বেলজিয়ামৰ ইষ্ট ফ্লেণ্ডাৰছত এটা ঘৰ চাফ-চিকুন কৰি থাকোঁতে কেইজনমান শ্ৰমিকে এখন দেৱালৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত সোণৰ বৃহৎ ভাণ্ডাৰ আৱিষ্কাৰ কৰে। শ্ৰমিকসকলে লাভ কৰা ভাণ্ডাৰটোত আছিল কেইবাখনো সোণৰ বিস্কুট আৰু মুদ্ৰা। শ্ৰমিকসকলে লাভ কৰা সোণখিনিৰ মূল্য প্ৰায় ৯ মিলিয়ন ইউৰো, অৰ্থাৎ প্ৰায় ৯৯ কোটি টকা বুলি অনুমান কৰা হৈছে। শ্ৰমিককেইজনে এটা নলাৰ পাইপ স্থাপনৰ বাবে খান্দি থকা অৱস্থাত বেছমেণ্টৰ বেৰত লুকুৱাই থোৱা সোণখিনি আৱিষ্কাৰ কৰে।
ধন আৱিষ্কাৰ হোৱাৰ পিছত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল এই সোণৰ মালিক কোন হ’ব? এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘৰটোত ভালদৰে তালাচী চলোৱা হৈছে আৰু উদ্ধাৰ হোৱা সকলো সোণ নিৰাপদে মজুত কৰা হৈছে। এই ধন আৱিষ্কাৰ কৰা শ্ৰমিকসকলৰ ভিতৰত আছিল ১৮ বছৰীয়া কোবে। গ্ৰীষ্মকালীন ছুটীত কিছু টকা উপাৰ্জন কৰিবলৈ এই কাম কৰি আছিল কিশোৰজনে। বেলজিয়ামৰ ৰাজহুৱা সম্প্ৰচাৰক VRTক তেওঁ কয় যে-তেওঁ প্ৰথমে ভাবিছিল যে তেওঁ দেৱালত এক ইউৰোৰ মুদ্ৰা পাইছে। কিন্তু শ্ৰমিকসকলে যেতিয়া এখন সোণৰ বিস্কুট আৱিষ্কাৰ কৰিলে, তেতিয়া তেওঁলোকে উপলব্ধি কৰিলে যে সেইটো এটা বিশাল ধন। লগে লগে আৰক্ষীক খবৰ দিয়ে।
যিটো ঘৰত এই সোণ পোৱা গৈছে সেই ঘৰটো ডেণ্ডাৰমণ্ড চহৰৰ আৰ্তজনক সহায় কৰা এটা দাতব্য সংস্থাৰ। চেৰিটিৰ পৰিচালক গেৰ্ট হিলিয়াৰ্টে কয় যে-তেওঁ এই ধনৰ কথা শুনি আচৰিত হৈছে। তেওঁ আশা প্ৰকাশ কৰে যে যদি সংস্থাটোৱে ইয়াক ওভতাই পায় তেন্তে ইয়াক আৰ্তজনক সহায় কৰাৰ লগতে অন্যান্য সামাজিক কামত ব্যৱহাৰ কৰিব পৰিব।

বেলজিয়ামৰ আইন অনুসৰি এই ধনৰাশি পুনৰ উদ্ধাৰ কৰিবলৈ সঠিক মালিকৰ হাতত পাঁচ বছৰ আছে। তদন্তকাৰীয়ে এতিয়াও নিৰ্ণয় কৰিব পৰা নাই সোণখিনিৰ প্ৰকৃত মালিক। যদি পাঁচ বছৰৰ ভিতৰত কোনো মালিক আগবাঢ়ি নাহে আৰু সোণখিনি অপৰাধৰ সৈতে জড়িত বুলি প্ৰমাণিত নহয়, তেন্তে আইনে ধন বিচাৰি পোৱা আৰু সম্পত্তিৰ মালিকৰ মাজত ভাগ কৰিবলৈ অনুমতি দিয়ে। গতিকে শ্ৰমিক আৰু দাতব্য সংস্থা দুয়োটাই ৰৈ থাকিব লাগিব যে কোনো বৈধ দাবীদাৰ ওলাই আহে নে নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















