চলচ্চিত্ৰ জগতৰ অন্যতম ব্যস্ত অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম হৈছে প্ৰিয়ংকা চোপ্ৰা। বলীউডৰ লগতে হলিউডৰ ছবিতো তেওঁ নিয়মীয়াকৈ কাম কৰি আহিছে। OTT প্লেটফৰ্মতো তেওঁক বিভিন্ন প্ৰকল্পত দেখা গৈছে। বৰ্তমান এছ এছ ৰাজামৌলীৰ বহু চৰ্চিত পেন-ইণ্ডিয়া ছবি ‘বাৰাণসী’ৰ বাবে তেওঁ চৰ্চাত আছে। এই ছবিখনত মহেশ বাবুৰ সৈতে প্ৰিয়ংকা চোপ্ৰাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
ইয়াৰ মাজতে প্ৰিয়ংকাৰ আন এখন হলীউড ছবিক লৈ নতুন খবৰ পোহৰলৈ আহিছে। ছবিখনৰ নাম ‘ৰিছেট’ (Reset)। মেট স্মাক্লাৰে পৰিচালনা কৰা এই ছবিখন এখন ছাৰ্ভাইভেল থ্ৰিলাৰ। অৰ্থাৎ ছবিখনৰ কাহিনী বিপদজনক পৰিস্থিতিত জীৱন ৰক্ষা কৰাৰ সংগ্ৰামক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। প্ৰথমে এই ছবিখনত প্ৰিয়ংকা চোপ্ৰাৰ বিপৰীতে মুখ্য পুৰুষ চৰিত্ৰত অভিনয় কৰিবলৈ হলীউডৰ জনপ্ৰিয় অভিনেতা অৰলেণ্ডো ব্লুমক নিৰ্বাচন কৰা হৈছিল। ‘দ্য লৰ্ড অব দ্য ৰিংছ’, ‘ট্ৰয়’ আৰু ‘কিংডম অব হেভেন’ৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰি বিশ্বজুৰি পৰিচিত অৰ্লেণ্ডো ব্লুমে এতিয়া এই প্ৰকল্পৰ পৰা আঁতৰি গৈছে। ইয়াৰ পিছতে প্ৰিয়ংকাৰ অনুৰাগীয়ে অৰ্লেণ্ডোৰ বিৰুদ্ধে আনিছে প্ৰৱঞ্চনাৰ অভিযোগ।
খবৰ অনুসৰি, ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ আগতেই অৰ্লেণ্ডোৱে ‘ৰিছেট’ৰ পৰা ওলাই অহাৰ সিদ্ধান্ত লৈছে। কিন্তু তেওঁ কিয় ছবিখন এৰি দিলে, সেই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট কাৰণ প্ৰকাশ কৰা হোৱা নাই। অৰলেণ্ডোৰ প্ৰস্থানৰ পিছত এতিয়া নিৰ্মাতাসকলে তেওঁৰ ঠাইত নতুন অভিনেতা বিচাৰি আছে। প্ৰিয়ংকা চোপ্ৰা আৰু অৰ্লেণ্ডো ব্লুমক এই ছবিখনৰ বাবে উপযুক্ত যুটি হিচাপে গণ্য কৰা হৈছিল। সেইবাবেই দুয়োকে ছবিখনৰ মুখ্য চৰিত্ৰত নিৰ্বাচন কৰা হৈছিল। এতিয়া অৰ্লেণ্ডো আঁতৰি যোৱাৰ পিছত নিৰ্মাতাসকলে নতুন মুখ্য অভিনেতাৰ বাবে তিনিজন অভিনেতাৰ নাম বিবেচনা কৰি থকাৰ খবৰ পোৱা গৈছে। অৱশ্যে এতিয়ালৈকে কোনো নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।
ইফালে, প্ৰিয়ংকা চোপ্ৰাই অতীততো কেইবাখনো বলীউড ছবি এৰি দিছিল। ইয়াৰ ভিতৰত ৰণবীৰ সিং অভিনীত ‘ডন ৩’ ছবিখনো আছে। তদুপৰি ২০১৯ চনত মুক্তি পোৱা ছলমান খানৰ ‘ভাৰত’ ছবিখনতো প্ৰথমে প্ৰিয়ংকাক লোৱা হৈছিল। কিন্তু পিছত তেওঁ ছবিখনৰ পৰা আঁতৰি যায় আৰু তেওঁৰ ঠাইত কেটৰিনা কাইফে অভিনয় কৰে। এতিয়া প্ৰিয়ংকাৰ হাতত আছে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় প্ৰকল্প। বিশেষকৈ ‘বাৰাণসী’ক লৈ দৰ্শকৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। আনহাতে, ‘ৰিছেট’ ছবিখনত অৰলেণ্ডো ব্লুমৰ ঠাইত কোনে অভিনয় কৰিব, সেইটোও এতিয়া হলীউডৰ অনুৰাগীৰ বাবে অপেক্ষাৰ বিষয় হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















