• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

3 months ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

3 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

4 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

4 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

5 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

6 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

6 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

7 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

8 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

9 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

9 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

ফুটবলত শক্তিশালী শৰীৰেই সফলতাৰ একমাত্ৰ চাবিকাঠি নহয়

editor by editor
July 21, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সদ্যসমাপ্ত ফিফা বিশ্বকাপত অসংখ্য তাৰকাই নিজৰ প্ৰতিভাৰে উজলি উঠিছে। এমবাপে একাৰাহে দ্বিতীয়বাৰলৈ গ’ল্ডেন বুটৰ সন্মান লাভ কৰিলে, লিয়নেল মেছি, জুড বেলিংহেম, য়ামাল, এৰ্লিং হালাণ্ড, হেৰী কেন, ওছমান ডেম্বেলেকে ধাৰাবাহিকভাৱে উজ্জীৱিত প্ৰদৰ্শন কৰি দৰ্শকক মুগ্ধ কৰিলে। কিন্তু টুৰ্ণামেণ্টৰ শেষত আটাইতকৈ মূল্যৱান খেলুৱৈ হিচাপে যাক স্বীকৃতি দিয়া হ’ল, তেওঁ সদ্যসমাপ্ত বিশ্বকাপৰ গ’লস্ক’ৰাৰ তালিকাতো নাছিল, নাছিল এছিষ্টৰো তালিকাত। কিন্তু তেওঁ আছিল ফুটবলৰ নতুন বিশ্ব চেম্পিয়ন স্পেইনৰ মেৰুদণ্ডস্বৰূপ। তেওঁ এই বিশ্বকাপৰ সবাটোকৈ মূল্যৱান ব্যক্তিগত সন্মান গোল্ডেন বলৰ অধিকাৰী ৰড্ৰিগো হেৰ্নাণ্ডেজ কাছকাণ্টে, চমুকৈ সকলোৰে পৰিচিত ৰড্ৰি। ৰড্ৰিক এই অভিজাত সন্মানেৰে সন্মানিত কৰাটোৱে ইয়াকেই প্ৰমাণ কৰে যে আধুনিক ফুটবল কেৱল গ’ল স্ক’ৰ কৰাৰেই খেল নহয়, মেচ এখনক নিয়ন্ত্ৰণ কৰাৰো কলা। মেছি, এমবাপে, হালাণ্ডৰ দৰে গ’ল স্ক’ৰ নকৰিলেও মেচখনক নিয়ন্ত্ৰণত ৰখা কলাৰ বাবেই ৰড্ৰিয়ে লাভ কৰিলে এই ঈৰ্ষণীয় সন্মান।

