ভাৰতৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই বেচিক ছেভিংছ ডিপ’জিট একাউণ্ট (বিএছবিডি) গ্ৰাহকৰ সেৱা চাৰ্জৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে। বেংকৰ অফিচিয়েল ৱেবছাইট অনুসৰি এই নতুন চাৰ্জসমূহ ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব।বেংকৰ নগদ ধন উলিওৱাৰ সুবিধা ব্যৱহাৰ কৰা এছ বি আই বেচিক চেভিংছ ডিপ’জিট একাউণ্ট (বি এছ বি ডি) গ্ৰাহকে কাৰ্যকৰী হোৱাৰ তাৰিখৰ পৰা আৰম্ভ কৰি প্ৰতিমাহে চাৰিবাৰকৈ বিনামূলীয়াকৈ নগদ ধন উলিয়াব পাৰিব। অৱশ্যে এমাহৰ ভিতৰত প্ৰথম চাৰিটা বিনামূলীয়া লেনদেনৰ পিছত নগদ ধন উলিওৱাৰ পৰা ১৫ টকা+ GST (প্ৰতি লেনদেন) লোৱা হ’ব।
এইবোৰৰ বাবে কোনো ধৰণৰ চাৰ্জ লোৱা নহ’ব
এছবিআইয়ে এক বিবৃতিত কয় যে নগদ ধন উলিওৱাৰ লেনদেনত ব্ৰাঞ্চ, এটিএম, মাইক্ৰ’-এটিএম, এইপিএছ, আদি সকলো ধৰণৰ জৰিয়তে উলিওৱা নগদ ধন অন্তৰ্ভুক্ত কৰা হৈছে।ইউপিআই, আইএমপিএছ, এনইএফটি, আৰটিজিএছ, পিঅ’এছ আদিৰ জৰিয়তে গ্ৰাহকে কৰা ডিজিটেল ট্ৰেন্সফাৰ লেনদেন বিনামূলীয়া হৈ থাকিব। তদুপৰি বেংকে বেচিক ছেভিংছ বেংক ডিপ’জিট একাউণ্ট (বিএছবিডি)ৰ বাবে কেইবাটাও সেৱাৰ সেৱাৰ চাৰ্জ সলনি কৰা নাই, যেনে বেচিক ৰুপে এটিএম-কম-ডেবিট কাৰ্ড, যিটো বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব আৰু ইয়াৰ বাবে কোনো বাৰ্ষিক ৰক্ষণাবেক্ষণ মাচুল লোৱা নহ’ব। লগতে কেন্দ্ৰ বা ৰাজ্য চৰকাৰে জাৰি কৰা চেক জমা বা সংগ্ৰহৰ বাবে কোনো ধৰণৰ চাৰ্জ, নিষ্ক্ৰিয় একাউণ্ট সক্ৰিয় কৰাৰ বাবে কোনো মাচুল, একাউণ্ট বন্ধ কৰাৰ বাবেও কোনো ধৰণৰ চাৰ্জ লোৱা নহ’ব।
বি এছ বি ডি একাউণ্ট কোনে আৰু কেনেকৈ খুলিব?
এছ বি আইৰ মতে, বৰ্তমান যিকোনো ব্যক্তিৰ বি এছ বি ডি একাউণ্ট নথকা আৰু প্ৰয়োজনীয় কে ৱাই চিৰ নথি-পত্ৰ থকা ব্যক্তিয়ে এককভাৱে বা যৌথভাৱে এনে একাউণ্ট খুলিব পাৰে। নতুন বি এছ বি ডি একাউণ্ট খোলাৰ আগতে বা বৰ্তমানৰ চেভিংছ বেংক একাউণ্ট এটা বি এছ বি ডি একাউণ্টলৈ ৰূপান্তৰিত কৰাৰ আগতে গ্ৰাহকে বেংকক জনাই দিব লাগিব যে তেওঁলোকৰ কোনো বেংকত ইতিমধ্যে বি এছ বি ডি একাউণ্ট নাই।
এছ বি আইৰ ৱেবছাইট অনুসৰি এছ বি আই বি এছ বি ডি একাউণ্টৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে সকলো এছ বি আই শাখাতে উপলব্ধতা, নূন্যতম গড় বেলেঞ্চ (এম এ বি) বা নূন্যতম বেলেঞ্চৰ প্ৰয়োজনীয়তা, আৰু একাউণ্টৰ বেলেঞ্চৰ কোনো উচ্চ সীমা নাই। যোগ্য একাউণ্টধাৰীয়ে প্ৰতি বছৰে বিনামূলীয়াকৈ ২৫ পাতৰ চেক বুকও লাভ কৰে।
ইয়াৰ উপৰিও গ্ৰাহকে YONO আৰু ইণ্টাৰনেট বেংকিঙৰ দৰে ডিজিটেল বেংকিং সেৱা লাভ কৰিব পাৰে, আৰু যোগ্য গ্ৰাহকে মৌলিক RuPay ডেবিট কাৰ্ডো লাভ কৰে। মাহিলী জমা ধনৰ কোনো সীমা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















