অদম্য পৰিশ্ৰম, একাগ্ৰতা আৰু নিৰন্তৰ অধ্যয়নৰ জৰিয়তে দৰিদ্ৰ পিতৃৰ এগৰাকী পুত্ৰই প্ৰথমবাৰতে NEET পৰীক্ষাত সফলতা লাভ কৰাই নহয় চিকিৎসা বিজ্ঞানৰ নাম ভৰ্তি কৰাটোও নিশ্চিত কৰিছে। দৰিদ্ৰতা নেওচি পিতৃ-মাতৃৰ বহুদিনীয়া সপোন পূৰণ কৰাৰ দিশত আগবাঢ়িছে এগৰাকী মেধাৱী ছাত্ৰই। এই কাহিনী মধ্য প্ৰদেশৰ জব্বলপুৰৰ বাসিন্দা ওম চৌকছেৰ। ওমে সদ্য ঘোষিত NEET পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ওমৰ পিতৃয়ে বিদ্যালয়ৰ সন্মুখত ফুটপাথত এখন সৰু দোকানেৰে পৰিয়ালৰ জীৱিকা নিৰ্বাহ কৰে। সেই সীমিত আয়ৰ মাজতো পিতৃ-মাতৃয়ে পুত্ৰৰ শিক্ষাৰ ক্ষেত্ৰত কোনো আপোচ নকৰিলে, আৰু সেই ত্যাগৰ সন্মান ৰাখি ওমে দৰিদ্ৰতাক পৰাস্ত কৰি নিজৰ লক্ষ্যৰ প্ৰথমটো খোজত সফলতাৰে উপনীত হয়।
ইয়াৰ পূৰ্বে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ওমে ৰাজ্যখনৰ শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত স্থান লাভ কৰিছিল। তাৰ পিছতে প্ৰথমবাৰতে NEET পৰীক্ষাত অৱতীৰ্ণ হৈ ৭২০ নম্বৰৰ ভিতৰত ৫২১ নম্বৰ লাভ কৰি সফলতা অৰ্জন কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা NEET পৰীক্ষাতো মেধাৱী ছাত্ৰজনে ৬২৫ নম্বৰ লাভ কৰিছিল। কিন্তু সেই সময়ত হোৱা প্ৰশ্নপত্ৰ ফাদিল (Paper Leak) কাণ্ডই তেওঁৰ আশা ভংগ কৰিব নোৱাৰিলে। মেধাৰ অধিকাৰী ওমে হতাশ নহৈ তেওঁ পুনৰ নিষ্ঠাৰে প্ৰস্তুতি অব্যাহত ৰাখে আৰু অৱশেষত কাক্ষিত সফলতা লাভ কৰে।
আইতাকৰ আকস্মিক মৃত্যুত জন্মিছিল চিকিৎসক হোৱাৰ সপোন
অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ওমে এখন মডেল বিদ্যালয়ত অধ্যয়ন কৰি এই কৃতিত্ব অৰ্জন কৰিছে। বিদ্যালয়ৰ সন্মুখতে তেওঁৰ পিতৃয়ে ফুটপাথত এখন সৰু দোকান চলায়। সেই দোকানৰ আয়ৰ ওপৰতে সমগ্ৰ পৰিয়ালটোৰ জীৱিকা নিৰ্ভৰশীল।
পিতৃৰ কঠোৰ সংগ্ৰাম নিজ চকুৰে দেখি ওমে শৈশৱৰে পৰা জীৱনত কিবা এটা ডাঙৰ কৰাৰ সপোন দেখিছিল। বিশেষকৈ, তেওঁৰ আইতাক হৃদ্ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাৰ পিছত তেওঁ এজন দক্ষ চিকিৎসক হৈ সমাজৰ সেৱা কৰাৰ দৃঢ় সংকল্প গ্ৰহণ কৰে।
পঢ়াৰ লগতে পিতৃকো দোকানত কৰিছিল সহায়
ওমৰ দৈনন্দিন জীৱনো আছিল সংগ্ৰামময়। প্ৰতিদিনে পুৱা প্ৰথমে পিতৃৰ দোকান খুলি দিয়াৰ পিছতহে তেওঁ বিদ্যালয়লৈ যাত্ৰা কৰিছিল। সন্ধিয়া বিদ্যালয়ৰ পৰা উভতি আহি পুনৰ দোকান বন্ধ কৰাত পিতৃক সহায় কৰিছিল। পৰিয়ালৰ দায়িত্ব আৰু অধ্যয়ন—দুয়োটাকে সমানে আগবঢ়াই নিয়েই তেওঁ এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।
ওম চৌকছেৰ এই কাহিনীয়ে প্ৰমাণ কৰে যে আৰ্থিক অসুবিধা কেতিয়াও সফলতাৰ অন্তৰায় নহয়। দৃঢ় ইচ্ছাশক্তি, অধ্যৱসায় আৰু পৰিয়ালৰ ত্যাগ থাকিলে যিকোনো লক্ষ্যই সম্ভৱ।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















