দৰাচলতে ‘Humara Long Distance Love‘ সংলাপেৰে এক বিজ্ঞাপনতহে অংশ লৈছে অসম সন্তান ৰিয়ান পৰাগে। অসমৰ তাৰকা ক্ৰিকেটাৰ তথা ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক এইবাৰ দেখা গৈছে ইংলিছ প্ৰিমিয়াৰ লীগক কেন্দ্ৰ কৰি JioHotstarৰ বিজ্ঞাপনমূলক প্ৰচাৰত। ক্ৰিকেটৰ পৰা ফুটবলৰ বিশ্বলৈ ৰিয়ানৰ এই উপস্থিতিয়ে তেওঁৰ ক্ৰিকেটীয় পৰিচয়ৰ বাহিৰেও ব্ৰেণ্ড-ভেল্যু আৰু জনপ্ৰিয়তাৰ নতুন দিশটো উন্মোচন কৰিছে। ৰিয়ানৰ লগতে বিজ্ঞাপনটোত সঞ্জু ছেমছন আৰু অভিনেতা টাইগাৰ শ্ৰফকো দেখা গৈছে।

ফুটবলৰ প্ৰতি ৰিয়ানৰ আগ্ৰহ
ৰিয়ান পৰাগৰ Premier Leagueৰ সৈতে সম্পৰ্ক অৱশ্যে কেৱল বিজ্ঞাপনতে সীমাবদ্ধ নহয়। ২০২৬ চনত তেওঁ ইংলেণ্ডলৈ গৈ Premier Leagueৰ এখন খেলো ষ্টেডিয়ামত উপভোগ কৰিছিল। West Ham United আৰু Manchester Cityৰ মাজৰ খেলখন তেওঁ প্ৰত্যক্ষভাৱে উপভোগ কৰাৰ লগতে ইংলিছ ফুটবলৰ পৰিৱেশ, সমৰ্থকৰ উন্মাদনা আৰু পেছাদাৰী ক্ৰীড়া সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰিছিল। পৰৱৰ্তী সময়ত ৰিয়ানে নিজেও ইংলিছ প্ৰিমিয়াৰ লীগৰ অভিজ্ঞতাক লৈ মন্তব্য কৰিছিল। তেওঁৰ মতে, EPLৰ খেলপথাৰত দেখা তীব্ৰতা, সু-সংগঠিত ব্যৱস্থা আৰু পেছাদাৰিত্ব তেওঁৰ বাবে এক নতুন অভিজ্ঞতা আছিল।

বিশেষকৈ সমৰ্থকৰ আবেগ, আনুগত্য আৰু দলৰ সৈতে তেওঁলোকৰ সংযোগে তেওঁক আকৰ্ষিত কৰিছিল। West Ham Unitedৰ ব্যৱস্থাপনা আৰু দলটোৰ খেলুৱৈ Jarrod Bowenৰ সৈতে সম্পৰ্কিত অভিজ্ঞতাইও তেওঁক প্ৰভাৱিত কৰিছিল।
IPLৰ অধিনায়ক হিচাপে নতুন পৰিচয়

ৰিয়ান পৰাগৰ বাবে ২০২৬ চনৰ ক্ৰিকেটীয় যাত্ৰাও বিশেষ গুৰুত্বপূৰ্ণ। তেওঁ Rajasthan Royalsৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছে। দলটোৰ নেতৃত্ব দি তেওঁক এক নতুন পৰ্যায়ত নিজকে প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিছে। ২০২৬ IPLত তেওঁৰ নেতৃত্বৰ সিদ্ধান্তক লৈ ক্ৰিকেট বিশেষজ্ঞসকলেও আলোচনা কৰিছে। Gujarat Titansৰ বিৰুদ্ধে এখন ৰোমাঞ্চকৰ খেলত অন্তিম অভাৰৰ বাবে Tushar Deshpandeৰ ওপৰত আস্থা ৰখাৰ সিদ্ধান্ত সফল হোৱাৰ পিছত ৰিয়ানৰ অধিনায়কত্বক প্ৰশংসা কৰিছিল Irfan Pathan, অশ্বিন, ৰবি শাস্ত্ৰীসহ কেইবাগৰাকীও বিশেষজ্ঞই। অৰ্থাৎ, খেলপথাৰত অধিনায়ক হিচাপে দায়িত্ব বৃদ্ধি পোৱাৰ সময়তে খেলপথাৰৰ বাহিৰতো ৰিয়ানৰ ব্ৰেণ্ড-ভেল্যু বৃদ্ধি পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















