দক্ষিণৰ চিনেমাৰ অভিনেতা ৰাম চৰণ চিকিৎসালয়ত ভৰ্তি। সোমবাৰে ৰাম চৰণক কইম্বাটুৰৰ (Coimbatore) গংগা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁৰ অস্ত্ৰোপচাৰ চলি আছে। জানিব পৰা মতে, পেড্ডি ছবিখনৰ শ্বুটিংৰ সময়ত অভিনেতাজনৰ হাতৰ গাঁঠিত গুৰুতৰভাৱে আঘাত পাইছিল। কিন্তু ছবিখনৰ কাম কোনো ধৰণে বন্ধ কৰিব নালাগে বুলি মনত ৰাখি তেওঁ অস্ত্ৰোপচাৰ পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়। পেছাদাৰীতা বজাই ৰাখি ছবিখনৰ সকলো কাম সম্পূৰ্ণ কৰি এতিয়া চিকিৎসালয়ত ভৰ্তি হৈছে অভিনেতাগৰাকী।
সূত্ৰ অনুসৰি, বৰ্তমান তামিলনাডুৰ কইম্বাটুৰৰ বিখ্যাত ‘গংগা হাস্পতাল’ত ৰাম চৰণৰ হাতৰ গাঁঠিৰ অস্ত্ৰোপচাৰ কৰা হৈ আছে। জটিল অস্থিৰোগ চিকিৎসাৰ বাবে এই চিকিৎসালয়খন পৰিচিত। এতিয়া বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসা চলি আছে।
চিকিৎসাৰ সময়ত তেওঁৰ লগত থাকিবলৈ কইম্বাটুৰত উপস্থিত হৈছে অভিনেতাজনৰ পৰিয়ালটো। ৰাম চৰণৰ সৈতে তেওঁৰ পিতৃ আৰু মেগাষ্টাৰ চিৰঞ্জীৱী, মাতৃ সুৰেখা আৰু পত্নী উপাসনা কামিনেনী উপস্থিত থাকে। অস্ত্ৰোপচাৰৰ পিছত চিকিৎসা দলৰ তত্বাৱধানত কিছুদিন সম্পূৰ্ণ জিৰণি ল’ব অভিনেতাগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















