যদি আপুনি বেংকিং খণ্ডৰ জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহী তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। বেংক অৱ বৰোদাই পূৰ্বৰ নিযুক্তি অভিযানৰ সময়ত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই নিযুক্তি অভিযানত সহকাৰী উপ-সভাপতি (এভিপি) পৰ্যায়ৰ বিভিন্ন বিশেষজ্ঞ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। ২০২৬ চনৰ ১১ জুলাইৰ পৰা আৰম্ভ হৈছে আৱেদন প্ৰক্ৰিয়া।ইচ্ছুক প্ৰাৰ্থীসকলে বেংকৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইনযোগে আবেদন কৰিব পাৰিব। নিৰ্বাচিত প্ৰাৰ্থীসকলে বেংকৰ ভিতৰত দায়িত্বশীল পদত কাম কৰাৰ সুযোগ পাব।
পূৰ্বৰ বাছনিৰ সময়ত খালী হৈ থকা পদ পূৰণৰ বাবে এই নিযুক্তি অভিযান চলোৱা হৈছে। এই ড্ৰাইভে ডাটা এনালাইষ্ট/ডাটা চাইন্টিষ্ট, প্ৰজেক্ট মেনেজমেণ্ট স্পেচিয়েলিষ্ট, এজিল ট্ৰেন্সফৰ্মেচন এক্সপাৰ্ট, আৰু বিজনেছ ফাইনেন্স এনালাইষ্টৰ দৰে পদৰ বাবে সহকাৰী উপ-সভাপতি (এভিপি) নিযুক্তি দিব। ইচ্ছুক প্ৰাৰ্থীয়ে বেংকৰ অফিচিয়েল ৱেবছাইট bankofbaroda.bank.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব।
অৰ্হতা আৰু অভিজ্ঞতাৰ চৰ্ত
প্ৰতিটো পদৰ বাবে বিভিন্ন শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ প্ৰয়োজন। বেছিভাগ পদতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ প্ৰয়োজন। অভিযান্ত্ৰিক, কম্পিউটাৰ বিজ্ঞান, আই টি, ডাটা বিজ্ঞান, এম চি এ, এম বি এ, পি জি ডি এম, বা আনুষংগিক ক্ষেত্ৰৰ প্ৰাৰ্থীক পছন্দ কৰা হ’ব।
নিৰ্বাচন প্ৰক্ৰিয়া
আবেদনৰ তদন্ত, অনলাইন পৰীক্ষা, চাইকোমেট্ৰিক পৰীক্ষা, গোটৰ আলোচনা, সাক্ষাৎকাৰ, আৰু অন্যান্য প্ৰয়োজনীয় পৰ্যায়ৰ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। প্ৰয়োজন হ’লে বেংকে নিৰ্বাচন প্ৰক্ৰিয়াটো সংশোধন কৰিব পাৰে। নিৰ্বাচিত প্ৰাৰ্থীসকলক প্ৰথমে মুম্বাইত নিযুক্তি দিয়া হ’ব যদিও প্ৰয়োজন অনুসৰি বেংকে অন্য স্থানতো প্লেচমেণ্টৰ ব্যৱস্থা কৰিব পাৰে।
এপ্লিকেচন ছিষ্টেম
আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে প্ৰথমে অনলাইনত পঞ্জীয়ন কৰিব লাগে, তাৰ পিছত তেওঁলোকৰ ব্যক্তিগত তথ্য, শৈক্ষিক তথ্য দিব লাগে, আৰু প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰিব লাগে। নিৰ্ধাৰিত আবেদন মাচুল পৰিশোধ কৰাৰ পিছত প্ৰ-পত্ৰ জমা দিব আৰু ভৱিষ্যতে ব্যৱহাৰৰ বাবে প্ৰিন্টআউট লওক। নিযুক্তিৰ সকলো আপডেট বেংকৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















