লক্ষ্ণৌত এক হাইপ্ৰফাইল দেহ ব্যৱসায় চক্ৰ চলোৱাৰ অভিযোগত উজবেকিস্তানৰ নাগৰিক লোলা কায়ুমোভাক গ্ৰেপ্তাৰ কৰা হৈছে। লোলাই প্ৰায় এবছৰ ধৰি আত্মগোপন কৰি আছিল। তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি, লোলাই উজবেকিস্তান আৰু নেপালৰ পৰা মহিলাক অবৈধভাৱে ভাৰতলৈ আনি লক্ষ্ণৌৰ অভিজাত এলেকাৰ এপাৰ্টমেণ্টত ৰাখি দেহ ব্যৱসায়ৰ সৈতে জড়িত কৰিছিল। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, মহিলাসকলৰ পৰিচয় গোপনে ৰাখিবলৈ তেওঁলোকৰ প্লাষ্টিক ছাৰ্জাৰীও কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। তদন্তকাৰী বিষয়াই লোলাক এই সমগ্ৰ চক্ৰটোৰ মাষ্টাৰমাইণ্ড বুলি সন্দেহ কৰিছে।
২০২৫ চনৰ জুনত লক্ষ্ণৌৰ সুশান্ত গল্ফ চিটিৰ এটা এপাৰ্টমেণ্টৰ পৰা উজবেকিস্তানৰ দুগৰাকী মহিলা হলিদা আৰু নিলোফাৰক গ্ৰেপ্তাৰ হোৱাৰ পিছতে এই চক্ৰটোৰ বিষয়ে তদন্ত আৰম্ভ হৈছিল। অভিযোগ অনুসৰি, দুয়োগৰাকী মহিলাই বৈধ পাছপ’ৰ্ট আৰু ভিছা অবিহনে ভাৰতত বাস কৰি আছিল। তদন্ত আগবঢ়াৰ লগে লগে লোলা কায়ুমোভাৰ নামো পোহৰলৈ আহে। অভিযোগ অনুসৰি, তেওঁ বিদেশৰ পৰা মহিলাক ভাৰতলৈ অনাৰ লগতে তেওঁলোকৰ বাবে বাসস্থান আৰু অন্যান্য ব্যৱস্থাও কৰি দিছিল।
পৰিচয় সলনি কৰিবলৈ প্লাষ্টিক ছাৰ্জাৰীৰ অভিযোগ
তদন্তত পোহৰলৈ অহা ভয়ংকৰ কথাটো হৈছে লোলাই এই যুৱতীসকলৰ চেহেৰা সলনি কৰি তেওঁলোকৰ পৰিচয় গোপন ৰখাৰ বাবে প্লাষ্টিক ছাৰ্জাৰীৰ ব্যৱস্থা কৰিছিল। আনকি নিজেও পৰিচয় লুকুৱাবলৈ কেইবাটাও প্লাষ্টিক ছাৰ্জাৰী কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। তথ্য অনুসৰি, লোলাই নিজৰ চেহেৰা সলনি কৰিবলৈ ৭ বাৰকৈ প্লাষ্টিক ছাৰ্জাৰী কৰাইছিল বুলি তদন্তত দাবী কৰা হৈছে। তেওঁৰ বয়স প্ৰায় ৪৯ বছৰ যদিও তেওঁ নিজকে প্ৰায় ২৯ বছৰীয়া যেন দেখুৱাব বিচাৰিছিল বুলি অভিযোগ কৰা হৈছে।
ভুৱা বিবাহৰ নথিৰো অভিযোগ
তদন্তত লোলাৰ বিৰুদ্ধে ভুৱা বিৱাহৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি ভাৰতীয় পৰিচয়-পত্ৰ লাভ কৰাৰো অভিযোগ উত্থাপন কৰিছে। এই নথিসমূহৰ সহায়ত তেওঁ ভাৰতত নিজৰ পৰিচয় আৰু স্থিতি বৈধ বুলি দেখুৱাবলৈ চেষ্টা কৰিছিল বুলি তদন্তকাৰী বিষয়াসকলে সন্দেহ কৰিছে। ইয়াৰ উপৰি, উজবেকিস্তানতো লোলাৰ বিৰুদ্ধে লুকআউট নোটিচ জাৰি কৰা হৈছিল বুলি জানিব পৰা গৈছে। অৱশ্যে, এই সকলো অভিযোগৰ চূড়ান্ত সত্যতা তদন্ত আৰু আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট হ’ব।
ঘটনাটোৱে আন্তঃৰাষ্ট্ৰীয় মানৱ সৰবৰাহ, অবৈধভাৱে বিদেশী নাগৰিকক ভাৰতলৈ অনা আৰু ভুৱা পৰিচয় ব্যৱহাৰৰ দৰে গুৰুতৰ বিষয়ক লৈ নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে। তদন্তকাৰী সংস্থাই এতিয়া এই চক্ৰৰ সৈতে জড়িত আন লোকসকলৰ সন্ধানতো তদন্ত অব্যাহত ৰাখিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















