ভাৰতত অতি শীঘ্ৰেই প্লাষ্টিক (পলিমাৰ)ৰ নোট প্ৰচলন হোৱাৰ সম্ভাৱনা দেখা দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধীনস্থ নোট মুদ্ৰণ সংস্থা ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ প্ৰাইভেট লিমিটেড (BRBNMPL)-এ পলিমাৰ শ্বীট যোগান ধৰিবলৈ বিশ্বৰ বিভিন্ন কোম্পানীৰ পৰা ইতিমধ্যে আবেদন আহ্বান কৰিছে। এই বিশেষ পলিমাৰ শ্বীটসমূহত আধুনিক সুৰক্ষা বৈশিষ্ট্যও সন্নিৱিষ্ট থাকিব। অৱশ্যে, কোন মূল্যৰ নোট প্ৰথমে পলিমাৰত প্ৰকাশ কৰা হ’ব বা কেতিয়াৰ পৰা বজাৰত উলিয়াব, সেই বিষয়ে RBIএ এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই। এক প্ৰতিবেদন অনুসৰি, যদি এই পৰিকল্পনা কাৰ্যকৰী হয়, তেন্তে ভাৰতে প্ৰথমবাৰৰ বাবে কাগজৰ সলনি পলিমাৰ বা প্লাষ্টিকৰ নোট ব্যৱহাৰ কৰিব।
সুৰক্ষাক সৰ্বাধিক গুৰুত্ব
RBIএ এই টেণ্ডাৰত ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰিছে। আবেদনকাৰী কোম্পানীসমূহে ভাৰত চৰকাৰৰ পৰা প্ৰয়োজনীয় সুৰক্ষা অনুমোদন লাভ কৰিব লাগিব। ইয়াৰ উপৰিও নিশ্চিত কৰিব লাগিব যে ভাৰতৰ বাবে ব্যৱহাৰ কৰা পলিমাৰ সামগ্ৰী চীন বা পাকিস্তানৰ পৰা আহৰণ কৰা নহয়। লগতে ভাৰতৰ বাবে প্ৰস্তুত কৰা এই বিশেষ সামগ্ৰী অন্য কোনো দেশলৈ বিক্ৰী বা যোগানো ধৰিব নোৱাৰিব আবেদনকাৰীয়ে। লগতে কেৱল সেই কোম্পানীসমূহেই আবেদন কৰিব পাৰিব, যিয়ে বিগত তিনিবছৰ ধৰি কোনো দেশৰ কেন্দ্ৰীয় বেংক বা নোট মুদ্ৰণ সংস্থালৈ পলিমাৰ নোটৰ সামগ্ৰী সফলতাৰে যোগান ধৰি আহিছে।
প্ৰথমে হ’ব পৰীক্ষামূলক ব্যৱহাৰ
RBIএ প্ৰথমে এই পলিমাৰ নোটসমূহৰ ক্ষেত্ৰ পৰ্যায়ত পৰীক্ষামূলক ব্যৱহাৰ চলাব। আৰম্ভণিতে প্ৰায় ৬৮,০০০ ৰীম পলিমাৰ শ্বীটৰ প্ৰয়োজন হ’ব বুলি ধাৰণা কৰা হৈছে। এই শ্বীটসমূহত দুটা পৃথক মূল্যৰ নোট মুদ্ৰণ কৰা হ’ব পাৰে। যদি এই পৰীক্ষা সফল হয়, তেন্তে পিছলৈ বৃহৎ পৰিসৰত পলিমাৰ শ্বীট ক্ৰয় কৰি দেশজুৰি প্লাষ্টিকৰ নোট প্ৰচলন কৰা হ’ব পাৰে। উল্লেখযোগ্য যে, ৫ জুনত মুদ্ৰানীতি (Monetary Policy) পৰ্যালোচনাৰ পিছত RBIৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কৈছিল যে পলিমাৰ নোট প্ৰচলনৰ প্ৰস্তাৱ বিবেচনাধীন অৱস্থাত আছে। কিন্তু এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। তেওঁ জনাইছিল যে RBIএ এই পৰিকল্পনাৰ সুবিধা আৰু অসুবিধাসমূহ গভীৰভাৱে অধ্যয়ন কৰি আছে। সেয়ে বৰ্তমান এই প্ৰকল্পটো প্ৰাৰম্ভিক পৰ্যায়তে আছে।
প্লাষ্টিকৰ নোট কিয় অধিক উপযোগী?
পলিমাৰ বা প্লাষ্টিকৰ নোট সাধাৰণ কাগজৰ নোটতকৈ অধিক শক্তিশালী। এই নোট সহজে নাফাটে, পানী বা মলিনতাৰ ফলত সহজে ক্ষতিগ্ৰস্ত নহয় আৰু বহুদিনলৈ ব্যৱহাৰ কৰিব পাৰি। ফলত সঘনাই নোট সলনি কৰাৰ প্ৰয়োজন কমি যায়। ইয়াৰ উপৰিও, পলিমাৰ নোটত অত্যাধুনিক সুৰক্ষা বৈশিষ্ট্য সংযোজন কৰা সহজ, যাৰ ফলত জাল নোট প্ৰস্তুত কৰাটো বহুখিনি কঠিন হৈ পৰে। বিশ্বৰ বহু দেশ—যেনে অষ্ট্ৰেলিয়া, কানাডা, নিউজিলেণ্ড আৰু ব্ৰিটেইনে ইতিমধ্যে সফলভাৱে পলিমাৰ নোট ব্যৱহাৰ কৰি আহিছে। যদি ভাৰততো এই ব্যৱস্থা কাৰ্যকৰী হয়, তেন্তে দেশৰ মুদ্ৰা ব্যৱস্থাত এক নতুন অধ্যায়ৰ সূচনা হ’ব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















