মুখৰ পৰা দুৰ্গন্ধ ওলোৱা বা Bad Breath এটা সাধাৰণ সমস্যা। বহু সময়ত মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বাবেই এই সমস্যা হয়। কিন্তু কেৱল দাঁত ব্ৰাছ নকৰাৰ বাবেই মুখৰ দুৰ্গন্ধ হয় বুলি ভাবিলে ভুল হ’ব। দাঁত আৰু মাড়িৰ সমস্যা, জিভাত বেক্টেৰিয়া জমা হোৱা, মুখ শুকাই যোৱা, ধূমপান, কিছুমান খাদ্য বা আন স্বাস্থ্যজনিত সমস্যাৰ বাবেও মুখত দুৰ্গন্ধ হ’ব পাৰে।
কাৰণ কি কি?
- তেজত চেনিৰ পৰিমাণ বেছি হ’লে ডায়েবেটিছ ৰোগ হয় যাৰ ফলত মুখৰ দুৰ্গন্ধকে ধৰি বিভিন্ন সমস্যাই দেখা দিয়ে।
- যিসকল লোকৰ পেট ভালদৰে চাফা নহয়, অৰ্থাৎ কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলেও মুখৰ দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে।
- ইয়াৰ উপৰিও অন্ত্ৰৰ সমস্যা হ’লেও মুখৰ দুৰ্গন্ধৰ হ’ব পাৰে, কাৰণ পাচনতন্ত্ৰ আৰু অন্ত্ৰত উপস্থিত বেক্টেৰিয়াৰ পৰা হাইড্ৰ’জেন ছালফাইড গঠন হোৱাৰ বাবে দুৰ্গন্ধ আৰম্ভ হয়। ইয়াৰ ফলত আন বহুতো সমস্যাও হ’ব পাৰে।
- যিসকল লোকে কফি, চাহ আদি বেছিকৈ সেৱন কৰে তেওঁলোকৰ মুখৰ দুৰ্গন্ধ হ’বলৈ আৰম্ভ কৰে।
- যদি আপুনি নাক বজাই শোৱে বা এপনিয়াত ভুগিছে তেন্তে মুখৰ দুৰ্গন্ধৰ হ’ব পাৰে। আচলতে বহুলোকে নাকৰ সলনি মুখেৰে উশাহ লয় আৰু যাৰ বাবে লালটি শুকাবলৈ আৰম্ভ কৰে।
প্ৰতিকাৰ
- মুখৰ দুৰ্গন্ধ কমোৱাৰ প্ৰথম আৰু সহজ উপায় হৈছে নিয়মিত দাঁত পৰিষ্কাৰ কৰা। পুৱা আৰু নিশা শোৱাৰ আগতে প্ৰায় দুমিনিটকৈ ফ্ল’ৰাইডযুক্ত টুথপেষ্টেৰে দাঁত ব্ৰাছ কৰিব লাগে।
- মুখ শুকাই গ’লেও দুৰ্গন্ধ বৃদ্ধি পাব পাৰে। পৰ্যাপ্ত পানী খালে মুখ শুকাই যোৱাৰ সম্ভাৱনা কমে আৰু মুখৰ ভিতৰৰ খাদ্যৰ অৱশিষ্ট আঁতৰ কৰাত সহায় কৰে। সেয়ে দিনটোত নিয়মিত পানী খোৱাৰ অভ্যাস কৰক।
- পিঁয়াজ, নহৰু আদি কিছুমান খাদ্য খোৱাৰ পিছত সাময়িকভাৱে মুখত তীব্ৰ গোন্ধ হ’ব পাৰে। ধূমপান আৰু তামোল-চুপাৰী ব্যৱহাৰেও মুখৰ গোন্ধৰ লগতে দাঁত আৰু গুড়িৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।
- দাঁতত পোক লগা, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, মাড়ি ফুলা বা দাঁতৰ মাজত প্লেক জমা হোৱা আদি সমস্যাৰ বাবেও মুখত দুৰ্গন্ধ থাকিব পাৰে। এনে সমস্যা থাকিলে কেৱল মাউথৱাছ ব্যৱহাৰ কৰি সমস্যাটো ঢাকি নাৰাখি দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
- মাউথৱাছে কিছু সময়ৰ বাবে মুখৰ দুৰ্গন্ধ কমাব পাৰে যদিও ই দুৰ্গন্ধৰ মূল কাৰণ সদায় দূৰ নকৰে। সেয়ে মাউথৱাছ ব্যৱহাৰ কৰিলেই দাঁত ব্ৰাছ আৰু জিভা পৰিষ্কাৰ কৰাৰ প্ৰয়োজন নাই বুলি ভাবিব নালাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















