• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

3 weeks ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

36 minutes ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

2 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

2 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

10 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

11 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

12 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

13 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

13 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

13 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

14 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

15 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

আজমগড়ৰ ঘটনাৰ পিছত পুনৰ চৰ্চাত ভূতৰ ৰহস্য

editor by editor
September 23, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?
0
SHARES
580
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভূতৰ অস্তিত্ব আছে নে নাই—এই প্ৰশ্নটো যুগ যুগ ধৰি মানুহৰ মাজত চৰ্চিত হৈ আহিছে। কোনোবাই ভূতৰ অস্তিত্বত বিশ্বাস কৰে, আনহাতে বিজ্ঞানে ইয়াৰ কোনো নিৰ্ভৰযোগ্য প্ৰমাণ এতিয়াও লাভ কৰা নাই। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ আজমগড়ত ভূতৰ আতংক দূৰ কৰিবলৈ অনুষ্ঠিত হোৱা এক ধৰ্মীয় অনুষ্ঠানক কেন্দ্ৰ কৰি সংঘটিত চাৰিজন লোকৰ হ*ত্যাকাণ্ডৰ পিছত এই বিষয়টো পুনৰ চৰ্চালৈ আহিছে। ঘটনাটোৰ অভিযুক্ত অৰবিন্দে পৰিয়ালৰ লোক আৰু পূজাৰ পুৰোহিতক গু*লীয়াই হ*ত্যা কৰাৰ পিছত আৰক্ষীৰ এনকাউণ্টাৰত নি*হত হয় অৰবিন্দ। ঘটনাটোৰ পিছতে ইয়াক ভূতৰ আতংকৰ প্ৰভাৱ বুলি কৈছে, আনহাতে আন একাংশই অভিযুক্তজনৰ মানসিক অৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

আজমগড়ৰ শম্ভুপুৰ গাঁৱত এটা পৰিয়ালে ডাঙৰ পুত্ৰৰ আত্মাৰ শান্তিৰ বাবে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ আৰু পূজাৰ আয়োজন কৰিছিল। আৰক্ষীৰ এনকাউণ্টাৰত নি*হত অৰবিন্দৰ মাতৃৰ মতে, প্ৰায় আঠ বছৰ পূৰ্বে তেওঁৰ ডাঙৰ পুত্ৰৰ মৃ*ত্যু হৈছিল। তাৰ পিছৰে পৰা পৰিয়ালটোত বিভিন্ন সমস্যাৰ সৃষ্টি হৈ আহিছিল। পৰিয়ালটোক কোনোবাই পৰামৰ্শ দিছিল যে মৃত পুত্ৰৰ আত্মাই তেওঁলোকক অশান্তি দি আছে। সেইবাবেই আত্মাৰ শান্তিৰ বাবে নাৰায়ণী পূজাৰ আয়োজন কৰা হৈছিল।

মঙলবাৰে ঘৰলৈ উভতি অহাৰ পিছত অৰবিন্দে পূজা বন্ধ কৰিবলৈ কয়। কিন্তু পৰিয়ালৰ লোকে পূজা বন্ধ কৰিবলৈ অস্বীকাৰ কৰে। অভিযোগ অনুসৰি, ইয়াৰ পিছতে অৰবিন্দে প্ৰথমে পুৰোহিত মহেন্দ্ৰ পাঠক আৰু অখিলেশ মিশ্ৰক গুলীয়াই হ*ত্যা কৰে। তাৰ পিছত নিজৰ পত্নী ববিতা আৰু পুত্ৰকো গুলীয়াই হ*ত্যা কৰে। পিছত আৰক্ষীৰ এনকাউণ্টাৰত অৰবিন্দ নি*হত হয়।

ধৰ্ম আৰু বিজ্ঞানৰ দৃষ্টিভংগী পৃথক

ভূতৰ অস্তিত্বৰ বিষয়টো ধৰ্ম আৰু বিজ্ঞানত একে ধৰণে ব্যাখ্যা কৰা হোৱা নাই। সনাতন ধৰ্ম আৰু ইছলামৰ বহু পুৰণি ধৰ্মীয় গ্ৰন্থত আত্মা, অশৰীৰী সত্তা বা অতিপ্ৰাকৃতিক শক্তিৰ কথা উল্লেখ আছে। আনহাতে আধুনিক বিজ্ঞানে ভূতৰ অস্তিত্বৰ কোনো নিৰ্ভৰযোগ্য আৰু পুনৰাবৃত্তিযোগ্য প্ৰমাণ লাভ কৰা নাই। অৱশ্যে ইয়াৰ অৰ্থ এইটোও নহয় যে বিজ্ঞানীয়ে ‘ভূত নাই’ বুলি চূড়ান্তভাৱে প্ৰমাণ কৰিছে। বৰঞ্চ বিজ্ঞানৰ দৃষ্টিত এতিয়ালৈকে ভূতৰ অস্তিত্ব প্ৰমাণ কৰিব পৰা পৰ্যাপ্ত তথ্য পোৱা হোৱা নাই।

