প্ৰায় সকলোৱে নিজৰ পাকঘৰত ৰঙা ৰঙৰ এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ৰঙা কিয় হয়?
বিপদৰ সতৰ্কবাণী আৰু সংকেত: ৰঙা ৰংটোক সমগ্ৰ বিশ্বতে বিপদৰ সংকেত বুলি ধৰা হয়। ৰঙা ৰংটোক সমগ্ৰ বিশ্বতে বিপদ বা সতৰ্কবাণীৰ প্ৰতীক। চিলিণ্ডাৰৰ ৰঙা ৰঙে ব্যৱহাৰকাৰীক সোঁৱৰাই দিয়ে যে ভিতৰৰ গেছ বিপদজনক আৰু সাৱধানে ব্যৱহাৰ কৰিব লাগে।
দূৰৰ পৰা দ্ৰুতভাৱে দৃষ্টি আকৰ্ষণ কৰে: ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ আটাইতকৈ বেছি। ফলত ধোঁৱা, ধূলি বা কম পোহৰতো দূৰৰ পৰা ৰঙা ৰং আটাইতকৈ সহজ আৰু ক্ষীপ্ৰতাৰে দেখা যায়। গেছ লিক বা জুইৰ দৰে জৰুৰী পৰিস্থিতিত চিলিণ্ডাৰৰ স্থান দূৰৰ পৰা সহজেই চিনাক্ত কৰিব পৰা যায়। দ্ৰুত ব্যৱস্থা ল’ব পাৰি। সেইবাবেই এই ৰং ব্যৱহাৰ কৰা হয়।
গেছৰ প্ৰকাৰ আৰু ৰঙৰ ক’ডিং: ঔদ্যোগিক আৰু বাণিজ্যিক ব্যৱহাৰৰ সুবিধাৰ বাবে বিভিন্ন গেছ চিলিণ্ডাৰত বিভিন্ন ৰং থাকে।
ৰঙা: এল পি জি বা দহনশীল গেছ বগা: অক্সিজেন ক’লা: নাইট্ৰজেন নীলা: নাইট্ৰাছ অক্সাইড (মেডিকেল গেছ)
এই ৰং ক’ডিং ব্যৱস্থাই ভুলবশতঃ এটা গেছক আন এটা গেছত ব্যৱহাৰ কৰাৰ আশংকা হ্ৰাস কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















