নেপাল-তিব্বতৰ ভোটেকোশী আৰু ত্ৰিশূলী নদীত অহা ভয়ংকৰ বানত এতিয়ালৈকে ৯১৯ জন লোকৰ মৃত্যু হোৱা বুলি নেপাল চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। আনহাতে, ৪,২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে নেপালৰ এখন বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষকে দেখুওৱা অসাধাৰণ বুদ্ধিমত্তা আৰু তৎপৰতাৰ বাবে প্ৰায় ১,৬০০ স্কুলীয়া শিশুৰ জীৱন ৰক্ষা পৰে। উত্তৰ-মধ্য নেপালৰ ত্ৰিশূলী উপত্যকাত অৱস্থিত ত্ৰিভুৱন ত্ৰিশূলী ছেকেণ্ডাৰী স্কুলত প্ৰায় ১,৬০০ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। ২৬ আগষ্টত বান অহাৰ সময়ত বিদ্যালয়খন খোলা আছিল। হঠাৎ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰাজেন্দ্ৰ দৱাড়ীক এজন বন্ধুৱে ফোন কৰি জনায় যে ভয়ংকৰ বান আহিছে আৰু ওপৰৰ ফালে থকা কেইবাখনো গাঁও পানীয়ে বুৰাই পেলাইছে। খবৰ পোৱাৰ লগে লগে ৰাজেন্দ্ৰই পৰিস্থিতিৰ গুৰুত্ব বুজি তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰে।
প্ৰধান শিক্ষকে প্ৰথমে জানিবলৈ চেষ্টা কৰে যে কিমানখন স্কুল বাছ ইতিমধ্যে বিদ্যালয়ত উপস্থিত হৈছে আৰু কিমানখন বাছ এতিয়াও ছাত্ৰ-ছাত্ৰী লৈ বিদ্যালয়লৈ আহি আছে। তেতিয়া তেওঁ জানিব পাৰে যে প্ৰায় ৭০০ ছাত্ৰ-ছাত্ৰী এতিয়াও খোজকাঢ়ি অথবা স্কুল বাছেৰে বিদ্যালয়লৈ আহি আছে। কোনো পলম নকৰাকৈ ৰাজেন্দ্ৰই সকলো স্কুল বাছৰ চালকক ফোন কৰি বাছসমূহ বিদ্যালয়লৈ নানিবলৈ নিৰ্দেশ দিয়ে। বিদ্যালয়খন নদীৰ পৰা প্ৰায় ২০০ ফুট উচ্চতাত অৱস্থিত আছিল। ইয়াৰ মাজতে কেইগৰাকীমান অভিভাৱকে প্ৰধান শিক্ষকজনক ফোন কৰি জনায় যে বানপানী বিদ্যালয়ৰ দিশে অতি দ্ৰুতগতিত আগবাঢ়িছে। বিদ্যালয়ৰ দিশে আহি থকা এখন বাছকো ৰাজেন্দ্ৰই তৎক্ষণাৎ উভতি যাবলৈ নিৰ্দেশ দিয়ে। বাছখনে ঘূৰি বিদ্যালয়ৰ সন্মুখৰ দলংখন পাৰ হোৱাৰ অলপ পাছতে ভয়ংকৰ দৃশ্য সংঘটিত হয়। চকুৰ সন্মুখতে বানৰ প্ৰবল সোঁতে দলংখন উটুৱাই নিয়ে। এই দৃশ্য দেখি বিদ্যালয়খনত আতংকৰ সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ লাগে।
পৰিস্থিতি বুজি শিক্ষকগৰাকীয়ে সকলো শিক্ষকক ছাত্ৰ-ছাত্ৰীসকলক লৈ ওচৰৰ পাহাৰৰ অধিক ওখ স্থানলৈ যাবলৈ নিৰ্দেশ দিয়ে। শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক লৈ তৎক্ষণাৎ খোজকাঢ়ি পাহাৰৰ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে। সকলো ছাত্ৰ-ছাত্ৰীক নিৰাপদ স্থানলৈ পঠিওৱাৰ পাছত প্ৰধান শিক্ষকজনে বিদ্যালয়খনত কোনো লোক থাকি গ’ল নেকি সেয়া পুনৰ পৰীক্ষা কৰে। তাৰ পাছত তেওঁ নিজেও পাহাৰৰ ওপৰলৈ যায়। সেই সময়ত বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসহ মুঠ ১,৬৪৩ গৰাকীকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কেৱল ছেণ্টোছ পৰিয়াৰ নামৰ এজন শিক্ষক দুৰ্ভাগ্যজনকভাৱে বানৰ সোঁতত উটি গৈ মৃত্যুমুখত পৰে।
প্ৰধান শিক্ষক ৰাজেন্দ্ৰ দৱাড়ীয়ে জানিবলৈ দিয়া মতে, তেওঁলোক নিৰাপদ ওখ স্থানত উপস্থিত হোৱাৰ মাত্ৰ প্ৰায় ৩০ ছেকেণ্ডৰ পাছতে বিদ্যালয়খন সম্পূৰ্ণৰূপে ভাঙি পৰে। পাছত সকলো ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ অভিভাৱকৰ ওচৰলৈ পঠিয়াই দিয়া হয়। কিন্তু ভয়ংকৰ বানত বিদ্যালয়খন সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে সংযোগী দলংখনো ভাঙি যোৱাৰ বাবে বৰ্তমান বিদ্যালয়খনত পাঠদান চলোৱা সম্ভৱ নহয় বুলি প্ৰধান শিক্ষকজনে জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