আমোদজনকভাৱে, বৈজ্ঞানিকভাৱে ভূতৰ অস্তিত্বৰ প্ৰমাণ নোপোৱাৰ পিছতো বিশ্বৰ বহু লোকৰ মাজত ভূতৰ ওপৰত বিশ্বাস এতিয়াও আছে। ২০২১ চনত দক্ষিণ কেৰ’লিনা বিশ্ববিদ্যালয়ৰ এক সমীক্ষা অনুসৰি, প্ৰায় ৪১ শতাংশ আমেৰিকান লোকে ভূতত বিশ্বাস কৰা বুলি জনাইছিল। প্ৰায় ২০ শতাংশই নিজে ভূত দেখা বা অনুভৱ কৰাৰ কথাও কৈছিল।

১৮৮২ চনৰ পৰা ভূতৰ বৈজ্ঞানিক অনুসন্ধান

ভূতৰ অস্তিত্বৰ বৈজ্ঞানিক অনুসন্ধানৰ ইতিহাস বহু পুৰণি। ১৮৮২ চনত লণ্ডনত ভূত আৰু অপ্ৰাকৃতিক ঘটনাৰ ওপৰত সংগঠিতভাৱে অনুসন্ধান আৰম্ভ কৰা হৈছিল। সেই সময়ত বহু লোকে তেওঁলোকৰ ঘৰৰ টেবুল নিজে নিজে চলা, অদ্ভুত শব্দ শুনা বা ভূত দেখা বুলি দাবী কৰিছিল। ইয়াৰ পূৰ্বেও আমেৰিকাৰ ‘ফক্স ছিষ্টাৰছ’ নামৰ দুগৰাকী মহিলাই আত্মাৰ সৈতে যোগাযোগ স্থাপন কৰাৰ দাবী কৰিছিল। এইবোৰ দাবীৰ সত্যতা পৰীক্ষা কৰিবলৈ বিজ্ঞানী আৰু গৱেষকসকলে Society for Psychical Research নামৰ সংস্থা গঠন কৰিছিল। সংস্থাটোৱে ভূতৰ উপস্থিতিৰ দাবী কৰা ঘৰসমূহ পৰীক্ষা কৰিছিল আৰু সংশ্লিষ্ট লোকসকলক সোধা-পোছা কৰিছিল। গৱেষকসকলে জানিবলৈ চেষ্টা কৰিছিল—মানুহে সঁচাকৈয়ে কোনো অশৰীৰী সত্তা দেখিছে নেকি, নে কোনো ধৰণৰ ভ্ৰান্তি, মানসিক প্ৰভাৱ বা প্ৰতাৰণাৰ ফলত এনে অভিজ্ঞতা হৈছে। কিন্তু বহু তদন্তৰ পিছতো ভূতৰ অস্তিত্বৰ কোনো স্পষ্ট আৰু নিৰ্ভৰযোগ্য প্ৰমাণ লাভ কৰা নগ’ল। একে সময়তে ‘ভূত একেবাৰেই নাই’ বুলিও কোনো চূড়ান্ত বৈজ্ঞানিক প্ৰমাণ পোৱা নগ’ল।

২০০৩ চনৰ গৱেষণাত কি পোহৰলৈ আহিছিল?

ভূতৰ উপস্থিতিৰ অনুভূতিৰ ওপৰত উল্লেখযোগ্য গৱেষণা কৰিছিল ব্ৰিটিছ মনোবিজ্ঞানী ৰিচাৰ্ড ৱাইজমেনে। ২০০৩ চনত তেওঁৰ গৱেষণা British Journal of Psychology-ত প্ৰকাশ পাইছিল। এই গৱেষণাৰ বাবে ইংলেণ্ডৰ Hampton Court Palace আৰু South Bridge Vaultsৰ দৰে ঠাই বাছনি কৰা হৈছিল। এই স্থানসমূহত বহু লোকে আগতে ভূত দেখা বা কোনো অস্বাভাৱিক উপস্থিতি অনুভৱ কৰাৰ কথা কৈছিল। গৱেষকসকলেও পৰীক্ষাৰ সময়ত কিছুমান অস্বাভাৱিক অনুভূতি লক্ষ্য কৰিছিল। কিন্তু অধিক অনুসন্ধানৰ পিছত দেখা গৈছিল যে ইয়াৰ আঁৰত ভূত থকাৰ প্ৰমাণ নাই। পৰিৱেশৰ কিছুমান ভৌতিক কাৰক, যেনে চুম্বকীয় ক্ষেত্ৰৰ পৰিৱৰ্তন, শব্দ, পোহৰ আৰু পৰিৱেশৰ আন কিছুমান বৈশিষ্ট্যই মানুহৰ অনুভূতিত প্ৰভাৱ পেলাব পাৰে অৰ্থাৎ, কোনো এটা ঠাইত মানুহে অস্বাভাৱিক উপস্থিতি অনুভৱ কৰিলেই সেই ঠাইত ভূত আছে বুলি ক’ব নোৱাৰি।

কিয় স্থবিৰ বস্তু চলা বুলি অনুভৱ হয়?

ভূতৰ ওপৰত বিশ্বাসৰ সৈতে মানুহৰ মগজুৰ কাম কৰাৰ ধৰণৰো সম্পৰ্ক আছে। কিছুমান পৰীক্ষাত মানুহক এনে পৰিৱেশ দিয়া হৈছিল, য’ত তেওঁলোকে কোনো বস্তু নিজে নিজে চলি থকা বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল। পিছত তেওঁলোকক সোধাত বহুতে দৃঢ়ভাৱে কৈছিল যে তেওঁলোকে বস্তুটো চলা নিজ চকুৰে দেখিছে। কিন্তু পৰীক্ষাৰ ফলাফলে দেখুৱাইছিল যে মানুহৰ আশা, বিশ্বাস আৰু মানসিক অৱস্থাই তেওঁলোকৰ অনুভূতিক প্ৰভাৱিত কৰিব পাৰে। অৰ্থাৎ, কোনোবাই আগতেই বিশ্বাস কৰি থাকিলে যে এটা ঠাইত ভূত আছে, তেন্তে সাধাৰণ শব্দ, ছাঁ, বতাহ বা সামান্য নড়াচড়াকো তেওঁ ভূতৰ উপস্থিতি বুলি ব্যাখ্যা কৰিব পাৰে।

যদি ভূত নাই, তেন্তে মানুহে ভূত কিয় দেখে?

এই প্ৰশ্নটোৱেই ভূতৰ ৰহস্যৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ। বিজ্ঞানীসকলে ইয়াৰ কেইবাটাও সম্ভাব্য কাৰণৰ কথা উল্লেখ কৰিছে। তাৰ ভিতৰত অন্যতম হৈছে Sleep Paralysis বা টোপনিৰ পক্ষাঘাত। এই অৱস্থাত মানুহ টোপনিৰ পৰা আংশিকভাৱে সাৰ পাই যায়, কিন্তু কিছু সময়ৰ বাবে শৰীৰ লৰচৰ কৰিব নোৱাৰে। মগজুৰ কিছুমান অংশ সজাগ হৈ থাকে যদিও শৰীৰে সঁহাৰি নিদিয়ে। এনে সময়ত বহু লোকে নিজৰ কাষত কোনোবাই থিয় হৈ থকা, কোনোবাই তেওঁলোকক চাই থকা বা বুকুৰ ওপৰত কোনোবাই বহি থকা যেন অনুভৱ কৰে। কিছুমানে আনকি কোনো অদৃশ্য সত্তাক দেখাৰ কথাও কয়। কিছু গৱেষণাত টোপনিৰ পক্ষাঘাতৰ সময়ত মানুহে এনে ‘অন্য কোনো উপস্থিতি’ অনুভৱ কৰাৰ কথা উল্লেখ কৰিছে। বিজ্ঞানীসকলৰ মতে, মগজু আৰু শৰীৰৰ মাজত সাময়িক অসামঞ্জস্যৰ ফলত এনে ভ্ৰম বা অনুভূতি সৃষ্টি হ’ব পাৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Ghost
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
Next Post
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.