অভিনেতা আদিল হুছেইনে অসমত প্ৰতি বছৰে হোৱা বানপানীক লৈ গভীৰ উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় যে- সৰুৰে পৰা এই ধ্বংসলীলাৰ সাক্ষী হৈ আহিছো যদিও ইমান বছৰৰ পাছতো এই বানৰ কোনো স্থায়ী সমাধান পোৱা নাই। এইবাৰ অভিনেতাগৰাকীৰ আত্মীয়ই বানত বেয়াকৈ আবদ্ধ হৈ পৰিছে, যিয়ে তেওঁক আৰু অধিক ক্ষুব্ধ কৰি তোলে।
‘শৈশৱৰ পৰাই বিধ্বংসী বানৰ সাক্ষী হৈ আহিছো’
ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী হিন্দুস্তান টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আদিল হুছেইনে কয়, “শৈশৱৰ পৰাই মই প্ৰতি বছৰে ভয়াৱহ বানপানীৰ সাক্ষী হৈ আহিছো। এইবাৰৰ পৰিস্থিতি পূৰ্বৰ তুলনাত অত্যন্ত চিন্তনীয়। মই অত্যন্ত হতাশ, ক্ষুব্ধ আৰু সমান্তৰালভাৱে দুখ অনুভৱ কৰিছো কাৰণ বানপানী এটা দীৰ্ঘদিনীয়া সমস্যা আৰু সৰুৰে পৰাই দেখি আহিছো। বিভিন্ন চৰকাৰ আহিছে আৰু গৈছে কিন্তু কোনেও বানৰ স্থায়ী সমাধান উলিয়াব পৰা নাই।” তেওঁ লগতে কয়, “অপৰিকল্পিত নিৰ্মাণ কাৰ্য, জলাশয়সমূহ পুতি উদ্যোগ স্থাপন হৈছে আৰু নিৰ্বিচাৰভাৱে বৃহৎ সংখ্যক গছ কাটি ধ্বংস কৰা হৈছে। এই সকলোবোৰ কাৰকে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে।’
আদিল হুছেইনৰ পৰিয়ালো ক্ষতিগ্ৰস্ত
শিৱসাগৰৰ সংহাৰী বানত অভিনেতাজনৰ নিজৰ পৰিয়ালো ক্ষতিগ্ৰস্ত হৈছে। আদিল হুছেইনে কয়, “মোৰ ভনীৰ ছোৱালী আৰু তাইৰ স্বামী শিৱসাগৰ জিলাত থাকে। তেওঁলোকৰ ঘৰো বানপানীত বুৰ গৈছে। মই তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছো, কিন্তু তাত পৰিস্থিতি অত্যন্ত চিন্তনীয় আৰু ভয়ংকৰ।” তেওঁ লগতে ৰাজ্যখনৰ বহুকেইগৰাকী শিল্পী-কলা-কুশলী, সাধাৰণ ৰাইজে বানাক্ৰান্ত লোকসকলক সহায়ৰ বাবে সক্ৰিয়ভাৱে কাম কৰাকো শলাগ লয়।
‘কেৱল সাহায্যই যথেষ্ট নহয়’
আদিল হুছেইনে লগতে কয় যে-কেৱল সাহায্যই যথেষ্ট নহয়, বৰঞ্চ বানপানীৰ বিৰুদ্ধে যুঁজিবলৈ এক কঠিন আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন। তেওঁ কয়, “ভাৰতীয় বিজ্ঞানীসকলে মহাকাশত যথেষ্ট সফলতা লাভ কৰিছে আৰু বিশ্বৰ বহু দেশে বানপানীৰ দৰে সমস্যাৰ সমাধান বিচাৰি পাইছে। নেদাৰলেণ্ডৰ দৰে দেশে সাগৰৰ পৰা ভূমি পুনৰ উদ্ধাৰ কৰিছে। গতিকে আমাৰ চৰকাৰসমূহে অভিযন্তা, ভূতত্ত্ববিদ, চহৰ পৰিকল্পনা বিশেষজ্ঞৰ দল গঠন কৰি এই সমস্যাৰ স্থায়ী সমাধান কিয় বিচাৰি উলিয়াব নোৱাৰে সেয়া স্পষ্ট নহয়।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















