প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২৪ সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে নেকি? কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা। এই আঁচনিৰ অধীনত যোগ্য কৃষকক বছৰি তিনিটা কিস্তিত ২০০০ টকা অৰ্থাৎ মুঠ ৬০০০ টকা দিয়া হয়। এতিয়া কৃষকসকলে ২৪ কিস্তিৰ বাবে অপেক্ষা কৰি আছে। কিন্তু প্ৰশ্ন হয় এই কিস্তিৰ সুবিধা পাব নে নাপাব?
২৪ সংখ্যক কিস্তি কেতিয়া আহিব?
পি এম কিষাণ আঁচনিৰ কিস্তি সাধাৰণতে প্ৰতি চাৰি মাহৰ মূৰে মূৰে মুকলি কৰা হয়। যোৱা ২০ জুনত মুকলি কৰা হৈছিল যোৱা ২৩ সংখ্যক কিস্তি।সেই অনুসৰি চাৰি মাহৰ ব্যৱধান অক্টোবৰ মাহত সম্পূৰ্ণ হ’ব। গতিকে অক্টোবৰ মাহত ২৪ সংখ্যক কিস্তি মুকলি হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে কেন্দ্রীয় চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই৷ চৰকাৰী অধিসূচনা প্ৰকাশৰ পিছতহে চূড়ান্ত তাৰিখ জানিব পৰা যাব।
আপুনি ২৪তম কিস্তিৰ বাবে যোগ্য নে নহয় জানিবলৈ অনলাইনত আপোনাৰ ষ্টেটাছ সহজে পৰীক্ষা কৰিব পাৰিব।
- প্ৰথমে PM-Kisanৰ অফিচিয়েল ৱেবছাইটলৈ যাওক। তাত ‘Know Your Status’ বিকল্পত ক্লিক কৰক।
- এতিয়া আপোনাৰ Registration Number দিয়ক।
- যদি আপোনাৰ পঞ্জীয়ন নম্বৰ মনত নাই, তেন্তে ‘আপোনাৰ পঞ্জীয়ন নম্বৰ জানি লওক’ বিকল্পত ক্লিক কৰি বিচাৰি পাব পাৰে।
- তাৰ পিছত captcha code টো দি ‘Get Details’ বুটামত ক্লিক কৰক।
- ইয়াৰ পিছত আপোনাৰ এপ্লিকেচনৰ সম্পূৰ্ণ অৱস্থা পৰ্দাত প্ৰদৰ্শিত হ’ব। তাৰ পৰাই আপুনি গম পাব যে আপুনি ২৪ সংখ্যক কিস্তি পোৱাৰ সম্ভাৱনা আছে নে নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ












