জনপ্ৰিয় YouTuber তথা ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ ধ্ৰুৱ ৰাঠীৰ হিন্দু দেৱ-দেৱীক লৈ নিৰ্মাণ কৰা এটা বিতৰ্কিত ভিডিঅ’ক লৈ দিল্লী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে Google-এ। Google-এ আদালতক জনোৱা অনুসৰি, উক্ত ভিডিঅ’টো ভাৰতত YouTubeৰ পৰা আঁতৰোৱা হৈছে যদিও বিশ্বৰ আন দেশত এতিয়াও সম্পূৰ্ণৰূপে আঁতৰোৱা হোৱা নাই। মঙলবাৰে ন্যায়াধীশ স্বৰ্ণকান্তা শৰ্মাৰ বিচাৰপীঠত Googleএ এই কথা প্ৰকাশ কৰে।
অমিতা সচদেৱে ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে এটা YouTubeৰ ভিডিঅ’ক লৈ আপত্তি উত্থাপন কৰিছে। সচদেৱৰ অভিযোগ অনুসৰি, ভিডিঅ’টোত ভগৱান শ্ৰী ৰাম, ভগৱান শ্ৰীকৃষ্ণ আৰু সীতা দেৱীৰ বিষয়ে ‘মিছা, বিভ্ৰান্তিকৰ আৰু উচটনিমূলক’ মন্তব্য কৰা হৈছে। তেওঁৰ দাবী, এই ভিডিঅ’টোৱে কোটি কোটি হিন্দুৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে। অধিবক্তাগৰাকীয়ে মন্তব্য কৰে যে ভিডিঅ’টো YouTubeত প্ৰকাশ পোৱাৰ পিছত লাখ লাখ লোকৰ মাজত ইয়াৰ প্ৰচাৰ হয়। বিষয়টোক লৈ তেওঁ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰো ৰুজু কৰিছে।
অধিবক্তা অমিতা সচদেৱৰ মতে, কেন্দ্ৰীয় চৰকাৰৰ Grievance Appellate Committee (GAC)-এ ১৫ জুলাইত Googleলৈ নিৰ্দেশ জাৰি কৰি ২৪ ঘণ্টাৰ ভিতৰত ভিডিঅ’টো আঁতৰাবলৈ কৈছিল। কিন্তু অধিবক্তাগৰাকীৰ অভিযোগ, Google-এ ভিডিঅ’টো বিশ্বজুৰি আঁতৰোৱাৰ পৰিৱৰ্তে কেৱল ভাৰততহে ‘withhold’ কৰিছে। সেয়ে GACৰ নিৰ্দেশ সম্পূৰ্ণৰূপে পালন কৰা হোৱা নাই বুলি সচদেৱে দাবী কৰে। আবেদনখনত অভিযোগ কৰা হৈছে যে, আইনীভাৱে ৩০ দিনৰ ভিতৰত আপীলৰ সিদ্ধান্ত লোৱাৰ কথা থাকিলেও GAC-এ এতিয়াও বিষয়টোৰ চূড়ান্ত নিষ্পত্তি কৰা নাই। ফলত বিতৰ্কিত ভিডিঅ’টো YouTubeত ৰাজহুৱাভাৱে উপলব্ধ হৈ আছে আৰু ইয়াৰ ফলত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত ধাৰাবাহিকভাৱে আঘাত লাগি আছে বুলি আবেদনকাৰীৰ পক্ষই দাবী কৰে।
ইপিনে আদালতত Googleৰ অধিবক্তাই স্পষ্ট কৰে যে ভিডিঅ’টো ভাৰতত ইতিমধ্যে বন্ধ কৰা হৈছে। কিন্তু বিশ্বজুৰি ভিডিঅ’টো আঁতৰোৱাৰ বিষয়টো দিল্লী উচ্চ ন্যায়ালয়ৰ Division Benchৰ বিবেচনাধীন হৈ আছে। Googleৰ পক্ষৰ এই বক্তব্যৰ পিছত ন্যায়াধীশ স্বৰ্ণকান্তা শৰ্মাই মন্তব্য কৰে যে, বিশ্বজুৰি নিষেধাজ্ঞা জাৰি কৰাৰ বিষয়টো ইতিমধ্যে Division Benchৰ সন্মুখত আছে আৰু Google-এ নিজৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰিছিল, সিমানখিনি কৰিছে।
আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ হৈ Additional Solicitor General (ASG) চেতন শৰ্মাই আদালতত কয় যে কোনো ভিডিঅ’ৰ বিৰুদ্ধে আপত্তি উত্থাপন কৰাৰ পিছত সংশ্লিষ্ট আদেশটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য হোৱা উচিত। তেওঁ যুক্তি দিয়ে যে, যদি কেৱল এটা নিৰ্দিষ্ট ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হয়, তেন্তে বিষয়টো এজনৰ পৰা আনজনলৈ, তাৰ পিছত আন এজনলৈ গৈ থাকিব আৰু এই প্ৰক্ৰিয়াৰ কোনো অন্ত নাথাকিব। চেতন শৰ্মাই আদালতক কয় যে, অন্ততঃ আদালতৰ আদেশত বিষয়টোৰ সন্দৰ্ভত কিছু স্পষ্ট নিৰ্দেশনা থকা উচিত। অন্যথা একেটা বিষয়ক লৈ বাৰে বাৰে নতুন নতুন আবেদন দাখিল কৰাৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে।
দুয়োপক্ষৰ বক্তব্য শুনাৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে বিষয়টোৰ পৰৱৰ্তী শুনানি ৩ ছেপ্টেম্বৰলৈ স্থগিত ৰাখে। উল্লেখ্য, ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’ক কেন্দ্ৰ কৰি চলি থকা এই আইনী বিতৰ্কত মূল প্ৰশ্ন হৈ পৰিছে—ভাৰতৰ ভিতৰত ভিডিঅ’টো বন্ধ কৰাটোৱেই যথেষ্ট নে বিশ্বজুৰি ইয়াৰ প্ৰচাৰ বন্ধ কৰাৰ প্ৰয়োজন আছে। এই বিষয়টো Division Benchৰ সন্মুখত ইতিমধ্যে বিবেচনাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত আগন্তুক শুনানিত আদালতৰ স্থিতি বিশেষ গুৰুত্বপূৰ্ণ হ’ব বুলি ধাৰণা কৰা হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















