মহাৰাষ্ট্ৰৰ মালেগাওঁ তালুকৰ ভানপাট গাঁৱত বাইলপোলা উৎসৱৰ দিনা সংঘটিত হ’ল এক অদ্ভুত ঘটনা। পূজাৰ সময়ত প্ৰসাদৰ সৈতে এজন কৃষকৰ ম’হে প্ৰায় তিনি তোলা ওজনৰ সোণৰ মংগলসূত্ৰ গিলি পেলোৱাত হাহাকাৰ লাগে পৰিয়ালটোত। অৱশেষত ১৫ দিনৰ চিকিৎসা আৰু পৰ্যবেক্ষণৰ পিছত পশু চিকিৎসকে অস্ত্ৰোপচাৰ কৰি ম’হটোৰ পেটৰ পৰা সোণৰ অলংকাৰডাল উদ্ধাৰ কৰে।
ঘটনাৰ বিৱৰণ অনুসৰি, ভানপাট গাঁৱৰ কৃষক শিৱাজী বৰছে বাইলপোলা উৎসৱ উপলক্ষে তেওঁৰ দুটা ম’হক পৰম্পৰাগতভাৱে পূজা কৰিছিল। পূজাৰ সময়ত ম’হ দুটাৰ সন্মুখত এখন প্লেটত প্ৰসাদ ৰখা হৈছিল। সেই একেখন প্লেটতে প্ৰায় তিনি তোলা ওজনৰ সোণৰ মংগলসূত্ৰডালো আছিল। পূজাৰ ব্যস্ততাৰ মাজতে এটা ম’হে প্ৰসাদৰ সৈতে ভুলতে সোণৰ মংগলসূত্ৰডালো গিলি পেলায়। কৃষকজনৰ দুটা ম’হ থকাৰ বাবে প্ৰথম অৱস্থাত কোনটো ম’হে মংগলসূত্ৰডাল গিলিলে সেয়া নিশ্চিত কৰিব পৰা নাছিল।
ঘটনাটো জানিব পাৰি শিৱাজী বৰছে ততাতৈয়াকৈ দুয়োটা ম’হক চলিছগাঁৱৰ চৰকাৰী পশু চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে আধুনিক পদ্ধতিৰে দুয়োটা ম’হৰ এক্স-ৰে কৰে। এক্স-ৰেৰ ফলাফলত অৱশেষত কোনটো ম’হৰ পেটত সোণৰ মংগলসূত্ৰডাল আবদ্ধ হৈ আছে সেয়া স্পষ্ট হৈ পৰে। ইয়াৰ পিছত চিকিৎসকৰ দলটোৱে ম’হটোৰ অৱস্থাৰ ওপৰত নজৰ ৰাখি ১৫ দিন ধৰি পৰ্যবেক্ষণ কৰে। পাচনতন্ত্ৰত মংগলসূত্ৰডালৰ অৱস্থান নিৰ্ণয় কৰাৰ পিছত চিকিৎসকে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয়। অৱশেষত জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰি ম’হটোৰ পেটৰ পৰা সোণৰ মংগলসূত্ৰডাল নিৰাপদে উলিয়াই অনা হয়।
অৱশ্যে অস্ত্ৰোপচাৰৰ সময়ত চিকিৎসকে কেৱল সোণৰ মংগলসূত্ৰডালেই উদ্ধাৰ কৰা নাছিল। ম’হটোৰ পেটৰ পৰা টেনিছ বলৰ আকাৰৰ দুটা প্লাষ্টিকৰ বল, এটা নাইলনৰ তাঁৰ আৰু দুটা এক টকীয়া মুদ্ৰাও উদ্ধাৰ কৰা হয়। চিকিৎসকৰ মতে, ম’হটোৰ পেটত এইবোৰ বস্তু কেনেকৈ সোমাল সেয়া পৃথকভাৱে পৰ্যবেক্ষণৰ বিষয়। অৱশ্যে সময়মতে এক্স-ৰে কৰি সমস্যাটো চিনাক্ত কৰাৰ ফলত চিকিৎসা কৰাটো সম্ভৱ হয়।
অস্ত্ৰোপচাৰৰ পিছত ম’হটোৰ স্বাস্থ্য সুস্থিৰ হৈ পৰে। বহুমূলীয়া সোণৰ মংগলসূত্ৰডাল ঘূৰাই পোৱাৰ লগতে ম’হটোও সুস্থ হৈ উঠাত কৃষক শিৱাজী বৰছে ডাঙৰ সকাহ লাভ কৰে। ঘটনাটোৱে বাইলপোলা উৎসৱৰ দিনা সংঘটিত এক অস্বাভাৱিক ঘটনাৰ লগতে পশু চিকিৎসাত আধুনিক প্ৰযুক্তিৰ গুৰুত্বো পুনৰ দেখুৱাই দিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















