অৱধৰ অন্তিম নবাব ৱাজিদ আলী শ্বাহে নিজৰ সমগ্ৰ জীৱনত প্ৰায় ৩৭৫বাৰ নিকাহ কৰিছিল বুলি ইতিহাসত উল্লেখ পোৱা যায়। এই সংখ্যা শুনিবলৈ আচৰিত যেন লাগিলেও, ইয়াৰ আঁৰত তেওঁৰ ব্যক্তিগত ধাৰণা, ৰাজ দৰবাৰৰ প্ৰথা আৰু সেই সময়ৰ সামাজিক-সাংস্কৃতিক পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কলিকাতাত বসবাস কৰা তেওঁৰ এজন বংশধৰৰ মতে, ৱাজিদ আলী শ্বাহৰ বিশ্বাস আছিল যে কোনো মহিলাক বিৱাহ নকৰাকৈ নিজৰ সেৱাত নিয়োজিত কৰাটো উচিত নহয়। সেইবাবেই তেওঁ বহু মহিলাক ‘মুতাহ’ (অস্থায়ী বিবাহ)ৰ মাধ্যমেৰে বিবাহ কৰিছিল
বেগমসকলক তিনিটা শ্ৰেণী ভাগ কৰিছিল ৱাজিদ আলী শ্বাহে
ৱাজিদ আলী শ্বাহৰ বেগমসকলক মূলতঃ তিনিটা ভাগত বিভক্ত কৰা হৈছিল—
মহল – যিসকল মহিলাই নবাবৰ সন্তান জন্ম দিছিল, তেওঁলোকক ‘মহল’ৰ মৰ্যাদা দি পৰ্দাৰ ভিতৰত ৰখা হৈছিল।
বেগম – যিসকলৰ সন্তান নাছিল, তেওঁলোকক ‘বেগম’ বুলি কোৱা হৈছিল।
খিলাৱতী – এইসকল আছিল আটাইতকৈ তলৰ শ্ৰেণীৰ পত্নী। তেওঁলোকে ৰাজপ্ৰাসাদৰ গৃহস্থালীৰ কাম-কাজতো অংশ ল’ব লাগিছিল, যদিও তেওঁলোকো নবাবৰ সৈতে বিৱাহসূত্ৰে আবদ্ধ আছিল। ইয়াৰ উপৰিও ‘পৰী’ নামে আন এটা শ্ৰেণী আছিল। লক্ষ্ণৌৰ চৌক অঞ্চলৰ তৱায়েফসকলৰ মাজৰ পৰা ৰূপ-সৌন্দৰ্য আৰু নৃত্য-সংগীতৰ প্ৰতিভাৰ ভিত্তিত তেওঁলোকক বাছনি কৰা হৈছিল। প্ৰশিক্ষণৰ পিছত তেওঁলোকে ৰাজসভাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। নবাবৰ মন গ’লে তেওঁলোককো ‘মুতাহ’ বিৱাহৰ মাধ্যমেৰে পত্নীৰ মৰ্যাদা দিয়া হৈছিল।
কেনেকৈ বাছনি কৰা হৈছিল বেগম?
ৱাজিদ আলী শ্বাহে বেগম বাছনি কৰাৰ ক্ষেত্ৰত জাতি, বৰ্ণ বা সামাজিক মৰ্যাদাৰ কোনো ভেদাভেদ কৰা নাছিল। কোনো দাসী, সেইসময়ৰ নিম্নবৰ্গৰ মহিলা যদি তেওঁৰ পছন্দ হৈছিল, তেন্তে তেওঁ সেই মহিলাগৰাকীৰেও বিৱাহপাশত আৱদ্ধ হৈছিল। আফ্ৰিকাৰ পৰা অনা দাসী বা অংগৰক্ষী মহিলাসকলৰ মাজৰো বহুকেইগৰাকী যুৱতীক বিৱাহৰ জৰিয়তে তেওঁ বেগম কৰি লৈছিল। ইয়াৰ উপৰিও কেতিয়াবা বিৱাহিত মহিলাকো ‘মুতাহ’ প্ৰথাৰ জৰিয়তে নিকাহ কৰাৰ উদাহৰণ ইতিহাসত পোৱা যায়। দৰবাৰৰ কৰ্মচাৰী বা অভিভাৱকসকলেও কেতিয়াবা নিজৰ কন্যা বা পৰিচিত মহিলাক নবাবৰ ওচৰলৈ লৈ আহিছিল, কাৰণ ইয়াৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালে আৰ্থিক সহায় লাভ কৰাৰ আশা কৰিছিল।
শৈশৱৰ অভিজ্ঞতা আৰু ‘পৰীখানা’
১৮৪৭ চনত মাত্ৰ ২৬ বছৰ বয়সতে ৱাজিদ আলী শ্বাহে অৱধৰ সিংহাসনত অধিষ্ঠিত হয়। ইয়াৰ কিছুদিন পিছতে তেওঁ ‘পৰীখানা’ নামে নিজৰ আত্মজীৱনীমূলক গ্ৰন্থ লিখে।
