• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

3 weeks ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

5 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

5 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

5 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

6 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

6 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

7 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

8 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

9 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

9 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

10 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

11 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

জিতুল সোণোৱালকহে অসমৰ শিল্পী বুলি জানিছিল

editor by editor
September 24, 2026
in অসম, চিনেমা, বিনোদন, সংগীত
0
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
0
SHARES
309
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঈশ্বৰ পুত্ৰৰ মৃ*ত্যুৰ গোচৰৰ সাক্ষী হিচাপে আজি চান্দমাৰি ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হয় অভিমন্যু তালুকদাৰ। আদালতলৈ অহাৰ সময়ত সাংবাদিকৰ আগত জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত হোৱা সাক্ষাৎ, য়ট পাৰ্টিৰ দিনটোৰ ঘটনা আৰু জুবিন দা পানীত পৰাৰ পাছৰ পৰিস্থিতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে অভিমন্যুৱে। অভিমন্যুৰ বক্তব্য অনুসৰি, জুবিন গাৰ্গ যে এগৰাকী অতি জ্ঞানী আৰু মহান শিল্পী আছিল, সেই কথা তেওঁ আগতে হেনো জনাই নাছিল। ছিংগাপুৰত জুবিন দাক লগ পোৱাৰ পাছত, তেওঁৰ সৈতে কথা পাতি জুবিনৰ পঢ়া-শুনা, জ্ঞান আৰু বিভিন্ন বিষয়ৰ ওপৰত থকা গভীৰ দখলৰ বিষয়ে তেওঁ উপলব্ধি কৰিছিল।

অভিমন্যুৱে কয় যে জুবিন দাৰ সৈতে কথা পতাৰ সময়ত অসমৰ ইতিহাস, কলা-সংস্কৃতি আদি বিভিন্ন বিষয়ক লৈ জুবিন দাই বহু কথা কৈছিল। অভিমন্যুৱে অতি আচৰিত ধৰণে কয় যে বিগত ২২ বছৰতকৈ অধিক সময় তেওঁ অসমত নাছিল। ১৯৯৪-৯৫ চনত তেওঁ গুৱাহাটীত আছিল। সেই সময়ত তেওঁ জিতুল সোণোৱালৰহে অনুৰাগী আছিল বুলি মন্তব্য কৰে। অভিমন্যুৱে লগতে কয় যে সেই সময়ত জুবিন গাৰ্গৰ নাম শুনিছিল যদিও জুবিনৰ স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে তেওঁ অৱগত নাছিল। আনকি জুবিন দা জীৱনকালত প্ৰায় ৪০ হাজাৰ গান গোৱা বুলি তেওঁ জুবিন দাৰ মৃত্যুৰ পাছতহে জানিবলৈ পাইছিল বুলি অতি আচৰিত ধৰণে অভিমন্যুৱে মন্তব্য কৰে। দেশতেই থাকক বা বিদেশতেই থাকক প্ৰতিজন অসমীয়াই জানে জুবিন দাৰ কৃতিত্বৰ কথা, জুবিন দাৰ প্ৰতিটো কথা। তেনেক্ষেত্ৰত এজন অসমীয়া হৈও জুবিন দাৰ কথা, জুবিন দা কৃতিত্বৰ কথা নজনা বুলি মন্তব্য কৰাটো সঁচাকৈ আচৰিত কথা।

অভিমন্যুৰ বক্তব্য অনুসৰি, য়ট পাৰ্টিলৈ তেওঁক তন্ময় ফুকনে মাতিছিল। ১৯ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০ বজাত তেওঁ য়ট পাৰ্টিলৈ যোৱাৰ সিদ্ধান্ত লৈছিল আৰু দুপৰীয়া প্ৰায় ২ বজাত য়টত উপস্থিত হৈছিল। সুৰাৰ বটল যোগান ধৰাৰ সন্দৰ্ভতো অভিমন্যুৱে বক্তব্য দিয়ে। তেওঁ কয় যে, শ্যামকানু মহন্তকহে অভিমন্যুৱে সুৰাৰ বটল দিছিল। য়ট পাৰ্টিৰ প্ৰায় দুদিন আগতেই তেওঁক এইদৰে সুৰাৰ বটল যোগান ধৰিবলৈ কোৱা হৈছিল বুলি অভিমন্যুৱে কয়। ১৭ ছেপ্টেম্বৰত শ্যামকানু মহন্তক সুৰাৰ বটল দিয়া বুলিও তেওঁৰ বক্তব্যত উল্লেখ কৰে।

দ্বিতীয়বাৰ সাগৰত নমাৰ সময়ত লাইফ জেকেট নাছিল বুলি দাবী। অভিমন্যুৰ ভাষ্য অনুসৰি, জুবিনে য়টৰ পৰা সাগৰৰ পানীত নামি সাঁতুৰিবলৈ গৈছিল। দ্বিতীয়বাৰ পানীত জঁপিওৱাৰ পাছতেই হুলস্থুলৰ সৃষ্টি হোৱা বুলি তেওঁ কয়। তেওঁৰ মতে, সাগৰত সাঁতুৰিবলৈ যোৱাৰ সময়ত লাইফ জেকেট পৰিধান কৰাটো প্ৰয়োজনীয়। কিন্তু জুবিন দাই দ্বিতীয়বাৰ পানীত নমাৰ সময়ত লাইফ জেকেট পিন্ধা নাছিল বুলি অভিমন্যুৱে উল্লেখ কৰে। তেওঁ কয় যে সেই সময়ত তেওঁ জুবিন দাৰ ওচৰত নাছিল। তেওঁ এখন চকীত বহি আছিল আৰু পাছত হাত ধুবলৈ গৈছিল। সেই সময়তে হুলস্থুলৰ শব্দ শুনা বুলি অভিমন্যুৱে কয়।

‘শেষত কি হৈছিল?’ বুলি সোধাত অভিমন্যুৱে কয় যে তেওঁ ঘটনাটো প্ৰত্যক্ষ কৰা নাছিল। তেওঁৰ ভাষ্য অনুসৰি, জুবিন দাৰ সৈতে কথা পতাৰ পাছত জুবিন দা সাঁতুৰিবলৈ গৈছিল। দ্বিতীয়বাৰ পানীত জঁপিওৱাৰ পাছতেই ঘটনাটো সংঘটিত হয়। হুলস্থুল শুনাৰ পাছত তন্ময়েও সাগৰত জঁপিয়াই পৰিছিল বুলি অভিমন্যুৱে কয়। কিন্তু জুবিন পানীত কেনেদৰে ডুব গ’ল বা শেষ মুহূৰ্তত সঠিকভাৱে কি হৈছিল, সেই কথা তেওঁ নিজে দেখা নাছিল বুলি জানিবলৈ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24zubeen garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি
অসম

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!
অসম

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

October 14, 2026
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা
অসম

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

October 14, 2026
Next Post
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.