ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ ডাক বিভাগে গ্ৰামীন ডাক সেৱক (GDS) নিযুক্তি ২০২৬ৰ বাবে অধিসূচনা প্ৰকাশ কৰিছে। ইয়াৰ অধীনত সমগ্ৰ দেশৰ বিভিন্ন ডাকঘৰত শাখা ডাক সেৱক (বিপিএম), সহকাৰী শাখা ডাক সেৱক (এবিপিএম) আৰু ডাক সেৱকৰ পদত নিযুক্তি দিয়া হ’ব।
২০২৬ চনৰ ৩১ আগষ্টৰ পৰা অনলাইন এককালীন পঞ্জীয়ন আৰম্ভ হোৱাৰ বিপৰীতে ২০২৬ চনৰ ২ ছেপ্টেম্বৰৰ পৰা অনলাইন আবেদন গ্ৰহণ কৰা হ’ব। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব।
যোগ্যতা কি কি লাগিব?
- প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব।
- দশমত গণিত আৰু ইংৰাজী বিষয়ত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক।
- প্ৰাৰ্থীজনে দশম শ্ৰেণীলৈকে পদটোৰ বাবে নিৰ্ধাৰিত স্থানীয় ভাষা অধ্যয়ন কৰিব লাগিব।
- অৰুণাচল প্ৰদেশ, গোৱা, ছিকিম আৰু নাগালেণ্ডৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত স্থানীয় ভাষা সম্পৰ্কীয় বিশেষ নিয়ম প্ৰযোজ্য।
- এই ৰাজ্যসমূহত ইংৰাজী/হিন্দীৰ বাহিৰেও সংশ্লিষ্ট স্থানীয় জনজাতীয় ভাষা বা উপভাষাৰ জ্ঞানৰ প্ৰয়োজন হ’ব পাৰে।
- য’ত দশম শ্ৰেণীলৈকে স্থানীয় ভাষা শিকোৱা নহয়, তেনে ক্ষেত্ৰত নিৰ্ধাৰিত কৰ্তৃপক্ষৰ দ্বাৰা প্ৰমাণ পত্ৰৰ জৰিয়তে ভাষাৰ জ্ঞান পৰীক্ষা কৰা হ’ব।
আবেদন মাচুল কিমান হ’ব?
আবেদন মাচুল ১০০ টকা।অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), বিশেষভাৱে সক্ষম ব্যক্তি (PwD), মহিলা আৰু তৃতীয় লিংগৰ প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।
ইমান দৰমহা পাব
বিপিএম পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে ১২,০০০ টকাৰ পৰা ২৯,৩৮০ টকা TRCA লাভ কৰিব। ইফালে এবিপিএম আৰু ডাক কৰ্মচাৰীয়ে লাভ কৰিব ১০,০০০ৰ পৰা ২৪,৪৭০ টকা। এই পদসমূহত প্ৰতিদিনে নূন্যতম চাৰি ঘণ্টা আৰু সৰ্বাধিক পাঁচ ঘণ্টা কামৰ প্ৰয়োজন হয়।
প্ৰয়োজনীয় নথিপত্ৰ
- দশম শ্ৰেণীৰ মাৰ্ক শ্বীট
- পৰিচয় পত্ৰ
- জাতিগত প্ৰমাণ পত্ৰ, যদি প্ৰযোজ্য হয়
- অক্ষমতা প্ৰমাণপত্ৰ (PwBD), যদি প্ৰযোজ্য
- EWS প্ৰমাণপত্ৰ, যদি প্ৰযোজ্য
- জন্ম তাৰিখৰ প্ৰমাণ
- চৰকাৰী চিকিৎসালয় বা ঔষধৰ দোকানৰ পৰা প্ৰদান কৰা চিকিৎসাৰ প্ৰমাণ পত্ৰ
- স্থানীয় বা জনজাতীয় ভাষাৰ জ্ঞানৰ প্ৰমাণপত্ৰ, য’ত প্ৰযোজ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















