বিগত দুবছৰত শ্বেয়াৰ বজাৰ বহু উঠা-নমাৰ মাজেৰে পাৰ হৈছে, লগতে লভ্যাংশ আগৰ দৰে পোৱা নাই, তথাপিও ৫ বছৰৰ তথ্যই নিৱেশকাৰীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে। বিগত ৫ বছৰত ভাৰতৰ ৩১০টা ইকুইটি মিউচুৱেল ফাণ্ডৰ ভিতৰত ১০১টা ফাণ্ডে নিৱেশকাৰীৰ টকা দুগুণ বা তাৰো অধিক কৰি দিছে। কেৱল সেয়াই নহয়, ৪টা ফাণ্ডে মাত্ৰ ৩ বছৰতেই টকা দুগুণ কৰিবলৈ সক্ষম হৈছে। কিন্তু বিশেষজ্ঞসকলে কৈছে যে কেৱল আগৰ লাভ চাই নিৱেশৰ সিদ্ধান্ত লোৱাটো ঠিক নহয়।
কোনবোৰ ফাণ্ডে সৰ্বাধিক লাভ দিছে?
বিগত ৫ বছৰত ICICI Prudential Infrastructure Fund-এ ১৮৮% লাভ দি প্ৰথম স্থান দখল কৰিছে। তাৰ পিছত SBI PSU Fund আৰু LIC MF Infrastructure Fund-এ প্ৰায় ১৮৩% লাভ দিছে।
ইয়াৰ উপৰিও—
Aditya Birla Sun Life PSU Equity Fund – ১৭৯%
DSP India TIGER Fund – ১৭৬.৫১%
Nippon India Power & Infrastructure Fund – ১৭৪%
Motilal Oswal Midcap Fund – ১৭২%
৩ বছৰৰ ভিতৰত HDFC Defence Fund-এ সৰ্বাধিক ১৭৪.১১% লাভ দিছে। অৰ্থাৎ, যদি কোনোবাই ৩ বছৰ আগতে ১ লাখ টকা নিৱেশ কৰিছিল, তেন্তে এতিয়া সেই টকা প্ৰায় ২.৭৪ লাখ টকা হ’লহেঁতেন। ইয়াৰ লগতে Bandhan Small Cap Fund, Quant BFSI Fund আৰু LIC MF Infrastructure Fund-এও ৩ বছৰত টকা দুগুণ কৰিছে।
এই ফাণ্ডবোৰে কিয় ভাল ফলাফল দিছিল?
এই ফাণ্ডবোৰৰ ভাল ফলাফলৰ মূল কাৰণ হ’ল ডিফেন্স, ইনফ্ৰাষ্ট্ৰাকচাৰ, পিএছইউ (PSU), হেল্থকেয়াৰ, স্ম’ল কেপ আৰু ফাইনেঞ্চিয়েল ছাৰ্ভিচেছ খণ্ডৰ দ্ৰুত বিকাশ।
চৰকাৰে অধিক মূলধনী ব্যয় কৰা, ডিফেন্স বাজেট বৃদ্ধি, ৰাষ্ট্ৰীয় ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰকল্প আৰু ঔষধ উদ্যোগত বিশ্বজুৰি চাহিদা বাঢ়াৰ ফলত এই খণ্ডসমূহৰ কোম্পানীবোৰে ভাল লাভ কৰে। তাৰ ফল এই মিউচুৱেল ফাণ্ডবোৰেও পাইছে।
এতিয়া নিৱেশ কৰাৰ সঠিক সময় নেকি?
বহু বিশেষজ্ঞৰ মতে, কোনো এটা খণ্ড সদায় একে ধৰণে আগবাঢ়ি নাথাকে। কেতিয়াবা লাভৰ উচ্চ সীমা স্পৰ্শ কৰে আকৌ কেতিয়াবা এঠাইতে থমকি ৰয়। সেয়েহে কেৱল আগৰ ৫ বছৰৰ লাভ দেখি নিৱেশ কৰা উচিত নহয়। আচলতে, যিবোৰ ফাণ্ডে বিগত ৫ বছৰত বহুত লাভ দিছিল, সেইবোৰৰ ভিতৰত কেইবাটাৰো যোৱা ২ বছৰৰ ফলাফল বিশেষ ভাল নাছিল। ইয়াৰ অৰ্থ হৈছে, কোনো এটা খণ্ডত দ্ৰুত বৃদ্ধি হোৱাৰ পিছত কিছু সময় স্থিৰ অৱস্থাও আহিব পাৰে।
নিৱেশকাৰীৰ বাবে পৰামৰ্শ কি?
বিশেষজ্ঞসকলে কয় যে ভাৰতৰ অৰ্থনীতি দীঘলীয়া সময়ৰ বাবে এতিয়াও শক্তিশালী। কিন্তু আগৰ দৰে অতি বেছি লাভৰ আশা কৰা উচিত নহয়। সাধাৰণ নিৱেশকাৰীৰ বাবে Flexi Cap, Multi Cap, Large & Mid Cap বা Diversified Equity Fund অধিক উপযুক্ত। এই ফাণ্ডবোৰে বিভিন্ন খণ্ডত নিৱেশ কৰে, যাৰ ফলত বিপদৰ আশংকা কমে আৰু বজাৰৰ অৱস্থা অনুসৰি ফাণ্ড মেনেজাৰে নিৱেশ সলনি কৰিব পাৰে। নিৱেশ কৰাৰ আগতে নিজৰ আৰ্থিক লক্ষ্য, কিমান বিপদ বহন কৰিব পাৰে আৰু কিমান দিনৰ বাবে নিৱেশ কৰিব বিচাৰে, এই তিনিটা কথা ভালদৰে বিবেচনা কৰি সিদ্ধান্ত লোৱা উচিত।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