এই গ্ৰন্থত তেওঁ অকপটে উল্লেখ কৰিছে যে, আঠ বছৰ বয়সত তেওঁৰ তত্ত্বাৱধানত থকা এজন মধ্যবয়সীয়া মহিলাই তেওঁক শাৰীৰিকভাৱে শোষণ কৰিছিল। পিছত আন এগৰাকী মহিলাৰ সৈতে তেওঁৰ সন্মতিসূচক সম্পৰ্ক গঢ় লৈ উঠিছিল। কৈশোৰ পাৰ হোৱাৰ লগে লগে তেওঁৰ প্ৰেম আৰু বিৱাহৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছিল। ৱাজিদ আলীৰ প্ৰথম বিৱাহ হৈছিল ১৫ বছৰ বয়সত, নিজতকৈ ৫ বছৰ ডাঙৰ এগৰাকী মহিলাৰ সৈতে, যাক পিছলৈ ‘খাছ মহল’ নামে জনা গৈছিল। ‘পৰীখানা’ লিখা সময়লৈকে তেওঁৰ প্ৰায় ২৪বাৰকৈ নিকাহ সম্পন্ন হৈছিল।
পৰীখানাত তেওঁ লিখিছিল—“ঈশ্বৰে সকলোকে প্ৰেমৰ উপহাৰ দিয়ে। কিন্তু যি বসন্তৰ বাগিচা হ’ব লাগিছিল, সেয়া মোৰ বাবে এক ব্যয়বহুল জংঘলত পৰিণত হৈছে।”
‘মুতাহ’ বিৱাহ কি?
ইছলাম ধৰ্মত সাধাৰণতে চাৰিজন পত্নী পৰ্যন্ত বিৱাহৰ অনুমতি আছে আৰু সকলোৰে লগত সমান আচৰণ কৰাৰ নিয়ম আছে। ইতিহাসবিদসকলৰ মতে, ৱাজিদ আলী শ্বাহে অধিকাংশ ক্ষেত্ৰতে ‘মুতাহ’ বা অস্থায়ী বিৱাহৰ প্ৰথা অনুসৰণ কৰিছিল। এই বিৱাহৰ নিৰ্দিষ্ট সময় সীমা থাকিব পাৰে—এদিনৰ পৰা এক বছৰতকৈও অধিক।
বেগমসকলৰ ভাট্টা
বিৱাহৰ পিছত সকলো বেগমে একে সুবিধা নাপাইছিল।মহল শ্ৰেণীৰ পত্নীয়ে মাহিলী পাইছিল ১,৬০০ টকাকৈ, আনহাতে বেগম শ্ৰেণীৰ পত্নীয়ে মাহিলী পাইছিল ১০০ টকাকৈ আৰু খিলাৱতী শ্ৰেণীৰ পত্নীয়ে মাহিলী পাইছিল ২০ টকাকৈ। কিন্তু এই সম্পূৰ্ণ ধন তেওঁলোকৰ হাতত নপৰিছিল। উদাহৰণস্বৰূপে, ১০০ টকাৰ ভিতৰত মাত্ৰ ১৬ টকা নগদ দিয়া হৈছিল; বাকী অংশ খাদ্য, পোছাক আৰু বাসস্থানৰ খৰচ হিচাপে কাটি ৰখা হৈছিল। ইমান বৃহৎ সংখ্যক পত্নীৰ মাজত স্বাভাৱিকভাৱেই প্ৰতিযোগিতা আছিল। নবাবৰ সান্নিধ্য লাভ কৰিবলৈ পত্নীসকলৰ মাজত প্ৰায়ে কাজিয়া, টনা-আঁচোৰৰ দৰে ঘটনাও সংঘটিত হৈছিল। নবাবে মাজে-মধ্যে সমাধানৰ চেষ্টা কৰিলেও সকলো সময় সফল হ’ব নোৱাৰিছিল।
আফ্ৰিকান মহিলাৰ প্ৰতি বিশেষ আকৰ্ষণ
ৱাজিদ আলী শ্বাহৰ শ্যামবৰ্ণ আৰু আফ্ৰিকান মহিলাৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল। তেওঁ আফ্ৰিকান মহিলা অংগৰক্ষীৰে আগুৰি থাকিবলৈ ভাল পাইছিল। ইয়াছমিন মহল আৰু আজীব খানম তেওঁৰ আফ্ৰিকান পত্নীসকলৰ ভিতৰত উল্লেখযোগ্য।
ৱাজিদ আলী শ্বাহৰ ব্যক্তিগত জীৱন আজিও ইতিহাসবিদসকলৰ বাবে এক আগ্ৰহৰ বিষয়। তেওঁ সংগীত, নৃত্য, সাহিত্য আৰু নাট্যকলাৰ এক মহান পৃষ্ঠপোষক আছিল, কিন্তু একে সময়তে তেওঁৰ বহু বিৱাহ, বিশাল হাৰেম আৰু ব্যক্তিগত জীৱনৰ বিভিন্ন দিশৰ বাবে সদায় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















