সে পুনৰবাৰ ছেমিফাইনেলত নিজৰ স্থান নিশ্চিত কৰিলে। টুৰ্নামেণ্টখনৰ আৰম্ভণিৰে পৰা উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই সমালোচক আৰু অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা মৰক্কোৱে কিন্তু আজি এমবাপে-ডেম্বেলেৰ যুগলবন্দীৰ আক্ৰমণত শিৰনত কৰিবলৈ বাধ্য হয়। মেচখনৰ আৰম্ভণিৰে পৰাই ফ্ৰান্সৰ সন্মুখত মৰক্কোৰ প্ৰদৰ্শন আছিল স্তিমিত, যাৰ পৰিণতিত ২-০ গলৰ ব্যৱধানত পৰাস্ত হৈ নৰ্থ আফ্ৰিকান দেশখনে সামৰিলে বিশ্বকাপৰ সপোনৰ অভিযান। অৱশ্যে প্ৰথমাৰ্ধত ম’ৰক্কোৰ Goalkeeper ইয়াছিন বুনৌৱে এমবাপেৰ এটা পেনাল্টি শ্বটসহ কেইবাটাও টাৰ্গেটক অবিশ্বাস্যভাৱে ৰক্ষা কৰি দলক আশাৰ পোহৰ দেখুৱাইছিল, কিন্তু দ্বিতীয়াৰ্ধত ফ্ৰান্সৰ আক্ৰমণৰ সন্মুখত সেই প্ৰতিৰোধ বেছি সময় টিকি নাথাকিল।

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো

মেচখনৰ ৬০ মিনিটত এমবাপেৰ এটা দুৰ্দান্ত শ্বট মৰোক্কোৰ গলপোষ্টৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগেই ফৰাচী অনুৰাগীৰ হৰ্ষোল্লাসত কঁপি উঠে বষ্টন ষ্টেডিয়াম। ডেছিৰে ডুৱেৰ পৰা পোৱা নিখুঁত পাছৰ সুবিধা লৈ কিলিয়ান এমবাপেই পেনাল্টি বক্সৰ একোণৰ পৰা মৰক্কোৰ তিনিজন ডিফেণ্ডাৰে সৃষ্টি কৰা দেৱালৰ মাজেৰে গলপোষ্টৰ নেটলৈ মাৰি পঠিওৱা দুৰ্দান্ত শ্বটটো আছিল বিগত বিশ্বকাপৰ নক আউট পৰ্যায়ৰ এটা অন্যতম শ্ৰেষ্ঠ গল। এমবাপেৰ এই গ’লটোৰ আনন্দক দুগুণ কৰি মেচখনৰ ৬৬ মিনিটত এমবাপেৰ চমৎকাৰী পাছক সুন্দৰভাৱে গ্ৰহণ কৰি উছমান ডেম্বেলেই বলটো গ’লপোষ্টৰ সোঁফালে মাৰি পঠিয়ায়।

কিন্তু এইবাৰ মৰক্কোৰ গলকীপাৰ বুনৌৱে বলটোত সামান্যতম স্পৰ্শ কৰাৰ বাদে দলক ৰক্ষা কৰাৰ বাবে বিশেষ একো কৰিব নোৱাৰিলে। ডেম্বেলেৰ গ’লটোৰ পিছতে ফ্ৰান্সে ২-০ অগ্ৰগতি লাভ কৰাৰ লগে লগে একপ্ৰকাৰ নিশ্চিত হৈ পৰে যে তেওঁলোকৰ ছেমি ফাইনেলৰ পথ ইতিমধ্যেই প্ৰশস্ত হৈ পৰিছে। সমগ্ৰ মেচখনত ফ্ৰান্সেই সম্পূৰ্ণ নিয়ন্ত্ৰণ বজাই ৰাখে। ফ্ৰান্সে সমগ্ৰ মেচখনত মুঠ ২২টা শ্বট লয়, ইয়াৰে ৯টা আছিল শ্বট অন টাৰ্গেট, ইয়াৰ বিপৰীতে ম’ৰক্কোৱে মাত্ৰ ৫টা শ্বট ল’বলৈহে সক্ষম হয়।

গ’ল্ডেন বুটৰ দৌৰত এমবাপে

আজিৰ মেচখনত কৰা গ’লটোৰে ২৭ বছৰীয়া কিলিয়ান এমবাপেৰ চলিত বিশ্বকাপত গ’লৰ সংখ্যা ৮টালৈ বৃদ্ধি পালে। একে সংখ্যক ৮টা গ’লৰে লিঅ’নেল মেছিও গ’ল্ডেন বুটৰ দৌৰত যৌথভাৱে শীৰ্ষস্থানত আছে। আনহাতে এয়া এমবাপেৰ তৃতীয় বিশ্বকাপ আৰু বিশ্বকাপ ইতিহাসত তেওঁৰ মুঠ গ’লৰ সংখ্যা এই পৰ্যন্ত ২০টা। ইয়াৰ বিপৰীতে ষষ্ঠবাৰৰ বাবে বিশ্বকাপ খেলি থকা মেছিৰ নামত আছে ২১টা গ’ল।

একেৰাহে তৃতীয়বাৰলৈ ছেমি ফাইনেলত ফ্ৰান্স

মৰক্কোৰ বিৰুদ্ধে জয়ৰ লগে লগে ফিফা বিশ্বকাপত একেৰাহে তৃতীয়বাৰলৈ ছেমি ফাইনেললৈ উন্নীত হ’ল ফ্ৰান্স। ২০২৪ত ফাইনেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে পৰাস্ত হৈ ৰানাৰ্ছ আপতে ক্ষান্ত আছিল ফ্ৰান্স। বিগত বিশ্বকাপৰ ফাইনেলত কৰা এমবাপেৰ দুৰ্দান্ত হেইট্ৰিকটো ফুটবল অনুৰাগীয়ে হয়টো এতিয়াও পাহৰা নাই। নিৰ্ধাৰিত সময়ত ৩-৩ৰে সমতা স্থাপন কৰা ফ্ৰান্সে টাই বেকাৰত ৪-২ৰ ব্যৱধানত পৰাস্ত হৈছিল। ইয়াৰ পূৰ্বে ২০১৮ত ফ্ৰান্সে ফাইনেলত ক্ৰোৱেচিয়াক ৪-২ৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিছিল।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24mbappe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

September 13, 2026
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…
সমীক্ষণ (আলোচনী)

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

September 12, 2026
Next Post
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ'ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.