• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

1 hour ago
অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

1 minute ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

28 minutes ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

2 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

3 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

3 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

4 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

5 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

5 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

6 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

6 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

আজি তেওঁ সমগ্ৰ দেশৰ বাবে কঢ়িয়াই আনিলে গৌৰৱ

editor by editor
July 29, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা
0
SHARES
538
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি হয়টো এনে বহু মহান লোকৰ সংগ্ৰামৰ কথা শুনিছে। শুনিছে বহু ডাঙৰ ডাঙৰ খেলুৱৈৰো সংগ্ৰামৰ কাহিনী। কিন্তু আজি দেশৰ বাবে স্বৰ্ণ জয় কৰা এগৰাকী খেলুৱৈৰ জীৱনৰ এনে সংগ্ৰামৰ কাহিনী কম, যিটো শুনিলে আপোনাৰো গৌৰৱেৰে উফন্দি উঠিব বুকু। এইগৰাকী খেলুৱৈৰ সংগ্ৰামৰ কাহিনী শব্দৰে সঠিকভাৱে বৰ্ণনা কৰাটোও কঠিন। শাৰীৰিক বাধা, দৰিদ্ৰতা আৰু অপমানক সমান্তৰালভাৱে পৰাভূত কৰি আজি তেওঁ কমনৱেলথ গেমছত দেশৰ বাবে আজুৰি আনিছে স্বৰ্ণ পদক। এইগৰাকী খেলুৱৈৰ নাম শৰ্মিলা ধনখড়। শৰ্মিলাই চলিত গ্লাছগো কমনৱেলথ গেমছৰ পেৰা শ্বটপুট F57 শাখাত ৯.৮১ মিটাৰ থ্ৰ’নিক্ষেপ কৰি জিনিছে সোণৰ পদক। শৰ্মিলাৰ এই বিজয়ৰ আঁৰত লুকাই আছে অসীম কষ্ট, ত্যাগ আৰু অদম্য সাহসৰ এক দীঘলীয়া কাহিনী।

জন্মৰ কিছুদিন পিছতে অৰ্থাৎ দুবছৰ বয়সতে পলিঅ’ত আক্ৰান্ত হৈছিল শৰ্মিলা। তেতিয়াৰ পৰাই বিশেষভাৱে অক্ষম হৈয়ে অতিবাহিত কৰিছে সমগ্ৰ জীৱন। ইপিনে শৰ্মিলাৰ মাতৃও জন্মৰে পৰাই দৃষ্টিহীন। অতি দৰিদ্ৰ পৰিয়ালত জন্মা শৰ্মিলাই ইমান প্ৰতিকূল পৰিস্থিতিৰ মাজতো পঢ়া-শুনাত সৰুৰে পৰা আছিল অতি চোকা ছাত্ৰী। প্ৰতিটো শ্ৰেণীতে প্ৰথম স্থানত থকা শৰ্মিলাৰ কিন্তু দৰিদ্ৰতাৰ বাবে শিক্ষা জীৱনো দীঘলীয়া নহল। দৰিদ্ৰতাৰ বাবে মাত্ৰ ১৯ বছৰ বয়সতে বিৱাহপাশত আবদ্ধ হবলগীয়া হৈছিল শৰ্মিলা। বিশেষভাৱে সক্ষম কন্যাৰ বাবে বিৱাহৰ বাবে পাত্ৰ আহোতেই কন্যাদান কৰাটো দৰিদ্ৰ পিতৃৰ বাবে তেনেই স্বাভাৱিক কথা। বিৱাহৰ পিছত দুগৰাকীকৈ কন্যা সন্তানৰ মাতৃ হয় শৰ্মিলা। কিন্তু সুৰাপায়ী স্বামীৰ পৰা কোনো দিনেই উচিত সন্মান আৰু মৰ্যাদা পোৱা নাছিল শৰ্মিলাই। স্বামীৰ দৈনিক শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈছিল শৰ্মিলা ধনখড়। স্বামীৰ নিৰ্যাতন ইমানেই বাঢ়ি গৈছিল যে এদিন সুৰাপায়ী স্বামীয়ে দুই কন্যাসহ শৰ্মিলাক উ*লংগ কৰি ঘৰৰ চৌহদৰ পৰা বাহিৰ কৰি দিছিল। পিছত চুবুৰীয়াই উদ্ধাৰ কৰি নিছিল নিজৰ ঘৰলৈ। এই কথা জানিব পাৰি পিতৃয়ে নিজৰ ঘৰলৈ আনিছিল দুই কন্যাসহ শৰ্মিলাক।

স্কুলীয়া জীৱনত কিছুদিন শ্বটপুট খেলা শৰ্মিলাই এই সময়খিনিত শ্বটপুট খেলবিধৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰাৰ উপৰিও মাজে-সময়ে অনুশীলনো কৰে। জীৱিকা নিৰ্বাহৰ বাবে তেওঁ কিছুদিন বাছত কণ্ডাক্টৰ হিচাপেও কাম কৰিছিল। এই সময়ছোৱাতে অৰিজিত সিঙৰ সৈতে চিনাকি হয়। অৰিজিত সিং পেছাত এজন ৰং মিস্ত্ৰী। অৰিজিত সিঙৰ সৈতে মন মিলাত শৰ্মিলাই দ্বিতীয়বাৰৰ বাবে বিৱাহপাশত আৱদ্ধ হয়। অৰিজিতে শৰ্মিলাৰ দুয়োটি কন্যাকো আকোঁৱালি লয়। দ্বিতীয় বিৱাহৰ পিছত অৰিজিতৰ উৎসাহতে শ্বটপুটৰ প্ৰতি পূৰ্ণৰূপত মনোনিৱেশ কৰে। গ্লাছগ’ কমনৱেল্থ গেমছৰ মাত্ৰ এবছৰ আগতেই শৰ্মিলাৰ পিতৃৰ মৃত্যু হৈছিল। গ্লাছগোত দেশৰ হৈ স্বৰ্ণ জয় কৰাৰ পিছতে শৰ্মিলাই এই সফলতাৰ কৃতিত্ব দিয়ে মাতৃ আৰু তেওঁৰ দ্বিতীয় স্বামী অৰিজিতক। কিন্তু দুখৰ বিষয় এয়েই যে শৰ্মিলাৰ পৰিয়ালটোৰ এতিয়াও নাই এটা স্থায়ী বাসস্থান। এটা সৰু ভাৰাঘৰত থাকিয়েই জীৱন অতিবাহিত কৰিছে এইগৰাকী খেলুৱৈয়ে। দেশৰ হৈ স্বৰ্ণ জয় কৰাৰ পিছতে তেওঁ হাৰিয়ানা চৰকাৰলৈ এটা স্থায়ী বাসস্থানৰ বাবে কৰিছে অনুৰোধ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24commonwealth games
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!
অসম

অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

July 29, 2026
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?
ভাৰত

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

July 29, 2026
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা
অসম

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

July 29, 2026
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?
জীৱনশৈলী

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

July 29, 2026
Next Post
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.