বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেতাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে। অভিনেতাগৰাকীক বিশেষকৈ ‘গেংগছ অব ৱাছেপুৰ’ ছবিৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল। আঘাতপ্ৰাপ্ত হোৱা এই অভিনেতাগৰাকী হৈছে পীয়ূষ মিশ্ৰা। এই কথা ‘দুলহনিয়া লে আয়েগী’ ছবিখনৰ পৰিচালক আকাশ আদিত্য লামাই এক সাক্ষাৎকাৰত জনাইছে। পীয়ুষ মিশ্ৰাও মুক্তিপাবলগীয়া এই ছবিখনৰ অন্যতম শিল্পী। আজি ছবিখনৰ পৰিচালক আকাশ আদিত্য লামা আৰু অভিনেত্ৰী খুশালী কুমাৰৰ সৈতে পীয়ুষ মিশ্ৰাই ছবিখনৰ প্ৰচাৰমূলক অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল। কিন্তু প্ৰচাৰ অনুষ্ঠানত পীয়ুষ মিশ্ৰা উপস্থিত নথকাত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত পৰিচালক আকাশ আদিত্য লামাই তেওঁৰ দুৰ্ঘটনাৰ বিষয়ে সাংবাদিকক সদৰী কৰে।
বাথৰুমত পিছলি দুৰ্ঘটনাগ্ৰস্ত
ছবিখনৰ পৰিচালক আকাশ আদিত্য লামাই সদৰী কৰা অনুসৰি পীয়ুষ মিশ্ৰাই নিজৰ ঘৰৰ বাথৰুমত পিছলি পৰাত তেওঁৰ হাত এখন ভাঙে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ বৰ্তমান সম্পূৰ্ণ বেড ৰেষ্টত আছে আৰু ছবিখনৰ সকলো প্ৰচাৰমূলক অনুষ্ঠান আৰু সাক্ষাৎকাৰৰ পৰা আঁতৰি থাকিব। ‘দুলহনিয়া লে আয়েগী’ৰ প্ৰচাৰ অনুষ্ঠানত আকাশ আদিত্য লামাই এই দুৰ্ঘটনাৰ বিষয়ে বিস্তৃতভাৱে কয়। তেওঁৰ ভাষ্য অনুসৰি, সোমবাৰে নিশা পীয়ুষ মিশ্ৰাৰ মেনেজাৰে ফোন কৰি জনাইছিল যে তেওঁ বাথৰুমত পিছলি পৰিছিল, যাৰ ফলত তেওঁৰ হাতত ফ্ৰেকচাৰ হৈছে। এই কাৰণেই তেওঁ ছবিখনৰ প্ৰচাৰ আৰু সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব নোৱাৰিব।
বিগত কিছুদিনৰ পৰা অসুস্থ আছিল অভিনেতাগৰাকী
পৰিচালক আকাশ আদিত্য লামাই কয় যে, পীয়ুষ মিশ্ৰা কিছুদিন ধৰি অসুস্থ হৈ আছিল। তথাপিও এজন নিষ্ঠাৱান শিল্পী হিচাপে তেওঁ সাহস আৰু ধৈৰ্যৰে সকলো অনুষ্ঠান আৰু প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰি আছিল। কিন্তু এই দুৰ্ঘটনাৰ পাছত তেওঁৰ শাৰীৰিক অৱস্থা এনে হৈছে যে, তেওঁ এই মুহূৰ্তত বিচনাৰ পৰাও উঠিব পৰা নাই।
‘দুলহনিয়া লে আয়েগী’ৰ ট্ৰেইলাৰ মুক্তি
আকাশ আদিত্য লামা পৰিচালিত ‘দুলহনিয়া লে আয়েগী’ ছবিখনৰ ট্ৰেইলাৰ ইতিমধ্যে মুক্তি পাইছে। কমেডি, ৰোমাঞ্চ, পাৰিবাৰিক সম্পৰ্ক আৰু বিয়া-ঘৰৰ ব্যস্ততাৰে ভৰপূৰ এই ট্ৰেইলাৰখনত এখন সম্পূৰ্ণ পাৰিবাৰিক মনোৰঞ্জনধৰ্মী ছবিৰ আভাস পোৱা যাব বুলি ইতিমধ্যে জনাইছে পৰিচালকজনে। ছবিখনত হাঁহি-ধেমালি, আৱেগ আৰু বহুতো মনোৰঞ্জক টুইষ্ট থাকিব। এই ছবিখনত খুশালী কুমাৰ, মহেশ মাঞ্জৰেকৰ আৰু পীয়ুষ মিশ্ৰই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