ফুটবলত শক্তিশালী শৰীৰেই সফলতাৰ একমাত্ৰ চাবিকাঠি নহয়

ৰড্ৰিৰ এই সফলতাই ইয়াকো প্ৰমাণ কৰে যে যিকোনো দলীয় খেলত কেৱল শক্তিশালী শৰীৰেই সফলতাৰ একমাত্ৰ চাবিকাঠি নহয়। ৰড্ৰিৰ গতি ফুটবল বিশ্বৰ আন তাৰকাসকলৰ তুলনাত অতি দ্ৰুত নহ’ব পাৰে, নহ’ব পাৰে বিস্ময়কৰ ড্ৰিবলাৰো। কিন্তু ৰড্ৰিয়ে সহজ যেন লগা কিছুমান শৈলীৰে নিজৰ পৰিসংখ্যাৰ বাবে নহয়, দলৰ বাবে আনিলে অভূতপূৰ্ব সফলতা। ১০-১৫ গজৰ পাছেৰে মেচ এখনৰ গতি কেনেকৈ নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগে সেয়া ৰড্ৰিতকৈ বেছি সাম্প্ৰতিক ফুটবলত অন্য কোনো তাৰকাই হয়টো নাজানে। যিসকলে ফুটবলক বুজে, ফুটবলৰ গাণিতিক বা ব্যাকৰণৰ ভাষাক বুজে তেওঁলোকে জানে যিকোনো এখন মেচত ৰড্ৰিৰ এই নীৰৱ যেন লগা প্ৰভাৱেই তেওঁক অসাধাৰণ কৰি তোলে। সদ্যসমাপ্ত বিশ্বকাপত ৰড্ৰিয়ে এটাও গ’ল কৰা নাই। এটাও এছিষ্টো দিয়া নাই। কিন্তু ৰড্ৰিৰ পাছিং সফলতাৰ হাৰ আছিল ৯৩.২ শতাংশ। টেকল, ইণ্টাৰচেপচন বা ফাউলৰ পৰিসংখ্যায়েও ৰড্ৰিক পৃথিৱীৰ শ্ৰেষ্ঠ মিডফিল্ডাৰসকলৰ অন্যতম বুলি প্ৰমাণ নকৰে কাৰণ ৰড্ৰি এই সকলো পৰিসংখ্যাৰ উৰ্ধত এগৰাকী দলৰ বাবে খেলা খেলুৱৈ। সদ্যসমাপ্ত বিশ্বকাপত ৰড্ৰিয়ে সৰ্বাধিক ৭৫৬টা সফল পাছ সম্পন্ন কৰিছিল। ই এইটোকেই প্ৰমাণ কৰে যে ৰড্ৰিৰ পৰা বল ওলোৱা মানে কোনোবা এজন দলীয় সতীৰ্থৰ ভৰিতেই পৰিব। কেৱল এই বিশ্বকাপতেই নহয়, এই অসাধৰণ শৈলীৰ বাবেই ইউৰো ২০২৪তো শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল স্পেইনৰ অধিনায়কজনে।

শৃংখলাবদ্ধ জীৱন ৰড্ৰিৰ মূলমন্ত্ৰ

ৰড্ৰিৰ শৈশৱ আৰু কিশোৰকালো বৰ্তমানৰ স্বভাৱটোৰ দৰেই অত্যন্ত শৃংখলাবদ্ধ আছিল। তেওঁৰ খেলত যি শৃংখলাবদ্ধ শৈলী বৰ্তমান বিৰাজমান সেয়া যেন শৈশৱৰ জীৱনধাৰাৰ পৰায়ে লাভ কৰিছিল। তেওঁ মধ্যবিত্ত, শিক্ষিত আৰু শৃংখলাপ্ৰিয় পৰিয়ালত ডাঙৰ হোৱা ৰড্ৰি সৰুৰে পৰাই যথেষ্ট নম্ৰ, ফুটবলৰ লগতে শিক্ষাতো সমানে গুৰুত্ব দিয়া কিশোৰ আছিল। শৈশৱত তেওঁ অতি শান্ত, সংযত আৰু চিন্তাশীল স্বভাৱৰ আছিল বুলি তেওঁক ওচৰৰ পৰা পোৱা লোকসকলে বিভিন্ন সময়ত মন্তব্য কৰি আহিছে। আন বহু শিশুৰ দৰে কেৱল খেলতেই ব্যস্ত নাথাকি তেওঁ ফুটবলৰ কৌশল, বলৰ গতি আৰু খেলুৱৈসকলৰ স্থানবিন্যাস লক্ষ্য কৰি ফুটবলক আয়ত্ত কৰি ভাল পাইছিল বুলি শৈশৱৰ প্ৰশিক্ষকসকলে মন্তব্য কৰে। খুব কম বয়সতে ৰড্ৰিয়ে স্থানীয় ক্লাবত খেলিবলৈ আৰম্ভ কৰিছিল। ৰড্ৰিৰ প্ৰতিভালৈ লক্ষ্য কৰি তেওঁক এটলেটিকো ডি মাড্ৰিদ একাডেমীত ভৰ্তি কৰোৱা হৈছিল। কিন্তু এসময়ত প্ৰতিযোগিতামূলক ফুটবলৰ বাবে শাৰীৰিকভাৱে দুৰ্বল বুলি অভিহিত কৰি এটলেটিকো ডি মাড্ৰিদ একাডেমীয়ে ৰড্ৰিক বাহিৰ কৰি দিয়ে। এটলেটিকোৰ এই সিদ্ধান্তই যেন ৰড্ৰিৰ জীৱন সলনি কৰাত নিৰ্ণায়ক ভূমিকা পালন কৰিলে। এটলেটিকোৰ এই সিদ্ধান্তৰ পিছতে ফুটবলক পূৰ্বতকৈও অধিক গুৰুত্বসহকাৰে লবলৈ আৰম্ভ কৰে ৰড্ৰিয়ে। পূৰ্বতকৈ অনুশীলনৰ মাত্ৰা, ফুটবলক তীক্ষ্ণতাৰে পৰ্যবক্ষেণ কৰাৰ লগতে নিজৰ শাৰীৰিক ক্ষমতাক কেনেকৈ চতুৰভাৱে ব্যৱহাৰ কৰিব পাৰি এই দিশত মনোনিৱেশ কৰিবলৈ ধৰে ৰড্ৰিয়ে। এটলেটিকোই একাডেমীৰ পৰা ৰড্ৰিক বাহিৰ কৰাৰ পিছত তেওঁ  ভিয়াৰিয়েলৰ যুৱ একাডেমীত যোগ দিয়ে। তাত তেওঁ প্ৰশিক্ষকৰ পৰাও অধিক সঁহাৰি আৰু আত্মবিশ্বাস লাভ কৰে। ভিয়াৰেলতেই ৰড়্ৰিয়ে ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু নিয়মীয়া অনুশীলনৰ জৰিয়তে নিজৰ খেলৰ মান বহুগুণে উন্নত কৰিবলৈ সক্ষম হয়। কিয়নো ভিয়াৰিয়েলৰ প্ৰশিক্ষকসকলে ৰড্ৰিৰ বুদ্ধিদীপ্ত খেল, নিখুঁত পাছ আৰু খেল নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাক বিশেষভাৱে মূল্যায়ন কৰিছিল।

