গুৱাহাটীত মুষলধাৰ বৰষুণ! বৰষুণ মানেই যেন ডাঙৰ বিপদ মহানগৰবাসীৰ বাবে। আজি অহা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানে ভয়াৱহ ৰূপ লোৱাৰ আশংকা।

হঠাতে অহা বৰষুণজাকৰ ফলত ব্যাহত হৈ পৰে জনজীৱন। কোনো গুৰুত্বপূৰ্ণ কাম নাথাকিলে ভুলতো নোলাব বাহিৰলৈ।

গুৱাহাটীত নিশা অহা প্ৰৱল বৰষুণৰ পিছতে অধিকাংশ পথ-উপ-পথত একাঁঠু পানী।

ইয়াৰ মাজতে বতৰ বিজ্ঞানে জাৰি কৰিছে সতৰ্কবাণী। ২৬খন জিলাত আহিব ধাৰাসাৰ বৰষুণ অহাৰ আশংকা।

গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন প্ৰান্ত যেনে মালিগাঁও, হাতীগড়, বেলতলা আদিত কৃত্ৰিম বানপানী আৰু গুৰুতৰ যান-জঁটৰ সৃষ্টি হৈছে।

ৰাস্তাত পানী জমা হোৱাৰ বাবে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। কৰ্মসূত্ৰে বাহিৰলৈ ওলাই অহা সকলো এতিয়া সমস্যাত পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














