৫ আগষ্টত বুধ গ্ৰহই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব আৰু ২২ আগষ্টলৈ কৰ্কট ৰাশিত অৱস্থান কৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি বুদ্ধি, যুক্তি আৰু যোগাযোগৰ অধিপতি বুধৰ এই গোচৰে কিছুমান ৰাশিৰ জাতক-জাতিকাৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব। এই সময়ছোৱাত পাৰিবাৰিক সুখ-শান্তি, কৰ্মজীৱনত উন্নতি, আৰ্থিক লাভৰ সুযোগ আৰু ঘৰ, মাটি অথবা বাহন ক্ৰয়ৰ সম্ভাৱনা বৃদ্ধি পাব। ব্ৰহ্মাণ্ডত গ্ৰহ-নক্ষত্ৰৰ গতি সদায় পৰিৱৰ্তিত হৈ থাকে। এইবাৰ ৫ আগষ্টত বুধদেৱে বন্ধু গ্ৰহ চন্দ্ৰৰ অধীনস্থ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। জ্যোতিষ শাস্ত্ৰ মতে বুধ গ্ৰহ বুদ্ধিমত্তা, বিশ্লেষণ ক্ষমতা, শিক্ষা আৰু যোগাযোগৰ প্ৰতীক। ২২ আগষ্টলৈ কৰ্কট ৰাশিত বুধৰ অৱস্থানৰ ফলত প্ৰায় ১৮ দিন ধৰি কেইবাটাও ৰাশিৰ জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা যাব বুলি বিশ্বাস কৰা হয়।
মেষ ৰাশি
বুধৰ এই গোচৰে মেষ ৰাশিৰ জাতক-জাতিকাৰ পৰিয়ালত সুখ-শান্তি বৃদ্ধি কৰিব। এই সময়ছোৱাত ঘৰ, মাটি বা বাহন ক্ৰয়ৰ শুভ যোগ সৃষ্টি হ’ব পাৰে। ব্যৱসায়ত লাভৰ সম্ভাৱনাও উজ্জ্বল। অৱশ্যে ভৱিষ্যতে কোনো সমস্যাৰ সন্মুখীন নহ’বলৈ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত চিন্তা-ভাবনা কৰি লোৱাটো বাঞ্ছনীয়।
মিথুন ৰাশি
মিথুন ৰাশিৰ অধিপতি গ্ৰহই হৈছে বুধ। সেয়ে এই সময়ছোৱাত মিথুন ৰাশিৰ লোকসকলে বিশেষ শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত থকা বাধা-বিঘিনি দূৰ হ’ব পাৰে আৰু নতুন সুযোগ আহিব পাৰে। চাকৰি আৰু ব্যৱসায়—উভয় ক্ষেত্ৰতে ইতিবাচক পৰিৱৰ্তন দেখা যাব। আকস্মিক ধনলাভ আৰু আৰ্থিক স্থিৰতাৰ সম্ভাৱনাও বৃদ্ধি পাব। কিন্তু খং নিয়ন্ত্ৰণত ৰখা আৰু সৰু-সুৰা বিষয় অযথা দীঘলীয়া নকৰাটো প্ৰয়োজন।
কন্যা ৰাশি
বুধৰ এই গোচৰ কন্যা ৰাশিৰ বাবে যথেষ্ট শুভ বুলি গণ্য কৰা হৈছে। কৰ্মজীৱনত ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ভৱিষ্যতৰ পৰিকল্পনা তৈয়াৰ কৰাৰ বাবে এই সময় উপযুক্ত। মনৰ বহু আশা-আকাংক্ষা পূৰণ হ’ব পাৰে। পৰিয়ালত মৰম-চেনেহ আৰু সম্প্ৰীতি অটুট থাকিব। স্বাস্থ্যও আগতকৈ উন্নত হোৱাৰ সম্ভাৱনা আছে।
তুলা ৰাশি
তুলা ৰাশিৰ জাতক-জাতিকাই এই সময়ছোৱাত মানসিক শান্তি আৰু সুখ অনুভৱ কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ যথোচিত ফল লাভ কৰাৰ সম্ভাৱনা আছে। উচ্চপদস্থ বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে আৰু পদোন্নতিৰ সুযোগো সৃষ্টি হ’ব পাৰে। সমাজত সুনাম আৰু সন্মান বৃদ্ধি পাব।
মকৰ ৰাশি
বুধৰ এই গোচৰে মকৰ ৰাশিৰ জাতক-জাতিকাৰ কৰ্মক্ষেত্ৰত উল্লেখযোগ্য সফলতা আৰু সৌভাগ্য কঢ়িয়াই আনিব পাৰে। বৈবাহিক জীৱন সুখময় হ’ব আৰু পৰিয়ালত শান্তি-সম্প্ৰীতি বিৰাজ কৰিব। ধৈৰ্যসহকাৰে সিদ্ধান্ত ল’লে সকলো কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। খং পৰিহাৰ কৰাটো প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰতো ইতিবাচক ফল লাভ হ’ব পাৰে।
গুৰুত্বপূৰ্ণ: এই প্ৰতিবেদনত উল্লেখ কৰা তথ্যসমূহ জ্যোতিষ শাস্ত্ৰ আৰু প্ৰচলিত বিশ্বাসৰ ওপৰত আধাৰিত। ইয়াৰ বৈজ্ঞানিক সত্যতা নিশ্চিত কৰা হোৱা নাই। ASOM LIVE24-এ এই দাবীসমূহৰ সত্যতা নিশ্চিত নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















