• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

37 minutes ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

1 minute ago
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

1 hour ago
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

2 hours ago
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

3 hours ago
বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

3 hours ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

4 hours ago
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

5 hours ago
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

6 hours ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

7 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

15 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

15 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

দাম বৃদ্ধিৰ ইংগিতেৰে প্ৰকাশ এক প্ৰতিবেদন

editor by editor
August 7, 2026
in খাদ্য, জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?
0
SHARES
16
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বৰ্ষৰ আৰম্ভণিৰ পৰাই দেশত মূল্যবৃদ্ধিৰ চাপ ক্ৰমাৎ বৃদ্ধি পাইছে। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা উত্তেজনাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু যোগান ব্যৱস্থাত ব্যাঘাত ঘটে। ইয়াৰ ফলত বহু সামগ্ৰীৰ দাম বৃদ্ধি পায়। ইয়াৰ উপৰিও প্ৰতিকূল বতৰৰ পৰিস্থিতিও মূল্যবৃদ্ধিৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে।
বেংক অব বৰোদাৰ এক প্ৰতিবেদন অনুসৰি, চলিত বৰ্ষৰ জুলাইত দেশৰ খুচুৰা মূল্যবৃদ্ধিৰ হাৰ (Retail Inflation) প্ৰায় ৪.৫ শতাংশ হ’ব পাৰে। ফলস্বৰূপে সাধাৰণ লোকৰ ঘৰুৱা ব্যয় আৰু ৰান্ধনীঘৰৰ বাজেটত পুনৰ চাপ পৰাৰ সম্ভাৱনা দেখা দিছে।

সাধাৰণতে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হ’লেই মানুহে প্ৰকৃত মূল্যবৃদ্ধিৰ প্ৰভাৱ বেছি অনুভৱ কৰে। উল্লেখিত প্ৰতিবেদনখনত কোৱা হৈছে যে এইবাৰ মূল্যবৃদ্ধিৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিব দৈনন্দিন ব্যৱহাৰৰ খাদ্য সামগ্ৰীৰ ওপৰত। ইতিমধ্যে তেল, চাউল, দাইল আৰু পিঁয়াজৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। যদিও বৰ্তমান বৰষুণৰ বাবে বজাৰত শাক-পাচলিৰ যোগান তুলনামূলকভাৱে ঠিকেই আছে, সেয়েহে প্ৰায়বোৰ পাচলিৰ দাম কিছু নিয়ন্ত্ৰণত আছে। বিলাহী, পিঁয়াজ আৰু আলু—এই তিনিটা অত্যাৱশ্যকীয় পাচলি (TOP)-ৰ যোগানত বৰ্তমান বিশেষ সমস্যা দেখা পোৱা হোৱা নাই। তথাপিও পিঁয়াজৰ দামত ইতিমধ্যে উঠা-নমা আৰম্ভ হৈছে আৰু আগন্তুক দিনবোৰতো এই অস্থিৰতা অব্যাহত থাকিব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

প্ৰতিবেদনত এইটোও কোৱা হৈছে যে Core Inflation অৰ্থাৎ খাদ্য সামগ্ৰী আৰু ইন্ধন বাদ দি আন সামগ্ৰী আৰু সেৱাৰ মূল্যবৃদ্ধিৰ হাৰ—জুলাই মাহৰ ক্ষেত্ৰত ৪.০ শতাংশৰ পৰা ৪.১ শতাংশৰ ভিতৰত থাকিব পাৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ ফলত Personal Care সামগ্ৰী আৰু কোৰ মূল্যবৃদ্ধিৰ ওপৰত কিছু ইতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি অনুমান কৰা হৈছে।

কিন্তু বিশেষজ্ঞসকলে সতৰ্কবাণী দি কৈছে যে আগন্তুক সময়ত উৎপাদন ব্যয় পুনৰ বৃদ্ধি পালে সামগ্ৰিক মূল্যবৃদ্ধিৰ হাৰ আকৌ বৃদ্ধি পাব পাৰে। সেয়ে সাধাৰণ গ্ৰাহকসকলে আগন্তুক মাহবোৰত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত অধিক ব্যয় বহন কৰিবলগীয়া হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24price hike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে
নিয়োগ

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

August 7, 2026
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!
প্ৰযুক্তি

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

August 7, 2026
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!
অপৰাধ

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

August 7, 2026
Next Post
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.