শেহতীয়াকৈ জনপ্ৰিয়তা লাভ কৰা ৰিয়েলিটী শ্ব’ ‘লক আপ ২’ৰ এটা খণ্ডত অভিনেত্ৰী আকংক্ষা চামোলাই ব্যক্তিগত জীৱনৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে খোলামেলাকৈ মত প্ৰকাশ কৰে। সহ-প্ৰতিযোগী বৰুণ যাদৱৰ সৈতে হোৱা আড্ডাত প্ৰেম, বিবাহ, বিবাহ বিচ্ছেদ আৰু ভৱিষ্যৎ জীৱনক লৈ নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰে তেওঁ। আড্ডাৰ মাজতে বৰুণে আকংক্ষাক সোধে যে তেওঁ ভৱিষ্যতে পুনৰ বিবাহ কৰাৰ কথা ভাবিছে নেকি। ইয়াৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয় যে অতীতৰ তিক্ত অভিজ্ঞতাৰ বাবে তেওঁ নিজৰ জীৱনৰ পৰা বিয়াৰ চিন্তা সম্পূৰ্ণৰূপে আঁতৰাই পেলাইছে। তেওঁৰ স্পষ্ট মন্তব্য, ‘মই আৰু কেতিয়াও বিয়া নকৰো।’
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো!’
কথোপকথনৰ সময়ত বৰুণে তেওঁৰ বৰ্তমানৰ যৌ*ন পৰিচয় সম্পৰ্কেও প্ৰশ্ন কৰে। ইয়াৰ উত্তৰত আকংক্ষাই কয় যে-এজন ব্যক্তিৰ জীৱনৰ পৰিস্থিতি আৰু মানসিক অৱস্থাৰ লগত যৌ*ন আকৰ্ষণ বা পছন্দ সলনি হ’ব পাৰে। বৰ্তমান তেওঁ বিবাহ বিচ্ছেদৰ আইনী প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ আছে আৰু এই সময়ত কোনো পুৰুষ বা মহিলাৰ সৈতে শাৰীৰিক বা ৰোমাণ্টিক সম্পৰ্কত জড়িত হ’ব নিবিচাৰে। তেওঁ কয়, ‘এই মুহূৰ্তত মই জীৱনৰ এটা বেলেগ পৰ্যায়ত আছো। চিকিৎসা বিজ্ঞান বা মনোবিজ্ঞানৰ ভাষাত ইয়াক ‘অযৌ*ন’ (Asexual) অৱস্থা বুলি ক’ব পাৰি। ‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’ লগতে আকাংক্ষাই উল্লেখ কৰে যে তেওঁ মাত্ৰ ২৪ বছৰ বয়সতেই বিবাহপাশত আৱদ্ধ হৈছিল। আকংক্ষাৰ এই মন্তব্য শুনি শ্ব’টোৰ আন এজন প্ৰতিযোগীয়ে তেওঁক সান্ত্বনা দি কয় যে-তেওঁ এতিয়াও জীৱনৰ নতুন আৰম্ভণি কৰিব পাৰে আৰু ভৱিষ্যতে এজন ভাল সংগী বিচাৰি পাব পাৰে।
ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আকাংক্ষাই কয় যে-তেওঁ এতিয়া সম্পূৰ্ণ স্বতন্ত্ৰভাৱে জীৱন কটাব বিচাৰে। এতিয়ালৈকে তেওঁ কেতিয়াবা মাক-দেউতাকৰ সৈতে, কেতিয়াবা স্বামীৰ পৰিয়ালৰ সৈতে বাস কৰিছিল। এতিয়া নিজৰ উপাৰ্জনেৰে গঢ়ি তোলা ঘৰত অকলে থাকি নিজৰ চৰ্তত জীৱন উপভোগ কৰিবলৈ বিচাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














