পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সহায়ক চন্দ্ৰনাথ ৰাথৰ হ*ত্যাকাণ্ডৰ গোচৰত CBI-এ কলকাতাৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছে। এই গোচৰৰ ১১ জন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য কথাটো হৈছে অভিযুক্তসকলৰ ভিতৰত দুজন বিজেপি কৰ্মীও আছে। শেহতীয়াকৈ CBI-এ ৰাথৰ কাৰ্যালয়ত কৰ্মৰত বিজেপি কৰ্মী সাগৰ সোণকাৰ আৰু ভাতৃ চাহাব সোণকাৰক গ্ৰেপ্তাৰ কৰিছে। চন্দ্ৰনাথ ৰাথ হ*ত্যাত উত্তৰ প্ৰদেশৰ ছুপাৰি কিলাৰ জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈছে।
তদন্তকাৰী দলৰ এজন বিষয়াই কয় যে ৰাথ হ*ত্যাকাণ্ড সন্দৰ্ভত ৰাজ্যখনৰ আন এটা ৰাজনৈতিক দলৰ এজন নেতাৰ ভূমিকাও সন্দেহৰ আৱৰ্তত আৰু এই সন্দেহজনক নেতাজনৰ বিৰুদ্ধেও তদন্ত চলি আছে ৷ CBIৰ তদন্তত প্ৰকাশ পাইছে যে ভৱানীপুৰ আসনৰ বাবে শুভেন্দু অধিকাৰীৰ নিৰ্বাচনী প্ৰচাৰত মূল ভূমিকা গ্ৰহণ কৰা ৰাথৰ হ*ত্যাকাণ্ড ২০২৫ চনৰ ডিচেম্বৰৰ পৰা পৰিকল্পিত আছিল যদিও বিভিন্ন কাৰণত হ*ত্যাকাৰীয়ে সফল হোৱা নাছিল।
পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দুদিন পিছতে বিগত ৬ মে’ত মধ্যগ্ৰামত ৰাথক গুলীয়াই হ*ত্যা কৰা হৈছিল। বিষয়াসকলে জনোৱা মতে, CBI-এ এতিয়ালৈকে কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে, সেইসকল হৈছে মনু সিং, ৰাজ সিং, গোলু সিং, মায়ংক ৰাজ মিশ্ৰ, বিকি মৌৰ্য আৰু নবীন কুমাৰ সিং। ইয়াৰ উপৰিও ছুপাৰি কিলাৰ বিনয় ৰায়, সঞ্জয় ৰায় আৰু বিকাশ মিশ্ৰকো গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে CBI-এ। সম্প্ৰতি এজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।
ইয়াৰ পূৰ্বে চন্দ্ৰনাথ ৰাথ বায়ুসেনাত আছিল। বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ লোৱাৰ পিছত তেওঁ কৰ্পৰেট জগতত কাম কৰিবলৈ আৰম্ভ কৰে। লাহে লাহে ৰাজনৈতিক সমন্বয়ক আৰু প্ৰশাসনিক দায়িত্বও গ্ৰহণ কৰে ৰাথে। ২০১৯ চনত মমতা বেনাৰ্জীৰ চৰকাৰত মন্ত্ৰী আছিল শুভেন্দু অধিকাৰী। চন্দ্ৰনাথ ৰাথে সেই সময়তে শুভেন্দু অধিকাৰীৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিছিল।
অধিকাৰীৰ দৰে চন্দ্ৰনাথ ৰাথৰ পৰিয়ালটোও পূৰ্বতে তৃণমূল কংগ্ৰেছত আছিল। TMCৰ কাৰ্যকালত তেওঁৰ মাতৃ হাছি ৰাথে পূব মেদিনীপুৰত স্থানীয় পঞ্চায়ত সমিতিৰ পদত অধিষ্ঠিত হৈছিল। পিছত শুভেন্দু অধিকাৰীয়ে TMC এৰি বিজেপিত যোগদান কৰাৰ পিছত চন্দ্ৰনাথ ৰাথৰ পৰিয়ালেও বিজেপিত যোগদান কৰে। চন্দ্ৰনাথ ৰাথে অধিকাৰীৰ সৈতে প্ৰায় দুটা দশক সেৱা আগবঢ়াইছিল। এই সময়ছোৱাত তেওঁ সাংগঠনিক কামৰ লগতে লজিষ্টিক ব্যৱস্থাপনাও চম্ভালিছিল। তেওঁ দলীয় কৰ্মীসকলৰ সৈতে সমন্বয় সাধন কৰিছিল। তেওঁ নিৰ্বাচনী প্ৰচাৰ পৰিচালনা আৰু ৰাজনৈতিক সমন্বয়ৰ কাম চম্ভালিছিল। বিজেপিৰ ভৱানীপুৰ নিৰ্বাচনী প্ৰচাৰকে ধৰি কেইবাখনো হাই ভল্টেজ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাত অধিকাৰীৰ মূল দলৰ অংশ আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