ফুটবলৰ লগতে শিক্ষাতো দিছিল সমানেই গুৰুত্ব

ৰড্ৰি কেৱল ফুটবলতেই সীমাবদ্ধ নাছিল। শিক্ষাৰ প্ৰতিও তেওঁ দিছিল সমান গুৰুত্ব দিছিল। ফুটবল অনুশীলনৰ মাজতো তেওঁ বিশ্ববিদ্যালয় পৰ্যায়ত ব্যৱসায় আৰু অৰ্থনীতি-সম্পৰ্কীয় অধ্যয়ন কৰিছিল। এই অভ্যাসে তেওঁক সিদ্ধান্ত লোৱাত, সময় পৰিচালনাত আৰু পেছাদাৰী জীৱনত অধিক পৰিপক্ব কৰি তুলিছিল বুলি বিভিন্ন সাক্ষাৎকাৰত তেওঁ নিজেই মন্তব্য কৰিছে। শিক্ষা জীৱনৰ পৰা কেনেকৈ চাপৰ মাজতো শান্তভাৱে সিদ্ধান্ত ল’ব পাৰি, সতীৰ্থসকলক সংগঠিত কৰি খেল নিয়ন্ত্ৰণ কৰাৰ নেতৃত্বৰ দৰে গুণ লাভ কৰিছিল বুলি তেওঁ বিভিন্ন সময়ত মন্তব্য কৰি আহিছে। ৰড্ৰিৰ শৈশৱ আৰু কৈশোৰৰ কাহিনীৰ প্ৰেৰণাদায়ক দিশ এইটোৱেই যে প্ৰাথমিক ব্যৰ্থতা বা বাধা সত্ত্বেও অধ্যৱসায়, আত্মবিশ্বাস আৰু নিয়মিত পৰিশ্ৰমে এগৰাকী খেলুৱৈক বিশ্বমানৰ সফলতালৈ লৈ যাব পাৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?
বিনোদন

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

October 11, 2026
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?
প্ৰযুক্তি

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

October 11, 2026
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল
বিশ্ব

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

October 11, 2026
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
Next Post
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ'ব ভাগ্য

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.