• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

60 minutes ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

29 minutes ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

2 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

2 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

3 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

4 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

5 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

6 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

6 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

7 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

7 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

8 hours ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

কেনেকৈ বাছনি কৰা হৈছিল বেগমসকলক?

editor by editor
July 15, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱধৰ অন্তিম নবাব ৱাজিদ আলী শ্বাহে নিজৰ সমগ্ৰ জীৱনত প্ৰায় ৩৭৫বাৰ নিকাহ কৰিছিল বুলি ইতিহাসত উল্লেখ পোৱা যায়। এই সংখ্যা শুনিবলৈ আচৰিত যেন লাগিলেও, ইয়াৰ আঁৰত তেওঁৰ ব্যক্তিগত ধাৰণা, ৰাজ দৰবাৰৰ প্ৰথা আৰু সেই সময়ৰ সামাজিক-সাংস্কৃতিক পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কলিকাতাত বসবাস কৰা তেওঁৰ এজন বংশধৰৰ মতে, ৱাজিদ আলী শ্বাহৰ বিশ্বাস আছিল যে কোনো মহিলাক বিৱাহ নকৰাকৈ নিজৰ সেৱাত নিয়োজিত কৰাটো উচিত নহয়। সেইবাবেই তেওঁ বহু মহিলাক ‘মুতাহ’ (অস্থায়ী বিবাহ)ৰ মাধ্যমেৰে বিবাহ কৰিছিল

বেগমসকলক তিনিটা শ্ৰেণী ভাগ কৰিছিল ৱাজিদ আলী শ্বাহে

ৱাজিদ আলী শ্বাহৰ বেগমসকলক মূলতঃ তিনিটা ভাগত বিভক্ত কৰা হৈছিল—
মহল – যিসকল মহিলাই নবাবৰ সন্তান জন্ম দিছিল, তেওঁলোকক ‘মহল’ৰ মৰ্যাদা দি পৰ্দাৰ ভিতৰত ৰখা হৈছিল।
বেগম – যিসকলৰ সন্তান নাছিল, তেওঁলোকক ‘বেগম’ বুলি কোৱা হৈছিল।
খিলাৱতী – এইসকল আছিল আটাইতকৈ তলৰ শ্ৰেণীৰ পত্নী। তেওঁলোকে ৰাজপ্ৰাসাদৰ গৃহস্থালীৰ কাম-কাজতো অংশ ল’ব লাগিছিল, যদিও তেওঁলোকো নবাবৰ সৈতে বিৱাহসূত্ৰে আবদ্ধ আছিল। ইয়াৰ উপৰিও ‘পৰী’ নামে আন এটা শ্ৰেণী আছিল। লক্ষ্ণৌৰ চৌক অঞ্চলৰ তৱায়েফসকলৰ মাজৰ পৰা ৰূপ-সৌন্দৰ্য আৰু নৃত্য-সংগীতৰ প্ৰতিভাৰ ভিত্তিত তেওঁলোকক বাছনি কৰা হৈছিল। প্ৰশিক্ষণৰ পিছত তেওঁলোকে ৰাজসভাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। নবাবৰ মন গ’লে তেওঁলোককো ‘মুতাহ’ বিৱাহৰ মাধ্যমেৰে পত্নীৰ মৰ্যাদা দিয়া হৈছিল।

কেনেকৈ বাছনি কৰা হৈছিল বেগম?

ৱাজিদ আলী শ্বাহে বেগম বাছনি কৰাৰ ক্ষেত্ৰত জাতি, বৰ্ণ বা সামাজিক মৰ্যাদাৰ কোনো ভেদাভেদ কৰা নাছিল। কোনো দাসী, সেইসময়ৰ নিম্নবৰ্গৰ মহিলা যদি তেওঁৰ পছন্দ হৈছিল, তেন্তে তেওঁ সেই মহিলাগৰাকীৰেও বিৱাহপাশত আৱদ্ধ হৈছিল। আফ্ৰিকাৰ পৰা অনা দাসী বা অংগৰক্ষী মহিলাসকলৰ মাজৰো বহুকেইগৰাকী যুৱতীক বিৱাহৰ জৰিয়তে তেওঁ বেগম কৰি লৈছিল। ইয়াৰ উপৰিও কেতিয়াবা বিৱাহিত মহিলাকো ‘মুতাহ’ প্ৰথাৰ জৰিয়তে নিকাহ কৰাৰ উদাহৰণ ইতিহাসত পোৱা যায়। দৰবাৰৰ কৰ্মচাৰী বা অভিভাৱকসকলেও কেতিয়াবা নিজৰ কন্যা বা পৰিচিত মহিলাক নবাবৰ ওচৰলৈ লৈ আহিছিল, কাৰণ ইয়াৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালে আৰ্থিক সহায় লাভ কৰাৰ আশা কৰিছিল।

শৈশৱৰ অভিজ্ঞতা আৰু ‘পৰীখানা’

