এটা যুগৰ পৰিসমাপ্তি! দুভৰিৰে জগত জিনা আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ লিঅ’নেল মেছিয়ে অৱসৰৰ কথা ঘোষণা কৰিলে । মেছিৰ যাত্ৰা আছিল এটা প্ৰজন্মৰ বাবে আৱেগ। ২১ বছৰৰ বৰ্ণিল যাত্ৰাৰ অন্তত আর্জেণ্টিনাৰ জাৰ্ছি খুলিলে ফুটবলৰ ভগৱানে। নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত ফিফা বিশ্বকাপৰ ফাইনেলত স্পেইনৰ হাতত ১-০ গ’লত পৰাজয়ৰ প্ৰায় ছয় সপ্তাহ পাছতেই আহিল মেছিৰ এই বিদায়ৰ ঘোষণা। কেৰিয়াৰৰ আৰম্ভণিতে কেইবাখনো ফাইনেলত পৰাস্ত হোৱাৰ পিছত মেছিয়ে কেৰিয়াৰৰ অন্তিম পৰ্যায়ত আৰ্জেণ্টিনাক চাৰিটা ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰফীলৈ লৈ যায়।
২০২১ চনত লিয়নেল মেছিয়ে নিজৰ অধিনায়কত্বৰ অধীনত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ট্ৰফী লাভ কৰিছিল কোপা আমেৰিকা। ফাইনেলত আৰ্জেণ্টিনাই তীব্ৰ প্ৰতিদ্বন্দ্বী ব্ৰাজিলক ১-০ গ’লত পৰাস্ত কৰিছিল। মেছিৰ অধিনায়কত্বৰ লগে লগে দলটোৱে খিতাপ জয়ৰ বাবে ২৮ বছৰীয়া অপেক্ষাৰ অন্ত পেলায়। ইয়াৰ পূৰ্বে ১৯৯৩ চনত তেওঁলোকে খিতাপ দখল কৰিছিল।
২০২২ চনত লিয়নেল মেছিৰ অধিনায়কত্বত আৰ্জেণ্টিনাই ফাইনেলিছিমা ২০২২ত জয়লাভ কৰে।লণ্ডনৰ ঐতিহাসিক ৱেম্বলী ষ্টেডিয়ামত দক্ষিণ আমেৰিকাৰ চেম্পিয়ন আৰ্জেণ্টিনাই ইউৰোপীয় চেম্পিয়ন ইটালীক ৩-০ গ’লত পৰাস্ত কৰি কাপ দখল কৰে। এইটো আছিল মেছিৰ দ্বিতীয়টো ডাঙৰ খিতাপ।
তাৰ পিছত ফুটবলৰ সৰ্ববৃহৎ প্ৰতিযোগিতাত মেছিয়ে ৩৬ বছৰৰ পাছত আৰ্জেণ্টিনাক বিশ্ব চেম্পিয়নলৈ লৈ যায়। ফ্ৰান্সৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটত ঐতিহাসিক জয়লাভ কৰি তেওঁ নিজৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ সপোনটো অৰ্জন কৰে: ফিফা বিশ্বকাপ ২০২২ জয় কৰা।
কোপা আমেৰিকা ২০২৪ৰ খিতাপটো লিয়নেল মেছিৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় ট্ৰফী হিচাপে প্ৰমাণিত হয়। মিয়ামিৰ হাৰ্ড ৰক ষ্টেডিয়ামত ফাইনেলত কলম্বিয়াক ১-০ গ’লত পৰাস্ত কৰি আৰ্জেণ্টিনাই খিতাপ দখল কৰে। ইয়াৰ লগে লগে আৰ্জেণ্টিনাই একেৰাহে দ্বিতীয়বাৰৰ বাবে কোপা আমেৰিকাত জয়লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















