• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

2 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

5 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

6 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

6 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

7 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

7 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

8 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

10 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

10 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

11 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

11 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

12 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

দেৱব্ৰত শইকীয়াৰ চিত্ৰসহ বিস্ফোৰক অভিযোগ

editor by editor
July 30, 2026
in অসম, বিবিধ, লেখা
0
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’
0
SHARES
504
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উজনি অসমৰ কেইবাখনো জিলাত হোৱা জলপ্ৰলয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা দুৰ্দশাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শিৱসাগৰ, চৰাইদেউ জিলাৰ কিছু কিছু অঞ্চলত পানী কিছু শুকালেও এতিয়াও অধিংকাশ বন্যাৰ্তই নিজগৃহলৈ উভতিব পৰা নাই। বানৰ পিছত বন্যাৰ্তৰ ঘৰসমূহৰ পৰিস্থিতি আৰু অধিক বৰ্ণনাতীত। কিছু কিছু গৃহৰ ভিতৰত এবুকু পৰ্যন্ত পলসে পুতি পেলাইছে। কেনেকৈ কৰ পৰা এই পলস গুচোৱা কাম আৰম্ভ কৰিব বানাক্ৰান্তসকলে উৱাদিহ পোৱা নাই। মৃ*ত পশুধনৰ পৰা ওলোৱা দুৰ্গন্ধ, পানীত পচি যোৱা বিভিন্ন উদ্ভিদৰ দুৰ্গন্ধ, পানীত থকা বিভিন্ন কীটৰ ফলত বনাক্ৰান্ত অঞ্চলত বানৰ পিছত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰিছে। চৌদিশে কেৱল দুৰ্গন্ধ আৰু দুৰ্গন্ধ। লাখ লাখ লোকে হেৰুৱাইছে গৃহ, লাখ লাখ লোকে হেৰুৱাইছে নিজৰ কৃষিভূমি। বানৰ সংহাৰ কেতিয়াও সাময়িক নহয়। এসপ্তাহ, ১০ দিন বা এমাহত পানী শুকালেও এই সংহাৰৰ ফল বনাক্ৰান্তসকলে ভুগিব লাগিব বছৰ বছৰ ধৰি। সাহায্য বিতৰণৰ এই ধামখুমীয়া হয়টো এদিন স্তিমিত হৈ আহিব, কিন্তু বানাক্ৰান্তৰ সংগ্ৰাম চলি থাকিব মাহ মাহ ধৰি, বছৰ বছৰ ধৰি।

কেতিয়াও বানপানী নোহোৱা অঞ্চল চৰাইদেউ, শিৱসাগৰত দিখৌৱে চলোৱা এই সংহাৰৰ প্ৰকৃত কাৰণ নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণেইনে? প্ৰকৃতিৰ বুকুত আমি নিৰ্মম অত্যাচাৰ চলালে প্ৰকৃতিয়েও সদায়ে নীৰৱে ইয়াক সহ্য কৰি নাথাকে। মানুহে প্ৰকৃতিৰ ওপৰত চলোৱা এই অত্যাচৰৰ প্ৰতিশোধ এদিন নহয় এদিন হলেও ল’বই। প্ৰকৃততে সেয়াই যেন প্ৰতিফলিত হ’ল চৰাইদেউ আৰু শিৱসাগৰ জিলাত। তাকেই উপগ্ৰহীয় চিত্ৰৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছে নাজিৰাৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াই।

শইকীয়াই দিখৌ নৈৰ প্ৰৱাহমান পথৰ ২০১০ আৰু ২০২৪ৰ দুখন উপগ্ৰহীয় চিত্ৰৰ সহায়ত কেনেকৈ প্ৰকৃতিৰ ওপৰত মানুহৰ নিৰ্মম অত্যাচাৰ চলিছিল তাক বুজাবলৈ যত্ন কৰিছে। দেৱব্ৰত শইকীয়াই চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনি কয় যে -এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’। দেৱব্ৰত শইকীয়াই লগতে কয় যে-‘ এসময়ৰ সেউজীয়া নদীৰ পাৰ আৰু স্বাভাৱিক জলপথসমূহক আজি শিল, বালি আৰু কয়লা মাফিয়াই কেনেদৰে বৃহৎ গাঁত আৰু ধ্বংসস্তূপলৈ ৰূপান্তৰিত কৰিছে, সেয়া এই চিত্ৰসমূহত জলজল-পটপটকৈ ওলাই পৰিছে। এই অবাধ লুণ্ঠন আৰু প্ৰকৃতি ধ্বংসই আজিৰ প্ৰলয়ংকাৰী বানৰ মূল কাৰণ। মই এই ধ্বংসলীলাৰ বিৰুদ্ধে বাৰে বাৰে মাত মাতি আহিছোঁ আৰু চৰকাৰক সকীয়াই আহিছোঁ, কিন্তু চৰকাৰে মাফিয়াৰ স্বাৰ্থত নীৰৱতা অৱলম্বন কৰিলে।’

দেৱব্ৰত শইকীয়াই খননৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনো দাখিল কৰা বুলি উল্লেখ কৰি কয়-‘দিখৌ নদীৰ পাৰত চলি থকা এই অবৈধ খননৰ বিৰুদ্ধে মই গুৱাহাটী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থ জড়িত আবেদন (PIL 62/2019) দাখিল কৰিছিলোঁ। এই আবেদনৰ ভিত্তিত, ২০১৯ চনৰ ২১ অক্টোবৰত উচ্চ ন্যায়ালয়ে অবৈধ খনন ৰোধ কৰিবলৈ তিনি মাহৰ ভিতৰত এটা “Mines & Minerals Task Force Battalion” গঠন কৰাৰ আশা প্ৰকাশ কৰিছিল। কিন্তু ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশৰ পিছতো, ২০২১ চনৰ ২২ ডিচেম্বৰত বিধানসভাত চৰকাৰে লাজ লগা উত্তৰ দিলে যে এই ২০০ জনীয়া টাস্ক ফ’ৰ্চ গঠনৰ প্ৰক্ৰিয়াহে চলি আছে!’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24assam flooddebabrat saikia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক'লে-'নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ'

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.