১৮৪৭ চনত মাত্ৰ ২৬ বছৰ বয়সতে ৱাজিদ আলী শ্বাহে অৱধৰ সিংহাসনত অধিষ্ঠিত হয়। ইয়াৰ কিছুদিন পিছতে তেওঁ ‘পৰীখানা’ নামে নিজৰ আত্মজীৱনীমূলক গ্ৰন্থ লিখে।
এই গ্ৰন্থত তেওঁ অকপটে উল্লেখ কৰিছে যে, আঠ বছৰ বয়সত তেওঁৰ তত্ত্বাৱধানত থকা এজন মধ্যবয়সীয়া মহিলাই তেওঁক শাৰীৰিকভাৱে শোষণ কৰিছিল। পিছত আন এগৰাকী মহিলাৰ সৈতে তেওঁৰ সন্মতিসূচক সম্পৰ্ক গঢ় লৈ উঠিছিল। কৈশোৰ পাৰ হোৱাৰ লগে লগে তেওঁৰ প্ৰেম আৰু বিৱাহৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছিল। ৱাজিদ আলীৰ প্ৰথম বিৱাহ হৈছিল ১৫ বছৰ বয়সত, নিজতকৈ ৫ বছৰ ডাঙৰ এগৰাকী মহিলাৰ সৈতে, যাক পিছলৈ ‘খাছ মহল’ নামে জনা গৈছিল। ‘পৰীখানা’ লিখা সময়লৈকে তেওঁৰ প্ৰায় ২৪বাৰকৈ নিকাহ সম্পন্ন হৈছিল।
পৰীখানাত তেওঁ লিখিছিল—“ঈশ্বৰে সকলোকে প্ৰেমৰ উপহাৰ দিয়ে। কিন্তু যি বসন্তৰ বাগিচা হ’ব লাগিছিল, সেয়া মোৰ বাবে এক ব্যয়বহুল জংঘলত পৰিণত হৈছে।”

‘মুতাহ’ বিৱাহ কি?

ইছলাম ধৰ্মত সাধাৰণতে চাৰিজন পত্নী পৰ্যন্ত বিৱাহৰ অনুমতি আছে আৰু সকলোৰে লগত সমান আচৰণ কৰাৰ নিয়ম আছে। ইতিহাসবিদসকলৰ মতে, ৱাজিদ আলী শ্বাহে অধিকাংশ ক্ষেত্ৰতে ‘মুতাহ’ বা অস্থায়ী বিৱাহৰ প্ৰথা অনুসৰণ কৰিছিল। এই বিৱাহৰ নিৰ্দিষ্ট সময় সীমা থাকিব পাৰে—এদিনৰ পৰা এক বছৰতকৈও অধিক।

বেগমসকলৰ ভাট্টা

বিৱাহৰ পিছত সকলো বেগমে একে সুবিধা নাপাইছিল।মহল শ্ৰেণীৰ পত্নীয়ে মাহিলী পাইছিল ১,৬০০ টকাকৈ, আনহাতে বেগম শ্ৰেণীৰ পত্নীয়ে মাহিলী পাইছিল ১০০ টকাকৈ আৰু খিলাৱতী শ্ৰেণীৰ পত্নীয়ে মাহিলী পাইছিল ২০ টকাকৈ। কিন্তু এই সম্পূৰ্ণ ধন তেওঁলোকৰ হাতত নপৰিছিল। উদাহৰণস্বৰূপে, ১০০ টকাৰ ভিতৰত মাত্ৰ ১৬ টকা নগদ দিয়া হৈছিল; বাকী অংশ খাদ্য, পোছাক আৰু বাসস্থানৰ খৰচ হিচাপে কাটি ৰখা হৈছিল। ইমান বৃহৎ সংখ্যক পত্নীৰ মাজত স্বাভাৱিকভাৱেই প্ৰতিযোগিতা আছিল। নবাবৰ সান্নিধ্য লাভ কৰিবলৈ পত্নীসকলৰ মাজত প্ৰায়ে কাজিয়া, টনা-আঁচোৰৰ দৰে ঘটনাও সংঘটিত হৈছিল। নবাবে মাজে-মধ্যে সমাধানৰ চেষ্টা কৰিলেও সকলো সময় সফল হ’ব নোৱাৰিছিল।

আফ্ৰিকান মহিলাৰ প্ৰতি বিশেষ আকৰ্ষণ

ৱাজিদ আলী শ্বাহৰ শ্যামবৰ্ণ আৰু আফ্ৰিকান মহিলাৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল। তেওঁ আফ্ৰিকান মহিলা অংগৰক্ষীৰে আগুৰি থাকিবলৈ ভাল পাইছিল। ইয়াছমিন মহল আৰু আজীব খানম তেওঁৰ আফ্ৰিকান পত্নীসকলৰ ভিতৰত উল্লেখযোগ্য।
ৱাজিদ আলী শ্বাহৰ ব্যক্তিগত জীৱন আজিও ইতিহাসবিদসকলৰ বাবে এক আগ্ৰহৰ বিষয়। তেওঁ সংগীত, নৃত্য, সাহিত্য আৰু নাট্যকলাৰ এক মহান পৃষ্ঠপোষক আছিল, কিন্তু একে সময়তে তেওঁৰ বহু বিৱাহ, বিশাল হাৰেম আৰু ব্যক্তিগত জীৱনৰ বিভিন্ন দিশৰ বাবে সদায় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24marriage
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব
জীৱনশৈলী

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

July 15, 2026
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
বিনোদন

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

July 15, 2026
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan
বিনোদন

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

July 15, 2026
Next Post
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.