বলীউডৰ গ্লিটজ আৰু গ্লেমাৰৰ পৰা কিছুদিন আঁতৰি এতিয়া যেন সম্পূৰ্ণ বেলেগ ৰূপত দেখা গৈছে অভিনেতা বৰুণ ধাৱনক। মুম্বাইৰ ব্যস্ত জীৱনৰ পৰা আঁতৰি এইকেইদিন অভিনেতাগৰাকীয়ে উপভোগ কৰিছে গাঁৱলীয়া পৰিৱেশ। শেহতীয়াকৈ বৰুণে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত খেতি কৰি থকা কেইবাখনো ফটো শ্বেয়াৰ কৰিছে।

ফটোসমূহত বৰুণক বগা কাপোৰ পিন্ধি হাতত কোৰ লৈ খেতি পথাৰত কাম কৰা দেখা গৈছে। আন এখন ছবিত তেওঁক বোকাৰ মাজত ধান ৰোপণ কৰা দেখা যায়। ফটোসমূহ শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে— “খেতি আৰম্ভ হৈছে।” বৰুণৰ এই নতুন ৰূপ দেখি অনুৰাগীসকল যথেষ্ট উৎসাহিত হৈছে। তেওঁৰ কৃষকৰ এই ৰূপ আৰু স্বাভাৱিক ভংগীমাই অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

আচলতে বৰুণ ধাৱনে কিছুদিন পূৰ্বে অনুৰাগীসকলক জনাইছিল যে তেওঁ এখন ফাৰ্ম ক্ৰয় কৰিছে। অভিনেতাগৰাকীয়ে এই ফাৰ্মখনক তেওঁৰ জীৱনৰ অন্যতম ডাঙৰ কৃতিত্ব হিচাপে উল্লেখ কৰিছে। ফাৰ্মখনত সময় কটোৱাৰ এটা ভিডিঅ’তেওঁ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ভিডিঅ’টোত তেওঁ পথাৰত বহি চাহ-বিস্কুট উপভোগ কৰা দেখা গৈছিল। সেই সময়ত বৰুণে কৈছিল যে তেওঁ ফাৰ্মখন কিয় কিনিলে সেই কথা নুসুধিবলৈ, কিন্তু এই বতৰত নিজৰ ফাৰ্মত থিয় হৈ চাহ-বিস্কুট খোৱাৰ অভিজ্ঞতা সম্পূৰ্ণ বেলেগ।

অৱশ্যে বৰুণে অভিনয় এৰি খেতি আৰম্ভ কৰা নাই। খেতিৰ এই দৃশ্য তেওঁৰ ব্যক্তিগত জীৱনৰ এক নতুন আগ্ৰহ আৰু ফাৰ্মত সময় কটোৱাৰ অংশ বুলিহে ধৰা হৈছে। বলীউডৰ ব্যস্ততাৰ মাজতো প্ৰকৃতিৰ ওচৰত কিছু সময় কটাবলৈ অভিনেতাগৰাকীয়ে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে। ইফালে কৰ্মক্ষেত্ৰৰ কথা ক’বলৈ গ’লে, বৰুণ ধাৱনক শেহতীয়াকৈ ‘হায় জৱানী তোহ ইছক হোনা হ্যায়’ ছবিখনত দেখা গৈছিল। আগন্তুক সময়ত তেওঁ যশ ৰাজ ফিল্মছৰ এখন ছবিত অভিনয় কৰিব পাৰে বুলিও চৰ্চা চলিছে। অৱশ্যে ছবিখনৰ কাহিনী বা নাম সন্দৰ্ভত এতিয়ালৈকে নিৰ্মাতাসকলে কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা নাই।

গতিকে হাতত কোৰ লৈ পথাৰত বৰুণ ধাৱনক দেখা গ’লেও অনুৰাগীসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই—অভিনয় এৰি কৃষক হোৱা নাই অভিনেতাগৰাকী; বৰং ফাৰ্মৰ জীৱন উপভোগ কৰিছে বলীউডৰ এই তাৰকাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















