মোবাইল নোহোৱাকৈ চলাটো কঠিন। আজিকালি সকলো কাম মোবাইলৰ জড়িয়তে কৰা হয়। যদি মোবাইলৰ চাৰ্চ হঠাতে শেষ হয়, তেন্তে কি কৰিব?
আন্তঃৰাষ্ট্ৰীয় এক অধ্যয়নত কিছু আচৰিত ধৰণৰ তথ্য পোহৰলৈ আহিছে। বিশেষজ্ঞসকলৰ মতে চাৰ্জ কৰাৰ সময়ত দৈনন্দিন সৰু সৰু ভুল কেইটামান শুধৰাই দিলে আপোনাৰ ফোনটোৰ বেটাৰী বেছি দিন টিকি থাকিব পাৰে। কি নকৰিব?
ৰাতিটো চাৰ্জত থৈ দিয়া বহুতে শুই উঠাৰ আগতে ফোন প্লাগ ইন কৰি ৰাতিপুৱা অন কৰে। আজিকালি ফোনত সম্পূৰ্ণ চাৰ্জ হ’লে শক্তি খৰচ বন্ধ কৰাৰ প্ৰযুক্তি আছে যদিও দীৰ্ঘ সময় ১০০ শতাংশ চাৰ্জত ৰাখিলে বেটাৰীত অপ্ৰয়োজনীয় টান পৰে। ইয়াৰ ফলত ক্ৰমান্বয়ে বেটাৰীৰ ক্ষমতা হ্ৰাস পায়।
বিচনা বা আঠুৱাৰ তলত চাৰ্জ কৰিলে ফোনটো অলপ গৰম হোৱাটো স্বাভাৱিক ৷ কিন্তু ফোনটো আঠুৱাৰ তলত, বিচনাৰ ওপৰত বা বিচনাৰ ফাটত ৰাখিলে ভিতৰৰ গৰম বতাহ ওলাই যাব নোৱাৰে। ফলত ফোনটো অতিমাত্ৰা গৰম হৈ বেটাৰী বিস্ফোৰণৰ দৰে ভয়াৱহ বিপদৰ সৃষ্টি কৰিব পাৰে। ইয়াক সদায় সমতল আৰু মুকলি ঠাইত চাৰ্জ কৰাটো বুদ্ধিমানৰ কাম।
সস্তীয়া আৰু নকল কেবল ব্যৱহাৰ : অৰিজিনেল চাৰ্জাৰ নষ্ট হ’লে বহুতে ফুটপাথ বা অচিনাকি দোকানৰ পৰা সস্তা চাৰ্জাৰ কিনে। এই ভুৱা কেবল আৰু এডাপ্টাৰে ফোনলৈ সঠিক পৰিমাণৰ বিদ্যুৎ প্ৰেৰণ কৰিব নোৱাৰে। ফলত বেটাৰীৰ ভিতৰত গুৰুতৰ ক্ষতি হয়। গতিকে স্বীকৃতিপ্ৰাপ্ত ব্ৰেণ্ডৰ ভাল চাৰ্জাৰ ব্যৱহাৰ কৰাটো সদায় নিৰাপদ।
বিনামূলীয়া বেটাৰী চেভাৰ: এই এপ বহুতে নিজৰ চাৰ্জ বজাই ৰাখিবলৈ নিজৰ ফোনত বিভিন্ন অজ্ঞাত বেটাৰী চেভাৰ এপ ইনষ্টল কৰে। সঁচা কথা ক’বলৈ গ’লে এইবোৰে চাৰ্জ একেবাৰেই ৰাহি নকৰে, বৰঞ্চ বেকগ্ৰাউণ্ডত চলি থাকে আৰু ফোনটো আৰু লেহেমীয়া কৰে। আটাইতকৈ উত্তম উপায় হ’ল ফোনটোৰ নিজৰ পাৱাৰ চেভিং ছেটিংছ ব্যৱহাৰ কৰা।
চাৰ্জ কৰি গধুৰ খেল খেলা , ভাত খাই কোনোবাই দৌৰি ফুৰে নেকি?
একেদৰে ফোনটো চাৰ্জ হৈ থকাৰ সময়ত দীঘলীয়া ভিডিঅ’ চোৱা বা গধুৰ গেম খেলাটোও বাঞ্ছনীয় নহয়। ফলত প্ৰচেছৰ আৰু বেটাৰী দুয়োটা সোনকালে গৰম হয়। অতিৰিক্ত তাপ বেটাৰীৰ আটাইতকৈ ডাঙৰ শত্ৰু।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















