জাপানৰ এই ফল এতিয়া অসমৰ প্ৰতিখন জিলাখনত উপলব্ধ। ই কৰ্কটৰ দৰে মাৰাত্মক ৰোগৰ বাবেও অতি উত্তম! দেখাত কমলা বা বিলাহীৰ দৰে লাগিলেও ইয়াৰ উপকাৰী গুণ যথেষ্ঠ বেছি। ই জাপানৰ জাতীয় ফল আৰু ইয়াক ‘কাকি’ ফল বুলিও কোৱা হয়।
এই ফলৰ নাম ইংৰাজীত persimmon আৰু অসমীয়াত ৰামফল। সমগ্ৰ বিশ্বতে প্ৰায় ৭৫০ প্ৰজাতিৰ পাৰ্চিমন উৎপাদন হয়। পাৰ্চিমনত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ছালখন সুস্থ কৰি ৰাখে।
কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে পাৰ্চিমন খোৱাটো হৃদযন্ত্ৰ, চকু, ছালৰ বাবে উপকাৰী। পাৰ্চিমনত ভিটামিন এ, চি, ই, কে, পটাছিয়াম, মেংগানিজ, তাম আদি বিভিন্ন পুষ্টিকৰ উপাদান থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু কলেষ্টেৰল হ্ৰাস কৰে। আনকি পাৰ্চিমনত থকা এন্টিঅক্সিডেন্টসমূহেও কৰ্কট, ষ্ট্ৰোক, আৰু বিভিন্ন গুৰুতৰ শাৰীৰিক সমস্যাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে বুলি খাদ্য বিশেষজ্ঞ অনিকেট সুৰে কয়। পাৰ্চিমনত কেটেচিন, কেৰটিনয়ড থাকে, যিয়ে পৰোক্ষভাৱে টিউমাৰ গঠন হোৱাৰ প্ৰৱণতা বন্ধ কৰি কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে।
পাৰ্চিমন অতি পুষ্টিকৰ, চেনিৰ পৰিমাণ ১৯-৩৩ শতাংশ। এই ফলটোৱে পুষ্টিকৰ মূল্যৰ ক্ষেত্ৰত শীতকালীন কমলাকে ধৰি বহুতো চিনাকি ফলক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। ১০০ গ্ৰাম পাৰ্চিমনে প্ৰায় ৬৯-৭০ কিলোকেলৰি শক্তি প্ৰদান কৰে। পানী প্ৰায় ৮১ গ্ৰাম, কাৰ্বহাইড্ৰেট ১৭-১৮ গ্ৰাম, চেনি প্ৰায় ১২.৫ গ্ৰাম, ডায়েটাৰী ফাইবাৰ প্ৰায় ৩.৬-৪.০ গ্ৰাম, প্ৰটিন প্ৰায় ০.৬-০.৮ গ্ৰাম, চৰ্বি প্ৰায় ০.২-০.৩ গ্ৰাম, পটাছিয়াম প্ৰায় ১৯০-২৭০ মিলিগ্ৰাম, ভিটামিন চি প্ৰায় ৭.৫-১২.৬ মিলিগ্ৰাম, ভিটামিন এ প্ৰায় ৮১ মাইক্ৰ’গ্ৰাম, বিটা-কেৰটিন প্ৰায় ১৬০-১৮০ মাইক্ৰ’গ্ৰাম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















